ETV Bharat / state

Bodoland University: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ - Bodoland University

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়মৰ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডুৱে বিশ্ববিদ্যালয়খনত বিভিন্ন অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আছে ৷

Bodoland University
Bodoland University
author img

By

Published : Jul 27, 2023, 3:29 PM IST

গুৱাহাটী, 27 জুলাই: ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়মৰ তদন্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংঘটিত কেতবোৰ অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ আচার্য ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই যোৱা বুধবাৰে এখন উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠন কৰি দিছে ৷

Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ

উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন ছামালক অধ্যক্ষ, আই আই টি, গুৱাহাটীৰ অধ্যাপক ড৹ এছ কে দেৱ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত বিষয়া ড৹ বি বি মিশ্ৰক সদস্য হিচাবে লৈ গঠিত তদন্ত কমিটীখনে অহা এমাহৰ ভিতৰত সমগ্ৰ বিত্তীয় অনিয়মৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব ।

উল্লেখ্য যে বিগত সময়ছোৱাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন অনিয়ম, দুৰ্নীতি, কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । বড়োলেণ্ড বিশ্ববিদ্যালয়খনৰ কেৱল দুৰ্নীতি-অনিয়মৰ তদন্তই নহয়, বৰং বিশ্ববিদ্যালয়ৰ ভিতৰুৱা সকলো কথাই চৰকাৰী তদন্তৰ জৰিয়তে পোহৰলৈ অনাৰ বাবে বিভিন্ন দল সংগঠনেই দাবীও উত্থাপন কৰি আহিছিল ।

বিশ্ববিদ্যালয়খনত অতিথি অধ্যাপক আৰু পদ নিয়মীয়াকৰণ সন্দৰ্ভত বিভিন্ন বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । বিশ্ববিদ্যালয়খনৰ সহযোগী অধ্যাপকৰ পৰা সহকাৰী অধ্যাপকৰ পদলৈ অৱনমিত কৰাৰ ক্ষেত্ৰতো বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে ।

বিশ্ববিদ্যালয়খনত অতিথি অধ্যাপকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত স্বজন-তোষণ কৰা বুলিও বিভিন্ন দল সংগঠনে দাবী কৰি আহিছে । উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয় এতিয়ালৈ ১২ বি ষ্টেটাচ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

স্মৰ্তব্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত ২০২২ চনৰ ৩ আগষ্টতে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই নিৰ্মাণকাৰ্য আৰু নিযুক্তি সম্পৰ্কীয় নখনকৈ গুৰুত্বপূৰ্ণ ফাইল জব্দ লগত লৈ যায় ৷

ইয়াৰ পিচৰ পৰ্যায়ত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয় ৷ কিন্তু চতুৰ উপাচাৰ্য সিঙে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লৈ কাম-চলাই থাকে ৷ গ্ৰেপ্তাৰ আৰু জামিন লোৱাৰ বিষয়টো উপচাৰ্যগৰাকীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্যান্য কৰ্তৃপক্ষৰ পৰা গোপনে ৰাখি বিভাগীয় কাম কাজ চলাই আহিছিল ৷

লগতে পঢ়ক: ABSU PROTEST: বড়োলেণ্ড বিঃবিঃৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.