ETV Bharat / state

4x100 মিটাৰ ৰিলে দৌৰত স্বৰ্ণ অৰ্জন অসমৰ - খেল’ ইণ্ডিয়া য়ুথ গেমছ 2020

খেল’ ইণ্ডিয়াৰ চতুৰ্থ দিনা অসমৰ তৃতীয়টো সোণৰ পদক অৰ্জন কৰে 4x100 মিটাৰ ৰিলে ৰেছৰ দলটোৱে ৷ 21 অনুৰ্ধ্বৰ শাখাত শ্ৰেষ্ঠত্বা অৰ্জন কৰি লাভ কৰে অসমৰ তৃতীয়টো সোণৰ পদক ৷

4x100 মিটাৰ ৰিলে দৌৰত স্বৰ্ণ অৰ্জন অসমৰ
4x100 মিটাৰ ৰিলে দৌৰত স্বৰ্ণ অৰ্জন অসমৰ
author img

By

Published : Jan 14, 2020, 2:21 AM IST

গুৱাহাটী, 14 জানুৱাৰী: গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়া য়ুথ গেমছ 2020 ত সোমবাৰে অসমৰ বাবে তৃতীয়টো সোণৰ পদক আহিল 4x100 মিটাৰ ৰিলে ৰেছত ৷ 4x100 মিটাৰ ৰিলে ৰেছৰ ল’ৰাৰ 21 অনুৰ্ধ্ব শাখাত শ্ৰেষ্ঠতাৰ খিতাপ অৰ্জন কৰিলে হুম মুছাহাৰী, সুবৰ্ণ কলিতা, পল্লৱ গগৈ আৰু ৰাজীৱ ব্ৰহ্মৰ দলটোৱে ।

অসমৰ 4x100 মিটাৰ ৰিলে দল

সোণৰ পদক অৰ্জন কৰি ইটিভি ভাৰতৰ আগত দলটোৱে ব্যক্ত কৰিলে নিজৰ মনৰ অনুভৱ । এই সাফল্যৰ বাবে পৰিয়ালৰ লগতে প্ৰশিক্ষকক ধন্যবাদ দিয়ে দলটোৱে। লগতে দৰ্শকে উৎসাহ যোগোৱাৰ বাবেই এইয়া সম্ভৱ হৈ উঠিছে বুলি কয় অসমৰ দলটোৱে । আনহাতে ৰূপৰ পদকটো তামিল নাডুৰ হাৰেশ ৰাওৰ দলটোৰ লগতে ব্ৰঞ্জৰ পদক লাভ কৰে মহাৰাষ্ট্ৰৰ পি আছাৰেৰ দলটোৱে ।

সৰুসজাইত সাংস্কৃতিক অনুষ্ঠান

ইপিনে সোমবাৰে খেল’ ইণ্ডিয়াৰ লগত সংগতি ৰাখি সৰুসজাইত অনুষ্ঠিত কৰা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । য’ত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক অনুষ্ঠানটো মুঠ তিনিদিনলৈ চলিব ৷

Intro:অসমৰ নামত আন এটা সোণৰ পদক। ৪x১০০ ৰিলেৰ ২১ অনুৰ্ধৰ শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিলে অসমে। অসম দলত আছিল ভোম মুছাহাৰী, সুবৰ্ণ কলিতা, পল্লৱ গগৈ আৰু ৰাজীৱ ব্ৰহ্ম। সোণৰ পদক অৰ্জন কৰি ইটিভি ভাৰতৰ আগত দলটোৱে ব্যক্ত কৰে মনৰ ভাৱ। এই সাফল্যৰ বাবে পৰিয়াল আৰু প্ৰশিক্ষকক শলাগিলে দলটোৱে। তাৰোপৰি দৰ্শকে উৎসাহ যোগোৱাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি কয় অসমৰ দলটোৱে। ইফালে এই শাখাত ৰূপৰ পদক তামিল নাডুৰ হাৰেশ ৰাওৰ দল আৰু ব্ৰঞ্জৰ পদক লাভ কৰে মহাৰাষ্ট্ৰৰ পি আছাৰেৰ দলে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.