গুৱাহাটী,২৯ জুলাই : চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয় (Pension Sewa Kendra inaugurates in Guwahati)। গুৱাহাটী ছাত্রীবাৰীস্থিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এমট্ৰ'নৰ দ্বাৰা স্থাপিত কামৰূপ মহানগৰ জিলাৰ পেঞ্চন সেৱা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উদ্বোধনী ভাষণত মুখ্যমন্ত্রী ডঃ শৰ্মাই কয় যে এমট্ৰ'নে অনলাইন কৃতজ্ঞতা প'ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আবেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন তথা আপলোড কৰাৰ সুবিধাৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিছে ।
পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ'ব । মুখ্যমন্ত্রীয়ে কয় যে এতিয়াৰে পৰা আৰু পেঞ্চন পোৱাৰ ক্ষেত্রত থকা পূৰ্বৰ জটিলতা নোহোৱা হ'ব । কোনো কাৰ্যালয়ে কাৰ্যালয়ে এতিয়াৰে পৰা দৌৰিব নালাগে । সকলো কাম প'ৰ্টেলৰ দ্বাৰা সেৱা কেন্দ্ৰৰ যোগেদি হ'ব ।
![Pension Sewa Kendra in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-cm-inaugurate-pension-sewa-kendra-at-guwahati-7209925_29072022134005_2907f_1659082205_1055.jpg)
আনহাতে এই কেন্দ্ৰৰ যোগেদি বেংকলৈ নোযোৱাকৈ জীৱন প্ৰমাণ পত্র দিব পৰা যাব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে । মুখ্যমন্ত্রীয়ে লগতে কয় যে ২ অক্টোবৰৰ পৰা অসম সচিবালয় সম্পূৰ্ণৰূপে পেপাৰমুক্ত হৈ পৰিব । সকলো কাম অনলাইন ব্যৱস্থাৰে হ'ব ।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰণীৰ পৰা বিজ্ঞান আৰু গণিত ইংৰাজী পাঠ্যক্ৰমত পঢ়োৱা হ'ব (Assam Cm on cabinet decision)। আনহাতে সমাজ অধ্যয়নৰ পৰিৱৰ্তে ভূগোল আৰু বুৰঞ্জী নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়াৰে পৰা মেট্ৰিকত ছয়খন পেপাৰ হ'ব । বৰ্তমান পাঁচখন পেপাৰ আছে ।
![Pension Sewa Kendra in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-cm-inaugurate-pension-sewa-kendra-at-guwahati-7209925_29072022134005_2907f_1659082205_444.jpg)
আনহাতে লিংগ বৈষম্য দূৰ কৰাৰ বাবে এতিয়াৰে পৰা ল'ৰা আৰু ছোৱালীৰ পৃথকে পৃথকে বিদ্যালয় নাথাকিব বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । অসমীয়া ভাষাৰ লগতে ইংৰাজী ভাষাতো দক্ষতা অৰ্জনৰ ওপৰত মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে । ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰথম পৰ্যায়ত দহখন বিদ্যালয়ক অসমীয়াৰ লগতে ইংৰাজী মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে কয় ।
ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে শৈক্ষিক ক্ষেত্রৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত বিধায়ক তথা এমট্ৰ'নৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অধ্যক্ষ ৰমেন ডেকা, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত আছিল ।