ETV Bharat / state

CM Himanta Biswa Sarma: কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই - কংগ্ৰেছ ৱৰ্কিং কমিটি

বিজেপি দল আৰু মুখ্যমন্ত্ৰী শৰ্মাক লৈ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ৷ গৌৰৱ‌ গগৈ সৰু ল'ৰা আৰু সৰু ল'ৰা এটাই মনত যি আহে তাকে কয় বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ । ইফালে কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ ৷

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:58 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২২ আগষ্ট: কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নতুন দিল্লীত সাংবাদিকৰ আগত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰ তুলনা কৰি সাংসদ গৌৰৱ‌ গগৈক একপ্ৰকাৰ তীব্ৰ কটাক্ষ কৰে । উল্লেখ্য যে, এদিন পূৰ্বে গৌৰৱ‌ গগৈয়ে অসমৰ বিজেপি দল‌ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত তীৰ্যক মন্তব্য কৰিছিল ।

গুৱাহাটী ৰাজীৱ ভৱনত সংবাদমেল পাতি বৰ্তমানৰ বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰিছিল কংগ্ৰেছ ৱৰ্কিং কমিটিৰ নৱনিযুক্ত সদস্য তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ তেওঁ ‌কৈছিল যে বৰ্তমান অসমত বিজেপি দল বিজেপি দল হৈ থকা নাই ৷ বিজেপি হ’ল বিশ্ব জনতা পাৰ্টি ৷ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা জনতা পাৰ্টি হিচাপে পৰিগণিত হৈছে অসম বিজেপি ৷

এই সন্দৰ্ভত আজি নতুন দিল্লীত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰ লগত তুলনা কৰি সাংসদ গৌৰৱ‌ গগৈক এক প্ৰকাৰ তীব্ৰ কটাক্ষ কৰে । মুখ্যমন্ত্ৰীয়ে লগতে সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত কয়- "গৌৰৱ‌ গগৈ সৰু ল'ৰা ।‌ সৰু ল'ৰা এটাই মনত যি আহে তাকে কয় । কংগ্ৰেছ কি সেয়া সম্যক ধাৰণা নাই ।" তেওঁ কয়, "কংগ্ৰেছ ৱৰ্কিং কমিটি এটা ক্লাৱৰ নিচিনা । কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য হোৱা‌ মানে এটা ক্লাৱৰ সদস্য হোৱাৰ নিচিনা কথা । মোৰ দৃষ্টিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ কোনো মূল্য নাই ।"

লগতে পঢ়ক: MP Gaurav Gogoi attacks BJP: অসমীয়াই কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰে, সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.