ETV Bharat / state

Assam CM: গামোচা-ফুলৰ থোপাৰে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনাব নোৱাৰিব; উপায়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা - Himanta Biswa Sarma

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা অথবা আপ্যায়নৰ ক্ষেত্ৰত দিয়া হৈছে বিশেষ নিৰ্দেশনা ৷ এতিয়াৰে পৰা এই সমূহ নিৰ্দেশনা পালন কৰিব লাগিব প্ৰতিখন সভাত ৷ নৈশ যাপন কৰিলে আহৰ গ্ৰহণৰ ক্ষেত্ৰতো দিয়া হৈছে নিৰ্দেশনা ৷ সৱিশেষ এই প্ৰতিবেদনত-

Etv Bharat
Etv Bharat
author img

By

Published : Jun 28, 2023, 9:22 PM IST

গুৱাহাটী, 28 জুন: এতিয়াৰে পৰা যিকোনো চৰকাৰী সভা-সমিতি নাইবা আন যিকোনো কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ নকৰে কোনো সম্বৰ্ধনা, উপহাৰ আদি ৷ নিপিন্ধে গামোছা বা আন অংগ বস্ত্ৰ ৷ এই লৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন জিলাত আয়োজন কৰা তেওঁৰ চৰকাৰী সভা বা আন কাৰ্যসূচীৰ ক্ষেত্ৰত পালন কৰিবলগীয়া ভালেইকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে ৰাজ্যৰ সকলো জিলা উপায়ুক্তক ৷

মঙলবাৰে জনতা ভৱনৰ নিজৰ কাৰ্যালয়ৰ পৰা এক ভিডিঅ’ কনফাৰেন্সত জিলা উপায়ুক্ত আৰু পৰিবহন বিভাগৰ বিষয়াসকলক সভা-সমিতিত তেঁওক গামোছা পিন্ধোৱা সময়খিনিত পথ সুৰক্ষাৰ সজাগতাৰ বাবে নাট পৰিৱেশন কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিচতে বুধবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যসূচীত পালন কৰিবলগীয়া এলানি নিৰ্দেশনা দিয়া হয় ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়েও আজি সন্ধিয়া টুইটাৰ যোগে এই কথা সদৰী কৰে ৷

কি কি নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ :

  • সভা বা কাৰ্যসূচীৰ আয়োজকে চাকি বা বন্তি জ্বলোৱাৰ ইচ্ছা কৰে, তেন্তে অনুষ্ঠান আৰম্ভ হোৱাৰ আগতেই জ্বলাব পাৰিব যাতে গোটেই সভাৰ সময়খিনি বন্তিগছি জ্বলি থাকিব পাৰে ৷
  • গামোচা/ ফুলৰ থোপাৰে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা দিয়াটো কঠোৰভাৱে এৰাই চলিব লাগিব আয়োজকে ৷ লগতে, কোনো উপহাৰ আদি আগবঢ়াব নোৱাৰিব ।
  • সভাৰ এংকৰ বা আঁত ধৰোতাৰ বাহিৰে আন কোনো ধন্যবাদসূচক কাৰ্যসূচী আগবঢ়োৱাৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷
  • যেতিয়াই ৰাতিটোৰ বাবে মুখ্যমন্ত্ৰী ক’ৰবাত থাকিব তেতিয়াই পিছদিনা ৰাতিপুৱাৰ কাৰ্যসূচী ব্যৱসায়িক গছ ৰোপণৰ পৰা আৰম্ভ কৰিবলৈয়ো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷
  • আনহাতে ৰাজ্যত যিকোনো ঠাইতে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত চাহ মাটিৰ কাপত পৰিবেশন কৰিব লাগিব আৰু পানী এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটলৰ সলনি কাঁচৰ বটল নাইবা অন্য পাত্ৰত ৰাখিব লাগিব ।
  • নিজৰ চৰকাৰী ভ্ৰমণৰ সময় নাইবা কাৰ্যসূচীৰ সময়ত গ্ৰহণ কৰিবলগীয়া আহাৰৰ ক্ষেত্ৰতো নিৰ্দেশনা দিছে হিমন্ত বিশ্ব শৰ্মাই ৷
  • মুখ্যমন্ত্ৰীয়ে দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মেনু সদায় অসমীয়া বা স্থানীয় জনজাতীয় শৈলীৰ মেনুৰ সৈতে সহজ নিৰামিষ হ’ব লাগিব বুলিও জিলা উপায়ুক্তসকললৈ নিৰ্দেশনা দিছে ৷

লগতে পঢ়ক: ASSAM FLOOD REPORT: ৰাজ্যুত কিছু উন্নত হৈছে বান পৰিস্থিতি; বৰ্তমানলৈকে 7 জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.