ETV Bharat / state

ৰাজ্যৰ ৩৬ লাখ লোকৰ বাবে ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব ক'ভিডৰ বুষ্টাৰ ড'জ

১০ জানুৱাৰীৰ পৰা ৬০ বছৰৰ উৰ্ধৰ লোক আৰু ক'ভিড যোদ্ধাসকলক ক'ভিডৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব (Assam govt guideline for covid booster dose)। ৩ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । উক্ত বয়সৰ ৰাজ্যত প্ৰায় ২০ লাখ ছাত্র-ছাত্রী তথা কিশোৰ-কিশোৰী আছে । ছাত্র-ছাত্রীসকলক বিদ্যালয়তে প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

author img

By

Published : Dec 31, 2021, 5:46 PM IST

Health minister press meet
১০ জানুৱাৰীৰ পৰা ক'ভিডৰ বুষ্টাৰ ড'জ

গুৱাহাটী,৩১ ডিচেম্বৰ : ক'ভিডৰ তৃতীয় পালি প্ৰতিষেধক তথা বুষ্টাৰ ড'জৰ বাবে সাজু হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ (Assam govt guideline for covid booster dose)। ১০ জানুৱাৰীৰ পৰা ৬০ বছৰৰ উৰ্ধৰ লোক আৰু ক'ভিড যুদ্ধৰ ক্ষেত্রত সন্মুখৰ পৰা নেতৃত্ব দিয়া যোদ্ধাসকলক ক'ভিডৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব । শুকুৰবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ গুৱাহাটীস্থ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই (Assam health minister announcement about booster dose)।

তেওঁ কয় যে ৰাজ্যত ৬০ বছৰৰ উৰ্ধৰ আৰু সন্মুখৰ পৰা নেতৃত্ব দিয়া ক'ভিড যোদ্ধা মিলি প্ৰায় ৩৬ লাখ লোক আছে । এই লোকসকলক পৰ্যায়ক্ৰমে বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব । ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯ মাহ পাছত বুষ্টাৰ ড'জ দিয়া হয় ।

সংবাদমেলত স্বাস্থ্য মন্ত্রীগৰাকীয়ে কয় যে ৩ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । ৭ দিনৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু সেই অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্তক দায়িত্ব অৰ্পণ কৰা হৈছে ।

ৰাজ্যৰ ৩৬ লাখ লোকৰ বাবে ১০ জানুৱাৰীৰ পৰা ক'ভিডৰ বুষ্টাৰ ড'জ

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে যাতে ছাত্ৰী-ছাত্ৰীসকলে প্ৰতিষেধকৰ দুটা ড'জ লৈ পৰীক্ষাত বহিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে ছাত্র-ছাত্রীসকলক কোভাক্সিন প্ৰদান কৰা হ'ব । যাতে প্ৰথম পালি লৈ ২৯ দিন পাছত দ্বিতীয় পালি ল'ব পাৰে । ১৫ বছৰৰ পৰা ১৮ বছৰলৈ ৰাজ্যত প্ৰায় ২০ লাখ ছাত্র-ছাত্রী তথা কিশোৰ-কিশোৰী আছে ।

স্বাস্থ্যমন্ত্রীগৰ‍কীয়ে কয় যে ছাত্র-ছাত্রীসকলক বিদ্যালয়তে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । তদুপৰি প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰটো ইয়াৰ বাবে একোটা পৃথক কাউণ্টাৰ থাকিব । য'ত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।

সংবাদমেলত স্বাস্থ্য মন্ত্রীগৰাকীয়ে কয় যে, এতিয়ালৈ ৰাজ্যত ৩ কোটি ৭৫ লাখ লোকক প্ৰতিষেধক দিয়া হৈছে । ইয়াৰে ২ কোটি ১৭ লাখ লোকে প্ৰথম পালি আৰু ১ কোটি ৫৮ লাখ লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :First Tea Museum in Northeast : ড'নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিবে পৰিদৰ্শন কৰিলে স্থাপন হ'ব লগা চাহ সংগ্ৰাহালয় কেন্দ্ৰৰ স্থান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.