ETV Bharat / state

Amrit Brikshya Andolan: বিশ্ব অভিলেখৰ চেষ্টা; খানাপাৰত 23 কি.মি দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী সাজু - 23 Km Long Spiral Sapling Decoration

বিশ্ব অভিলেখ গঢ়াৰ বাবে খানাপাৰত সাজু 23 কিলোমিটাৰক দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী ৷ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে অসম চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ 17 ছেপ্টেম্বৰত 1 কোটি গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰিব অসম চৰকাৰে ৷

Amrit Brikshya Andolan
Amrit Brikshya Andolan
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 4:51 PM IST

খানাপাৰত সাজু 23 কিলোমিটাৰক দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী

গুৱাহাটী, 9 ছেপ্টেম্বৰ: বিহুৰ বিশ্ব অভিলেখৰ পাছত এইবাৰ গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৷ 17 ছেপ্টেম্বৰত ৰাজ্যত সৰ্বমুঠ 1 কোটি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে অসম চৰকাৰে ৷ গছপুলিৰ জৰিয়তে 9 টা বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰিব অসম চৰকাৰে ৷

ইয়াৰ প্ৰথম পদক্ষেপ হিচাবে গুৱাহাটীত খানাপাৰাত দীঘলীয়া সৰ্পিল (Spiral) আৰ্হিত 3 লাখ 20 হাজাৰ গছপুলি সজাই দীঘৰ্তম গছপুলিৰ গীনিজ বুক অৱ বৰ্ল্ড ৰেকৰ্ড গঢ়া চেষ্টা অসম চৰকাৰৰ ৷ উল্লেখ্য যে অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাবে এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷ গুৱাহাটীৰ খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ত সজাই তোলা হৈছে গছপুলিৰ এই দীঘলীয়া শাৰী ৷ প্ৰথমবাৰৰ বাবে সৃষ্টি হ’ব এই বিশ্ব অভিলেখ ৷ সৰ্পিল আকৃতিৰ এই গছপুলিৰ দৈৰ্ঘ্য হৈছে মুঠ 23 কিলোমিটাৰ ৷

কাইলৈ অৰ্থাৎ 10 ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যত 24 ঘণ্টাৰ ভিতৰত এই গছপুলিসমূহ ৰোপণ কৰা হ’ব ৷ এয়াও হ’ব আন এটা বিশ্ব অভিলেখ ৷ দুয়োটা বিশ্ব অভিলেখৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ।

উল্লেখ্য যে অমৃত বৃক্ষ আন্দোলনৰ অভিযানত অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী , অংগনবাড়ী কৰ্মী, চাহ বাগিচাৰ কৰ্মচাৰী, শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থাৰ সদস্যৰ লগতে ব্যক্তিগত লোকে অংশগ্ৰহণ পৰ্টেলযোগে পঞ্জীয়ন কৰি অংশগ্ৰহণ কৰিছে ৷

ইফালে, অহা 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰাৰ ফটোসহ সবিশেষ Assam Amrit Brikshya Andolan প’ৰ্টেলত আপলোড কৰিব লাগিব ৷ গছপুলি ৰোপণৰ বাবদ চৰকাৰে বেংকৰ জৰিয়তে প্ৰতিজনলোকক 100 টকাকৈ আগবঢ়াব ৷ তিনিবছৰ গছপুলি ডালক ভালদৰে প্ৰতিপালন কৰাৰ পিছত গছপুলি ৰোৱা জনক 200 টকাকৈ আগবঢ়াব চৰকৰাৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণত গুৰুত্ব দিয়া হৈছে । এই গছপুলিসমূহ বন বিভাগে যোগান ধৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে অমৃত বৃক্ষ আন্দোলনৰ উদ্দেশ্য হ’ল অসমত এক বৃক্ষ অৰ্থনীতি গঢ়ি তোলা । লগতে কৃষি বনাননীকৰণত গুৰুত্ব দিয়া । মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে 2024 চনত 3 কোটি আৰু 2025 চনত 5 কোটি গছপুলি এনেদৰে ৰোপণ কৰাৰ লক্ষ্য লোৱা হৈছে ।

এই অনুষ্ঠানত উপস্থিত থাকে বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী সঞ্জয় কিষান, Guinness World Record ৰ বিষয়ববীয়াৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়া কৰ্মচাৰীসকল । এই অনুষ্ঠানত অংশ লৈ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অমৃত বৃক্ষ আন্দোলন অসমৰ মুখ্যমন্ত্ৰীৰ সপোন আছিল । অসমত বাণিজ্যিক গছসমূহ ৰোপণত বিশেষ গুৰুত্ব দিয়া হৈছে । অৰ্থনীতিৰ ক্ষেত্ৰত ভবিষ্যতে এই বৃক্ষই সহায় কৰিব ।‌

লগতে পঢ়ক: Amrit Brikshya Andolan: ৪৭ কোটি টকাৰে ১ কোটি গছপুলি ৰোপণ কৰি বিশ্ব ৰেকৰ্ডৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.