ETV Bharat / state

Srinivas BV Case : দুদিনৰ ভিতৰত কাৰণ দৰ্শাবলৈ অংকিতা দত্তলৈ প্ৰদেশ কংগ্ৰেছৰ জাননী

author img

By

Published : Apr 21, 2023, 7:49 AM IST

অসম প্ৰদেশ কংগ্ৰেছে অংকিতা দত্তলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ বৃহস্পতিবাৰে অংকিতা দত্তলৈ প্ৰেৰণ কৰা হয় চমন ৷ দুদিনৰ সময়সীমা বান্ধি দিয়া হৈছে কংগ্ৰেছৰ যুৱ নেত্ৰীগৰাকীক ( show cause notice to Angkita Dutta) ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 21 এপ্ৰিল : অসম যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্তলৈ এইবাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে টুইটাৰযোগে ধাৰাবাহিকভাৱে ‘হাৰাশাস্তি’ আৰু ‘বৈষম্যমূলক আচৰণ’ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল অংকিতা দত্তই ৷ এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই বৃহস্পতিবাৰে অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি অতি শীঘ্ৰেই ঘটনাৰ ব্যাখ্যা বিচাৰে ৷ যাৰ বাবে অংকিতা দত্তক দুদিনৰ সময়সীমা বান্ধি দিয়া হৈছে ((Bhupen Bora react on Ankita Dutta))৷

উল্লেখ্য যে, অংকিতা দত্তই গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাচতেই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ অৱশ্যে বৰ্তমানেও আৰক্ষীয়ে পঞ্জীয়ন কৰা নাই অংকিতা দত্তৰ গোচৰ ৷ স্মৰ্তব্য যে, যোৱা বছৰৰ ডিচেম্বৰ মাহতো অংকিতা দত্তক অসম প্ৰদেশ কংগ্ৰেছে দিছিল কাৰণ দৰ্শোৱাৰ জাননী (Ankita Dutta accuses Srinivas BV of harassment) ) ৷

অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাচতেই এতিয়া কংগ্ৰেছৰ ভিতৰ চ’ৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইফালে, ইতিমধ্যেই অংকিতা দত্তৰ অভিযোগৰ পাচতেই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ আইটি কোষে অংকিতা দত্তলৈ প্ৰেৰণ কৰিছে আইনী জাননী ৷ আইনী জাননীযোগে অংকিতা দত্তৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰি সাৰদা কেলেংকাৰী গোচৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই বিজেপিত যোগদান কৰিবলৈ এই অভিযোগ অনা বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছে (Assam Cong issues show cause notice to Angkita Dutta) ৷

জাননীখনত লগতে কোৱা হয়, ‘‘শ্ৰীনিবাসৰ বিৰুদ্ধে 'সম্পূৰ্ণ অসংসদীয়, অসন্মানজনক, মানহানিকাৰক, কু-অভিপ্ৰায়ৰ শব্দ' ব্যৱহাৰ কৰাৰ বাবে অংকিতা দত্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা আৰম্ভ কৰিছে ।’’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অংকিতা দত্তৰ ঘনিষ্ঠ সম্পৰ্ক থকা বুলিও উল্লেখ কৰা হয় জাননীখনত (Ankita Dutta alleged Srinivas BV of sexism) ৷

শেহতীয়াকৈ ধাৰাবাহিকভাৱে টুইটযোগে দত্তই অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে শ্ৰীনিবাসে চলোৱা নিৰ্যাতনৰ অভিযোগৰ পিচতো বিষয়টোৰ বিৰুদ্ধে পদক্ষেপ লোৱাত ব্যৰ্থ হয় । লগতে তেওঁ কয়, "মই এগৰাকী মহিলা নেত্ৰী । যদি মই এনে হাৰাশাস্তিৰ সন্মুখীন হওঁ, তেন্তে মই কেনেকৈ আন মহিলাক দলটোত যোগদান কৰিবলৈ উৎসাহিত কৰিম ৷”

লগতে পঢ়ক : Narda gam massacre: বিজেপি নেতাসহ নাৰদাকাণ্ডৰ 67 গৰাকী অভিযুক্ত নিৰ্দোষী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.