গুৱাহাটী,১৫ এপ্ৰিল: ২ মে'ত দিছপুৰত বহিব নতুন চৰকাৰ । পাঁচ বছৰৰ বাবে শাসনৰ বাঘজৰী বিজেপি মিত্ৰজোট কিম্বা কংগ্ৰেছৰ মহাজোঁট যাৰ হাতলৈকে নাযাওক কিয়, শাসনত বহিবলগীয়া নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছতে ৰাজ্যিক কৰ্মচাৰীৰ তীব্ৰ ক্ষোভৰ মুখামুখি হ'ব লাগিব । কিয়নো বিদায় ল'বলৈ ওলোৱা চৰকাৰখনৰ ওচৰত যোৱা সময়চোৱাত ৰাজ্যিক কৰ্মচাৰীসকলে বিভিন্ন দাবী উত্থাপন কৰি আহিছিল আৰু অতি ৰাজনৈতিক চতুৰালিৰে চৰকাৰখনে এনে দাবীসমূহ অগ্ৰাহ্য কৰি আহিছিল ।
প্ৰাপ্ত খবৰ অনুসৰি ২১ এপ্ৰিলত অনুষ্ঠিত হ'ব সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । সেই বৈঠকতে ৰাজ্যিক কৰ্মচাৰীসকলে আগন্তুক সময়ত কেনে ধৰণৰ আন্দোলনৰ কাৰ্যসূচীৰে নিজৰ প্ৰাপ্য আদায়ৰ বাবে যুঁজ দিব তাৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব ।
মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যিক কৰ্মচাৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে একাধিকবাৰ আলোচনাত মিলিত হৈছিল সদৌ অসম কৰ্মচাৰী পৰিষদ । সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল চৰকাৰৰ ফালৰ পৰা । কিন্তু আজিকোপতি এটাও সমস্যা সমাধান নহ'ল ।
উদাহৰণস্বৰূপে শিক্ষকসকলৰ ৩০ দিনৰ আৰ্জিত ছুটিৰ দাবী আজিও চৰকাৰে মানি নল’লে । ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিনামূলীয়া চিকিৎসাৰ দীৰ্ঘদিনীয়া দাবী এতিয়াও কাৰ্যকৰী নকৰিলে চৰকাৰে । দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীয়ে লাভ কৰা ফিক্সড টি এ এতিয়াও অনাদায় হৈ থাকিল । ষষ্ঠ দৰমহা আয়োগৰ সংশোধিত দৰমহাৰ ২১ মাহৰ বকেয়া আদায় দিয়াৰ দাবী ৰাজ্য চৰকাৰখনে মানি নল'লে । এনে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে পুনৰ নতুন চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে ।
লগতে পঢ়ক: বাক্সাৰ দিঘেলীত বিষহৰী পূজা সম্পন্ন