ETV Bharat / state

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু অজিত ডোভালক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 10:59 PM IST

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দিল্লীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰে ৷ অসমক প্ৰধান শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বিষয়সমূহৰ ওপৰত আলোচনা ৷ আনহাতে অজিত দোভালৰ সৈতেও প্ৰায় ৪৫ মিনিট ধৰি নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বৈঠক (Assam CM meets Union Minister Hardeep Puri) ৷

Assam CM meets Union Minister Hardeep Puri discusses state green economy potential
অসমৰ মুখ্যমন্ত্ৰীৰে সৈতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীক সাক্ষা

গুৱাহাটী, ১২ ডিচেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সংসদ ভৱনত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীক সাক্ষাৎ কৰে । লগতে মুখ্যমন্ত্ৰী শৰ্মাই সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালকো ।

সেউজ অৰ্থনীতিৰ ক্ষেত্ৰত অসমৰ বিপুল সম্ভাৱনা আৰু সম্ভাব্য কৌশলগত বিনিয়োগে ৰাজ্যখনক কেনেদৰে এক বৃহৎ শক্তি কেন্দ্ৰলৈ মুকলি কৰি দিব পাৰে, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা কৰে ।

সেউজ শক্তিখণ্ডত অসমৰ প্ৰচণ্ড সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক শক্তিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰীক এই আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৷

এই প্ৰসংগত সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ)ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰি কয়, "অতিশয় বিদ্বান মাননীয় কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী জীক লগ পাই আনন্দিত হৈছো । আমি এক সেউজ অৰ্থনীতি আৰু আহিবলগীয়া দিনবোৰৰ কৌশলগত বিনিয়োগ মুকলি কৰাৰ ওপৰত সুন্দৰ কথা-বতৰা পাতিলো ৷ যিয়ে সম্ভাৱনাময়ভাৱে অসমক এক ডাঙৰ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব পাৰে’’ ।

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীক লগ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকো তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে । দোভালৰ সৈতে প্ৰায় ৪৫ মিনিট ধৰি নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ দৃষ্টিত জম্মু-কাশ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.