গুৱাহাটী, 6 জানুৱাৰীঃ বিশ্ববাসীৰ সন্মুখত অসমক লজ্জানত কৰিলে অসম ক্ৰিকেট সংস্থাই ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা সততে কৈ অহাৰ সময়তেই চৰম অকৰ্মণ্যতা আৰু অদূৰদৰ্শীতাৰে নিজৰ স্বৰূপ উদঙালে অসম ক্ৰিকেট সংস্থাই ৷ সম্ভৱত বিশ্ব ইতিহাসতেই প্ৰথমবাৰৰ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ আৰু আইৰণ ব্যৱহাৰ কৰি পিট্চ শুকুৱাবলৈ বৃথা চেষ্টা কৰি বিশ্ববাসীৰ সন্মুখত অসমক হাঁহিয়তৰ পাত্ৰ কৰিলে অসম ক্ৰিকেট সংস্থাৰ বিষয়ববীয়া সকলে ৷


ভাৰত-শ্ৰীলংকাৰ টি-20 মেচখনত সকলো প্ৰস্তুতি সুন্দৰ আৰু পূৰ্ৱনিৰ্ধাৰিত ভাৱেই আগবাঢ়িছিল ৷ নিৰ্ধাৰিত সময়ত টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত ল'লে ভাৰতীয় দলটোৱে ৷ কিন্তু হঠাৎ নামি অহা প্ৰায় 45 মিনিট ধৰি হোৱা বৰষুণ জাকে সকলো খেলি-মেলি কৰি পেলালে ৷ ধাৰাষাৰ বৰষুণজাতক খেলপথাৰখন পানীৰে ভৰি পৰাৰ লগতে ফিল্ডৰ বেটিং-বলিঙৰ বাবে ব্যৱহাৰ হোৱা অংশত জমা হৈ পৰে ডোঙা-ডোঙা পানী ৷ ফিল্ড ঢাকিবলৈ ব্যৱহাৰ কৰা টিপাল খন ফটা হোৱাৰ বাবে পিট্চ ত পানী জমা হোৱ বুলি অভিযোগ কৰিলে দৰ্শকে ৷


ইমানলৈকে হয়তো সকলো ঠিকেই আছিল ৷ কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত পিট্চৰ পানী শুকুৱাবলৈ অসম ক্ৰিকেট সংস্থাই যি পদ্ধতি অৱলম্বন কৰিলে তাক দেখি হতভম্ব বিশ্বৰ ক্ৰিকেটপ্ৰেমী ৷ প্ৰায় 8 বজাত বৰষুণ এৰাৰ লগে-লগে খেলপথাৰ চোৱা-চিতাৰ দ্বায়িত্বত থকা বি চি চি আইৰ বিষয়াই তন্ন-তন্নকৈ পৰীক্ষা কৰিলে ফিল্ড ৷ খেলপথাৰ পৰীক্ষকে অসম ক্ৰিকেট সংস্থাক পিট্চ শুকুৱাবৰ বাবে কিছু সজুলি আনিবলৈ নিৰ্দেশ দিলে ৷ ইয়াৰ লগে-লগে বিশ্ববাসীৰ সন্মুখত অসম নাক কাটি অসম ক্ৰিকেট সংস্থাই হাতত হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ আৰু আইৰণ দি পিট্চ নমাই দিলে গ্ৰাউণ্ড ষ্টাফ ৷ আছাম ক্ৰিকেট সংস্থাৰ কাণ্ড-কাৰখানা দেখি হতভম্ব বিশ্ববাসীৰ লগতে স্বয়ং ভাৰতীয় দলো ৷


ইতিমধ্যে ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে ট্ৰল দিয়া হৈছে অসম ক্ৰিকেট সংস্থাৰ কৰ্মকাণ্ডক ৷ কেৱল ছ'চিয়েল মিডিয়াতেই নহয়, ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো প্ৰচাৰ হৈছে অসম ক্ৰিকেট সংস্থাৰ নাভূত-নাশ্ৰুত কাণ্ডৰ খবৰ ৷ এখন অন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিবলৈ লোৱাৰ আগত নিম্নতম সুবিধাখিনি যোগাৰ কৰিব নোৱাৰা এ চি এৰ বিষয়ববীয়া সকলৰ কৰ্মকাণ্ডই সকলোকে হতচকিত কৰি তুলিছে ৷

