ETV Bharat / state

আনলক সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ

চিনেমা হ’ল,থিয়েটাৰ,ছুইমিং পুল আদি পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব ৷ তদুপৰি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইনৰ লগতে সপ্তাহান্তিক লক ডাউন ৷ বিবাহ,অন্ত্যেষ্টিক্ৰিয়া,সাংস্কৃতিক অনুষ্ঠান,ধৰ্মীয় অনুষ্ঠান আদিত 100 গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব ৷

assam chief secretery tweet on unlock assam etv bharat news
আনলক সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি মুখ্য সচিবৰ
author img

By

Published : Sep 4, 2020, 6:00 PM IST

নিউজ ডেস্ক,4 চেপ্তেম্বৰ: দিনকদিনে ৰাজ্যত কৰ’ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাসৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে লক ডাউনৰ ক্ষেত্ৰত অৱলম্বন কৰিছে ন ন পন্থা ৷ আনলক 4.0 অব্যাহত থকাৰ সময়তে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইটযোগে প্ৰকাশ কৰে কিছু নতুন নিৰ্দেশনা ৷ সেই অনুসৰি 30 চেপ্তেম্বৰলৈকে কাৰ্যকৰী হৈ থাকিব এই নিৰ্দেশনা ৷ সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,আনলক জাৰি কৰা হ’লেও বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ৷ কিন্তু অনলাইন পাঠ্যক্ৰমৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই অব্যাহত থাকিব ৷

চিনেমা হ’ল,থিয়েটাৰ,ছুইমিং পুল আদি পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব ৷ তদুপৰি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে নৈশ সান্ধ্য আইনৰ লগতে সপ্তাহান্তিক লক ডাউন ৷ বিবাহ,অন্ত্যেষ্টিক্ৰিয়া,সাংস্কৃতিক অনুষ্ঠান,ধৰ্মীয় অনুষ্ঠান আদিত 100 গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব ৷ 20 চেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশ ৷ সচিবগৰাকীয়ে জাৰি কৰা এই সকলো নিৰ্দেশনা কিন্তু কণ্টেইনমেণ্ট জ’নত কাৰ্যকৰী নহ’ব ৷ কিয়নো কণ্টেইনমেণ্ট জ’নত 30 চেপ্তেম্বৰলৈকে অব্যাহত থাকিব লক ডাউন ৷ আন্তঃজিলা পৰিবহণৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰ কৰা হ’ব ৷

লগতে চাওকঃ কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰীক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.