ETV Bharat / state

Look back 2022: ১.৩০ লাখ কোটি ধাৰৰ বোজা মূৰত লৈ 2023 ক আদৰিব অসম চৰকাৰে - Economic condition of Assam

বিশ্বজুৰি চলিছে নৱবৰ্ষ 2023 ক আদৰাৰ প্ৰস্তুতি (World ready to welcome new year 2023) ৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয় ৷ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা থৰক-বৰক হ’লেও নৱবৰ্ষক আদৰিবলৈ ৰাইজ সাজু ৷ নৱবৰ্ষৰ প্ৰাক ক্ষণত অসমৰ ৰাইজৰ মূৰত 1.30 লাখ কোটি টকাৰ ধাৰৰ বোজা (Assam govt in debt)৷

Assam govt in debt
Look back 2022
author img

By

Published : Dec 29, 2022, 1:31 PM IST

গুৱাহাটী, 29 ডিচেম্বৰ: পুৰণি বছৰ বাগৰি নতুন বছৰ সোমাবৰ হ’ল ৷ ধাৰৰ মেত মৰা বোজা মূৰত লৈ নতুন বছৰক আদৰিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ খোদ ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে প্ৰদান কৰা তথ্যত প্ৰকাশ পাইছে ৰাজ্যৰ আৰ্থিক দুৰাৱস্থাৰ পুতৌলগা ছবিখন (Assam govt in debt) ৷ ৰাজ্যৰ জুৰুলা বিত্তীয় অৱস্থাৰ মাজেৰে ২০২২ বৰ্ষটোক বিদায় দি আদৰা হ'ব ২০২৩ বৰ্ষক । ১.৩০ লাখ কোটিৰো অধিক ঋণৰ বোজাৰে নতুন বছৰটোক আদৰণী জনোৱা হ'ব ।

ঋণৰ ওপৰত ঋণ লোৱাত অলপো কৃপণালি নকৰা অসম চৰকাৰে কিন্তু জিলাই জিলাই হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নৰ চমক লগা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি গৈছে চলিত বৰ্ষটোত । লক্ষণীয় বিষয় যে ১.৩০ লাখ কোটি টকাৰ ধাৰত পোত যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা হিচাপে মুঠ ১১ খন জিলাক সামৰি ৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ ‘‘বিকাশৰ বাবে এটা পষেক’’ কাৰ্যসূচীৰ অধীনত মুঠ ১৫ হাজাৰ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্প গ্ৰহণ কৰে । সমান্তৰালকৈ ৰূপায়ণ কৰি আহিছে হিতাধিকাৰীমূলক আঁচনি (Beneficiary scheme of Assam govt) ।

অৰুণোদয় ২.০ আঁচনিয়ে নতুনকৈ সামৰি লৈছে ১০.৫৪ লাখ হিতাধিকাৰীক (Assam govt Orunodoi scheme)। ইয়াৰ লগে লগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে ২৭ লাখলৈ । অৰুণোদয় ২.০ ৰ হিতাধিকাৰীয়ে প্ৰতি মাহে লাভ কৰিব ১২৫০ টকাকৈ । এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে বাৰ্ষিক ব্যয় কৰিব ৪ হাজাৰ ১৪২ কোটি টকা । ইফালে 'বিকাশৰ বাবে এটা পষেক'ৰ দ্বিতীয় পৰ্যায়ৰ কৰ্মসূচী ৰাজ্য চৰকাৰে জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰিব । ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ তথা উন্নয়নমূলক কাম-কাজে স্বাভাৱিকতে ৰাইজৰ মাজত আনন্দৰ জোৱাৰ সৃষ্টি কৰিছে ।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই উন্নয়নমূলক কৰ্মসূচীয়ে যিদৰে সৰ্বসাধাৰণক আনন্দিত কৰিছে ঠিক তেনেদৰেই ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই কৰ্মসূচীক লৈ চিন্তিতও হৈ পৰিছে সচেতন মহল । বিকাশৰ এটা পষেকৰ প্ৰথম পৰ্যায়ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১৫ হাজাৰ কোটি টকা । ১১ খন জিলাত এই ধন ব্যয় কৰিব চৰকাৰে ।

দ্বিতীয় পৰ্যায়ত অনুৰূপ ধৰণে ধন ব্যয় কৰি বাকী থকা জিলা কেইখনক সামৰি ল'ব । এইখিনিতে প্ৰশ্ন হয় যে, ইয়াৰ বাবে টকা আহিব ক'ৰ পৰা আহিব । এই বিষয়ে কোনো স্পষ্ট কথা ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নাই । ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই ধনক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে ।

শেহতীয়াকৈ নীতি আয়োগে প্ৰকাশ কৰা প্ৰতিবেদনত অসমৰ অৰ্থনৈতিক দুৰাৱস্থাৰ কথা স্পষ্ট হৈছে । দেশৰ দুখীয়া ৰাজ্যৰ তালিকাত অসম আছে পঞ্চম স্থানত । অসমৰ অৰ্থনৈতিক অৱস্থা (Economic condition of Assam) আজিৰ তাৰিখত কিমান শক্তিশালী নীতি আয়োগৰ প্ৰতিবদনতে স্পষ্ট হৈছে ।

এই পৰ্যন্ত অসম চৰকাৰে ১ লাখ ৩০ কোটিৰো অধিক ঋণৰ বোজা বহন কৰি আছে । সুদৰ নামতেই প্ৰতি মাহে অসম চৰকাৰে ৮ হাজাৰ কোটিৰো অধিক ধন আদায় দিবলগীয়া হৈছে । ধনৰ অভাৱৰ বাবেই লোক নিৰ্মাণ, জলসিঞ্চন আদি বিভাগৰ ঠিকাদাৰে লাভ কৰা নাই ধন পাবলগীয়া ধন । শিক্ষা বিভাগেও আৰ্থিক জুৰুলা অৱস্থাৰ কথা স্বীকাৰ কৰিছে ।

বিভাগে শেহতীয়াকৈ ৮০০০ শিক্ষকৰ পদ নোহোৱা কৰিলে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে বিকাশৰ বাবে এটা পষেক কৰ্মসূচীৰ জৰিয়তে যি উন্নয়নমূলক প্ৰকল্পৰ কাম হাতত লৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । চৰ্চা চলিছে কেৱল চমক সৃষ্টিৰ বাবেই এই পদক্ষেপ লৈছে নেকি ।

আনহাতে, সন্মুখত আছে লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈকে এনেদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এনে চমক লগা পদক্ষেপ । ঋণৰ বোজাত ডুবি থকা ৰাজ্য চৰকাৰে এই উন্নয়নমূলক প্ৰকল্পৰ বাবেই আৰু অধিক ঋণ লৈ ৰাজ্যবাসীক নিত্য নতুন কৰৰ বোজা জাপি দিব নেকি তাক লৈও চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ । কাৰণ ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্ৰত ৰাজ্যবাসীৰ ওপৰত কৰৰ অসহনীয় বোজা জাপি দিছে ।

ইয়াতে প্ৰশ্ন উত্থাপন হৈছে যে গ্ৰহণ কৰা বিভিন্ন অভিলাষী প্ৰকল্প ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে বিক্ৰী কৰিব নেকি সম্পত্তি । ইতিমধ্যে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ ভাঙি-ছিঙি কেজিৰ হিচাপত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । পৰিচালনাৰ অসুবিধা আৰু লোকচানৰ কথা দোহাৰি বিক্ৰী কৰিছে অসম চাহ নিগমৰ অধীনৰ চাহ বাগান । এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়াই পোৱা নাযাব । অৱশ্যে কিছু দিন অপেক্ষা কৰিলেই এই সকলো কথা স্পষ্ট হ'ব ।

বিধানসভাৰ শীতকালীন অধিবেশনত বিত্তমন্ত্ৰীয়ে দিয়া খতিয়ান :

বিধানসভাৰ শীতকালীন অধিবেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাঙি ধৰা তথ্য মতে ২০২০-২১ বিত্তীয় বৰ্ষত অসমৰ মুঠ ধাৰ আছিল ৮২৭৪১.০৭ কোটি টকা । পৰৱৰ্তী ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰে বিভিন্ন উৎস যেনে, বজাৰ ঋণ, নাবার্ড ঋণ, কেন্দ্রীয় ঋণ, মূলধনী ব্যয়ৰ বিশেষ সাহায্য আঁচনিৰ ঋণ আৰু ৰাজ্যিক ভৱিষ্য নিধি আদিৰ পৰা সৰ্বমুঠ ১৭১৪৮.৪১ কোটি টকা ঋণ গ্ৰহণ কৰে ।

ইপিনে বিভিন্ন উৎসৰ পৰা চৰকাৰে গ্ৰহণ কৰা ৰাজহুৱা ঋণৰ পৰিমাণ বছৰি বৃদ্ধি হৈ আছে । বিধানসভাৰ শীতকালীন অধিবেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাঙি ধৰা তথ্য মতে ৰাজহুৱা ঋণৰ পৰিমাণ ২০১৭-১৮ চনত ৮৪৪৭.০৪ কোটি টকা আছিল । এই সংখ্যা প্ৰতিবছৰে বৃদ্ধি হৈ আহিছে । ৰাজহুৱা ঋণৰ পৰিমাণ ২০২১-২২ চনত ১৪৮৯৬.২৮ কোটি টকা আছিল । ৰাজহুৱা ঋণৰ পৰিমাণ ২০২২-২৩ চনত ১৯৩৫৩.৫৯ কোটি টকা হয় গৈ ।

আনহাতে চৰকাৰে ঋণ লোৱাৰ বাবদ প্ৰতিবছৰে দিবলগীয়া সুতৰ পৰিমাণ বৃদ্ধি হৈ আহিছে । তথ্য মতে ২০১৭-১৮ চনত দিবলগীয়া সুতৰ পৰিমাণ আছিল ২৪৮১.১৯ কোটি টকা । এই সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাই আছে । ২০২১-২২ চনত দিবলগীয়া সুতৰ পৰিমাণ আছিল ৫১৬২.৫০ কোটি টকা ।একেদৰে ২০২২-২৩ চনত দিবলগীয়া সুতৰ পৰিমাণ ৬১৬৬.৬০ কোটি টকা ।

ইয়াৰ পৰা দেখা যায় যে, চৰকাৰখনৰ ঋণ আৰু সুতৰ বোজা বৃদ্ধি হৈ আছে । তাৰ পিছতো চৰকাৰখনে ঋণ ল'বলৈ এৰা নাই । ধাৰত পোত গৈ থকা চৰকাৰখনে চমক সৃষ্টিৰ বাবে সৰু সৰু চৰকাৰী অনুষ্ঠান যেনে ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ, নিয়োগ পত্ৰ বিতৰণৰ অনুষ্ঠান আদি আড়ম্বৰভাৱে পতাৰ নামত কোটি কোটি টকা খৰছ কৰি আহিছে । কিন্তু অন্য গুৰুত্বপূৰ্ণ কাম যেনে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নামত ধন খৰচ কৰাত কৃপণলি প্ৰদৰ্শন কৰি আহিছে ।

বিগত পঞ্চায়ত নিৰ্বাচনৰ পৰা বৰ্তমানলৈকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অসমৰ জিলা পৰিষদসমূহক বিভিন্ন শিতানৰ অধীনত মোকলাই দিয়া পুজিৰ পৰিমাণ হ্ৰাস কৰি অনা দেখা গৈছে । এই তথ্য শেহতীয়া বিধানসভাৰ শীতকালীন অধিবেশনত খোদ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দাঙি ধৰা তথ্যত প্ৰকাশ পাইছে ।

তথ্য মতে অসমৰ জিলা পৰিষদসমূহক ২০২১-২২ চনত ষষ্ঠ ৰাজ্যিক বিত্তীয় আয়োগৰ শিতানৰ অধীনত ২.৩১ কোটি টকা মোকলাই দিয়াৰ বিপৰীতে এই শিতানৰ অধীনত ২০২২-২৩ চনত এটকাও মোকলাই দিয়া নাই । আকৌ ২০২১-২২ চনত পঞ্চদশ বিত্তীয় আয়োগৰ শিতানত অধীনত ১৪৪.৫৯ কোটি মোকলাই দিয়াৰ বিপৰীতে এই শিতানত ২০২২-২৩ চনত মাত্ৰ ৭২.৯৪ কোটি টকা মোকলাই দিছে । আনহাতে ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ শিতানৰ অধীনত ২০২১-২২ চনত ১৫.৪০ কোটি টকা মোকলাই দিয়াৰ বিপৰীতে এই শিতানৰ অধীনত ২০২২- ২০২৩ চনত ১৪.৬৬ কোটি টকা মোকলাই দিছে ।

ধাৰত ডুবিছে অসম চৰকাৰ:

উল্লেখ্য যে, বিত্তীয় সংকটৰ জোৰা মৰাৰ বাবে প্ৰতি মাহেই ঋণ ল’বলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন । এফালে জি এছ টি সংগ্ৰহৰ পৰিমাণ হ্ৰাস পাইছে আৰু আনফালে আকৌ কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে প্ৰদান কৰা জি এছ টিৰ ক্ষতিপূৰণৰ ধনো বন্ধ কৰিছে । এনে পৰিস্থিতিত প্ৰতি মাহেই বৃহৎ অংকৰ ঋণ ল’বলগীয়া হোৱা ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ ১৩ ডিচেম্বৰত ৮০০ কোটি টকা ঋণ লয় । ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুষ্ঠিত কৰা ৰাজ্য চৰকাৰৰ ছিকিউৰিটীৰ নিলামত অসম চৰকাৰে বছৰি ৭.৫৭ শতাংশ সুদত দহ বছৰীয়া বণ্ড জাৰি কৰি ৮০০ কোটি টকা ঋণ লয় ।

মন কৰিবলগীয়া কথা যে, বিগত সময়ছোৱাতো ৰাজ্য চৰকাৰখনে একেই পদ্ধতিৰে ঋণ লৈ আহিছে । তথ্য মতে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বিগত ছটা মাহত (জুন-নৱেম্বৰ) ৰাজ্য চৰকাৰে ১২,০০০ কোটি টকাৰ ঋণ লৈছে । নৱেম্বৰ মাহটোতে ২৪০০ কোটি টকাৰ ঋণ লৈছিল । ২১ জুনৰ পৰা ২৯ নৱেম্বৰলৈ ৰাজ্যিক উন্নয়ন ঋণ হিচাপে চাৰি হাজাৰ কোটি টকা আৰু বণ্ড (গৱৰ্ণমেন্ট ছিকিউৰিটী) জাৰি কৰি আঠ হাজাৰ কোটি টকা সংগ্ৰহ কৰা হৈছিল ।

যাৰ ফলত প্ৰতিমাহেই ৰাজ্যখনৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে । এই সমুদায় ঋণৰ সুদৰ হাৰ হৈছে সাতৰ পৰা আঠ শতাংশ । যাৰ ফলত সুদৰ বাবতে প্ৰতি বছৰে ৰাজ্যৰ ৰাজকোষৰ পৰা বৃহৎ অংকৰ ধন ওলাই গৈছে ।

ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষৰ অন্তত অসমৰ ধাৰৰ পৰিমাণ আছিল ১ লাখ ৭ হাজাৰ ৭২০ কোটি টকা । কিন্তু এতিয়া ধাৰৰ পৰিমাণ ১ লাখ ৩০ হাজাৰ কোটি টকাৰো অধিক হৈছে । অথচ ২০১৬ চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল প্ৰায় ৩৫ হাজাৰ কোটি টকা । তৰুণ গগৈৰ চৰকাৰৰ পাছত বিগত সময়ছোৱাত সৰ্বানন্দ সোণোৱাল চৰকাৰে আৰু এতিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অভাৱনীয়ভাৱে ঋণ লোৱা পৰিলক্ষিত হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এতিয়ালৈকে প্ৰায় ২৮ হাজাৰ কোটি টকাৰ ঋণ লোৱা হৈছে । যাৰ ফলত ৰাজ্যৰ প্ৰতিজন লোকৰ মূৰত থকা ধাৰৰ পৰিমাণ নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । ৰাজ্যৰ বিত্তীয় অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে যদিও চৰকাৰে চমকপ্ৰদ আঁচনি ঘোষণাত কিন্তু থমকি ৰোৱা নাই । নতুন বছৰটোত ৰাজ্যৰ বিত্তীয় অৱস্থা কোন দিশে গতি কৰে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Political Ups and Downs : বিদায়ী 2022ত অসমৰ ৰাজনীতিৰ পথাৰখনৰ উত্থান-পতনৰ প্ৰতিচ্ছবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.