ETV Bharat / state

Delimitation of constituencies: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগৰ বৈঠক বয়কট কংগ্ৰেছৰ

author img

By

Published : Mar 27, 2023, 6:55 PM IST

সমষ্টি পুনঃনিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে গুৱাহাটীত সকলো ৰাজনৈতিক দলৰ সৈতে আহ্বান কৰা বৈঠকত উপস্থিতিক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছে (Delimitation of constituencies) ৷ এই বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ ৷ প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগক দিয়া স্মাৰক পত্ৰৰ উত্তৰ নিদিয়াকলৈ ক্ষোভ প্ৰকাশ সভাপতি ভূপেন বৰাৰ ৷

Delimitation of constituencies
সমষ্টি পুনঃনিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগৰ বৈঠক বয়কট কংগ্ৰেছৰ

গুৱাহাটী, 27 মাৰ্চ: সমষ্টি পুনঃনিৰ্ধাৰণ বাবে দেশৰ নিৰ্বাচন আয়োগে অসমৰ 11 টা ৰাজনৈতিৰ দলৰ সৈতে আহ্বান কৰা বৈঠকত অংশগ্ৰহণ নকৰে কংগ্ৰেছে ৷ সোমাবাৰে এক সংবাদমেল সম্বোধন কৰি সমষ্টি পুনৰনিৰ্ধাৰণ আৰু দেশৰ নিৰ্বাচন আয়োগৰ অসম ভ্ৰমণ সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছে স্পষ্ট কৰিলে নিজৰ স্থিতি (Election commission meeting in Guwahati) ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা , বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া , বিধায়ক ৰকিবুল হুছেইন আৰু জ্যেষ্ঠ নেতা ৰাণা গোস্বামী উপস্থিত থাকে এই সংবাদমেলত ৷

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘ যোৱা 4 জানুৱাৰীত কংগ্ৰেছৰ সাংসদ, বিধায়কসকলৰ এটা দলে দেশৰ নিৰ্বাচন আয়োগক নতুন দিল্লীত সাক্ষাৎ কৰি সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত স্মাৰকপত্ৰ দিছিল ৷ দেশৰ নিৰ্বাচন আয়োগে ইয়াৰ লিখিত উত্তৰ দিম বুলি কৈছিল ৷ পাচত কোনো উত্তৰ নোপোৱাত পুনৰ 8 ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগক উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হ’ল ৷ কিন্তু এই পত্ৰৰ কোনো উত্তৰ নিদিলে ৷’’ যাৰবাবে নিৰ্বাচন আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছৰ (Delimitation of constituency in Assam) ৷

নিৰ্বাচন আয়োগে বৈঠকৰ জৰিয়তে প্ৰধান বিৰোধী দল কংগ্ৰেছ দলক হেয় জ্ঞান কৰিছে বুলি উল্লেখ কৰি নিৰ্বাচন আয়োগৰ এই অসম ভ্ৰমণত এক ষড়যন্ত্ৰ নিহিত আছে বুলিও অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷ কংগ্ৰেছৰ শাসনত থকা সময়ত বৰ্তমানৰ শাসকীয় দল বিজেপি আৰু অগপই শুদ্ধ এন আৰ চি প্ৰকাশ নোপোৱালৈকে সমষ্টি পুনঃনিৰ্ধাৰণৰ বিষটো বিৰোধিতা কৰিছিল বুলিও মন্তব্য কৰে ভূপেন বৰাই (APCC president Bhupen Bora) ৷

যি সময়ত কংগ্ৰেছৰ দলৰ নেতৃত্বত সৰ্বদলীয় সিদ্ধান্ত মৰ্মে অসমত সমষ্টি পুনঃনিৰ্ধাৰণৰ বিষয়টো নিৰ্বাচন আয়োগে স্থগিত ৰাখিছিল, সেই কংগ্ৰেছ দলক নিৰ্বাচন আয়োগে গুৰুত্ব নিদিয়াৰ আঁৰত এক অন্তনিৰ্হিত উদ্দেশ্য আছে বুলিও অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷

উল্লেখ্য যে, সমষ্টি পুনঃনিৰ্ধাৰণৰ বিষয়টোক লৈ ইয়াৰ আঁৰত বিজেপিৰ গোপন অভিসন্ধি সোমাই আছে বুলি অভিযোগ উত্থাপন কৰি আহিছে সকলো বিৰোধী ৰাজনৈতিক দলে (Controversy over constituency delimitation) ৷

লগতে পঢ়ক: Third degree torture: চুৰিৰ প্ৰমাণ উলিয়াব নোৱাৰি যুৱকক কোবাই কোবাই চিকিৎসাধীন কৰিলে বশিষ্ঠ আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.