ETV Bharat / state

Letter to Droupadi Murmu : অসমৰ সীতাৰাম মুৰ্মুৱে লিখিলে দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ - দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত

দ্ৰৌপদী মুৰ্মুৰ অসম ভ্ৰমণৰ দিনটোতে এগৰাকী অসমীয়া কৃষকে ৰাষ্ট্ৰপতিগৰাকীলৈ লিখিলে পত্ৰ (Letter to Droupadi Murmu) ৷ সীতাৰাম মুৰ্মু নামৰ নগাঁৱৰ কৃষকজনে পত্ৰখনত উল্লেখ কৰিলে দীৰ্ঘদিনে সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে ৷

Letter to Droupadi Murmu
অসমৰ সীতাৰাম মুৰ্মুৱে লিখিলে দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ
author img

By

Published : Oct 13, 2022, 5:23 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰ: দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাবে ২১ জুলাই ২০২২ত দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হ’ল ৷ স্বাধীন ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি(15th president of India) হিচাবে এগৰাকী দলিত সম্প্ৰদায়ৰ তথা আদিবাসী মহিলা নিৰ্বাচিত হোৱাৰ পাছতে আশাৰ ৰেঙনি দেখা পাইছিল কিছু কিছু ক্ষেত্ৰত পিছপৰা জনজাতীয় সম্প্ৰদায়ে ৷ আশা কৰা হৈছিল যে, মুৰ্মু দেশৰ প্ৰথমগৰাকী নাগৰিক হোৱাৰ পাছত পিছপৰা লোকসকলৰ আৰ্থ সামাজিক ক্ষেত্ৰৰ কিছু উন্নতি হ’ব, অন্য জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ সমান্তৰালকৈ আগবাঢ়ি যাব অৱহেলিতসকল ৷

Letter to Droupadi Murmu
অসমৰ সীতাৰাম মুৰ্মুৱে লিখিলে দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ

বিজেপি প্ৰক্ষেপিত দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ আহিল বৃহস্পতিবাৰে (President Droupadi Murmu in Assam)৷ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ল প্ৰথমগৰাকী নাগৰিক (Droupadi Murmu Assam visit)৷ ইয়াকে লৈ স্বাভাৱিকতেই ব্যস্ত হৈ পৰা দেখা গৈছে আৰক্ষী-প্ৰশাসনৰ লগতে শাসকীয় দল ৷ সাধাৰণ ৰাইজৰ চলা-ফুৰাৰ ক্ষেত্ৰতো বিভিন্ন বাধা আৰোপ কৰিছে প্ৰশাসনে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণৰ দিনটোতেই অসমৰে এগৰাকী দৰিদ্ৰ কৃষকে কেতবোৰ ক্ষোভ উজাৰি ৰাষ্ট্ৰপতিগৰাকীলৈ লিখিলে এখন পত্ৰ ৷

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰে কৃষক সীতাৰাম মুৰ্মুৱে বহু আশাৰে ৰাষ্ট্ৰপতিগৰাকীলৈ বুলি লিখা পত্ৰখন ইতিমধ্যে চৰ্চিত হৈ পৰিছে(Letter to Droupadi Murmu) ৷ নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ দৰিদ্ৰ কৃষকসকল সন্মুখীন হৈ অহা এক গুৰুত্বপূৰ্ণ সমস্যাৰ বৰ্ণনাৰে ৰাষ্ট্ৰপতিলৈ অসমীয়া ভাষাতে পত্ৰখন লিখিছে কৃষক সীতাৰাম মুৰ্মুৱে (Assam farmer wrote letter to Droupadi Murmu) ৷ সীতাৰাম মুৰ্মুৱে পত্ৰখনত উল্লেখ কৰা অনুসৰি দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমলৈ অহাৰ বাবে সুখী অনুভৱ কৰাৰ লগতে আদৰণি জনায় কৃষকগৰাকীয়ে ।

লগতে তেওঁ পাছতে তেওঁ লিখিছে, ‘‘মই নগাঁও জিলাৰ চলচলি মৌজাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰাণ্টৰ এজন সাধাৰণ আদিবাসী কৃষক । প্ৰায় দুশ বছৰ আগতে আমাৰ উপৰিপুৰুষসকলে ঘন জংঘলৰে পৰিপূৰ্ণ গাঁৱৰে এটি অঞ্চল কষ্ট কৰি কৃষিৰ বাবে উপযোগী কৰি তুলিছিল আৰু তাতে কাৰ্বি জনগোষ্ঠী আৰু আদিবাসী কৃষকসকলে খেতি কৰি জীৱন নিৰ্বাহ কৰি আছিল ।

ৰায়তী খতিয়ানপ্ৰাপ্ত আমাৰ প্ৰায় তিনিশ বিঘা কৃষিভূমিৰ ওপৰত আজুৰ নামৰ কোম্পানী এটাৰ কুদৃষ্টি পৰিল আৰু চৰকাৰৰ আশীৰ্বাদত ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকৰ ভূমি আজুৰ পাৱাৰ কোম্পানীৰ সৌৰ শক্তি প্ৰকল্প স্থাপন বাবে প্ৰশাসনে গেৰধৰা ধাননিৰ ওপৰত এক্সকেভেটৰ , বুলড'জাৰ আদি ব্যৱহাৰ কৰি উচ্ছেদ কৰিলে, বহুজনক গ্ৰেপ্তাৰ কৰিলে তথা উক্ত স্থানত সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিলে আৰু মহিলাসহ বহুজনক পুলিচ প্ৰশাসনে নিৰ্যাতন কৰি মানৱ অধিকাৰ খৰ্ব কৰিলে ।

বৰ্তমান গাঁওবাসীৰ অৱস্থা অতি শোচনীয়, অৰ্থনৈতিক ভাৱে আমি জুৰুলা হৈ পৰিছোঁ । যিসময়ত দেশবাসীয়ে স্বাধীনতাৰ ৭৫ বছৰীয়া মহোৎসৱ উদযাপন কৰি আনন্দিত হৈ আছে সেই সময়তে আমি মিকিৰ বামুণীৰ কাৰ্বি আৰু আদিবাসী গাঁওবাসী পেটত গামোচা মাৰি কৃষিভূমিৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে । সেয়ে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াক মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি সংক্ৰান্তীয় বিষয়টোত হস্তক্ষেপ কৰি খাটিখোৱা সাধাৰণ আদিবাসী আৰু কাৰ্বি কৃষকসকলক ন্যায় প্ৰদান কৰি ভূমি অধিকাৰ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ’’।

উল্লেখ্য যে, এগৰাকী দলিত সম্প্ৰদায়ৰ মহিলাই দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰোতেই সুখী হৈ পৰিছিল আদিবাসী লোকসকল ৷ শাসকীয় দল বিজেপিয়েও ৰাষ্ট্ৰপতি নিৰ্বাচনৰ(President election 2022) প্ৰচাৰৰ বাবেই উক্ত ইচ্যুটোৱেই ব্যৱহাৰ কৰিছিল ৷ পৰৱৰ্তী সময়তে নিৰ্বাচনত জয়ী হোৱাৰ পাছত আদিবাসী লোকসকল যথেষ্ট আশাবাদী হৈ পৰে ৷

দীৰ্ঘদিনে শোষিত, বঞ্চিত হৈ অহা বুলি অভিযোগ উত্থাপিত হৈ অহা আদিবাসী লোকসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Droupadi Murmu Assam visit : গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.