গুৱাহাটী, 10 ছেপ্তেম্বৰ: সামৰণি পৰিল মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দুদিনীয়াকৈ প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা ৷
এই সভাত বিভিন্ন ৰাজ্যৰ সভাপতিসহ 200 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ দুদিনীয়াকৈ অনুষ্ঠিত সভাৰ দেওবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী তামি ৱানাথি শ্ৰীনিৱাসন, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷
সামৰণি অনুষ্ঠানৰ ভাষণ প্ৰসংগত ‘I.N.D.I.A’ সম্পৰ্কেও মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘স্বাধীনতাৰ 75 বছৰৰ পিচত দেশে উন্নয়ন লাভ কৰিছে ৷ 500 বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখি গৈছিল ভাৰত ভূমিৰ কথা ৷ ভাৰত ভূমি মহান ভূমি ৷ কংগ্ৰেছে নিৰ্বাচনৰ সময়ত ভাৰত জোড় যাত্ৰা কৰে তাৰ পিচত ভাৰত এৰি নিজকে I.N.D.I.A বুলি কয় ৷ I.N.D.I.A বা ভাৰতৰ নাম লোৱাৰ কোনো অধিকাৰ নাই ৷ কংগ্ৰেছে I.N.D.I.A নাম লৈ ভাৰত বিভাজন কৰিছে ৷ ৰাহুল গান্ধীয়ে গান্ধী উপাধি ত্যাগ কৰক ৷ কাৰণ ৰহুলৰ উপাধি ভুৱা, তেওঁ উপাধি আচল নে ভূুৱা কি ঠিক ৷’’
ইফালে বাল্যবিবাহ সম্পৰ্কে মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, জি-20ৰ পিচতে আৰু 2-3 হাজাৰক গ্ৰেপ্তাৰ কৰা হ’ব । মুছলমানৰ বাবে আমি যিমান কাম কৰিছোঁ কংগ্ৰেছে কৰা নাই । আমি তুষ্টিকৰণ নকৰোঁ, আত্মনির্ভশীলতাৰ কথা কওঁ । আমি ভোটৰ কথা নকওঁ সেয়ে আমি সকলোৰে সঁহাৰি পাওঁ । অসমৰ লগতে এতিয়া আগৰ উত্তৰ-পূব সলনি হ’ল । ‘14 ৰ পিচত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ সকলো দিশতে কেৱল উন্নয়ন আৰু উন্নয়ন হৈছে । উত্তৰ-পূৱৰ 25 খন আসনৰ ভিতৰত 22 খন আসন লাভ কৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ।