ETV Bharat / state

কি আছে অজন্তাৰ 'মমতাময়ী' বাজেটত ? - budget 2021-22

শুকুৰবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 2021-22 বৰ্ষৰ বিত্তীয় বাজেট ৷ বাজটখনক 'মমতাময়ী' বাজেট বুলি আখ্যা দিছে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু কি আছে এই বাজেটত ?

assam-budget-2021-22-submitted-by-financial-minister-ajanta-neog
কি কি আছে অজন্তাৰ "মমতাময়ী" বাজেটত?
author img

By

Published : Jul 16, 2021, 6:31 PM IST

গুৱাহাটী,16 জুলাই: বহু উৎকণ্ঠাৰ অন্তত অৱশেষত পঞ্চদশ অসম বিধানসভা(Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশনত বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ পূৰ্বতকৈ কিছু পৃথক ৰূপত দেখা পোৱা গৈছে এই বাজেটখন ৷ এই বাজেটখনক নিজেই 'মমতাময়ী' বাজেট বুলি আখ্যা দিছে স্বয়ং বিত্তমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু কি আছে অজন্তাৰ 'মমতাময়ী' বাজেটত ?

assam-budget-2021-22-submitted-by-financial-minister-ajanta-neog
কি কি আছে অজন্তাৰ "মমতাময়ী" বাজেটত?

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটখনত উল্লেখ থকা মূল বিষয়সমূহ হৈছে এনেধৰণৰ-

1. নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত ৷ 1 লাখ 43 জন নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হ'ব ৷ সৰ্বমুঠ 49 টা চৰকাৰী বিভাগত হ'ব এই নিযুক্তি ৷

2. মাইক্ৰ'ফাইনেঞ্চৰ নিয়মীয়া কিস্তি পৰিশোধকাৰীলৈ 25 হাজাৰ টকাকৈ উদগনিমূলক সাহাৰ্য ৷ এই সন্দৰ্ভত 7,500 কোটি টকাৰ ব্যয় কৰাৰ সিদ্ধান্ত ৷

3."অৰুণোদয়" আঁচনিৰ ধন প্ৰতি মাহে 830 টকাৰ পৰা 1,000 টকালৈ বৃদ্ধি কৰা হ'ব ৷ এই আঁচনিত অন্তৰ্ভুক্ত হৈছে 6,34,000 নতুন হিতাধিকাৰী ৷ লগতে বছৰৰ এটা মাহ "অৰুণোদয় মাহ" ৰূপে পালন কৰা হ'ব ৷

4.এহেজাৰ কোটি টকা ব্যয় সাপেক্ষে এহেজাৰ কিলোমিটাৰ মথাউৰি শক্তিশালী কৰাৰ লক্ষ্য ৷

5. গাঁৱৰ শিপিনী সকলক সবল কৰাৰ উদ্দেশ্যে 1,23,000 গৰাকী শিপিনীক প্ৰশিক্ষণ দিয়া হ'ব ৷

6. সমগ্ৰ অসমত এহেজাৰটা মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব ৷

7. মুঠ 805 খন চাহ বাগিচাত টেপ যোগে পানী যোগানৰ সিদ্ধান্ত ৷

8."অসম মালা" আঁচনিৰ অধীনত 262 কিলোমিটাৰ সামৰি 13 টা নতুন পথ নিৰ্মাণ হ'ব ৷

9.চাহ জনগোষ্ঠী আৰু আদিবাসী সকলৰ বাবে নিৰ্মাণ কৰা হ'ব নতুন কলাক্ষেত্ৰ ৷

10.ৰাজ্যত গাই গৰু আৰু গাহৰি উৎপাদন বৃদ্ধিৰ লক্ষ্য ৷

11.4 টা নতুন আৰক্ষী বেটেলিয়ন আৰু ফৰেনচিক গৱেষণাগাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ ৷

12.4 টা নতুন আৰক্ষী বেটেলিয়ন আৰু ফৰেনচিক গৱেষণাগাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ ৷

13.পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ বাবে 766.52 কোটি টকা ধাৰ্য ৷ ইয়াৰ দ্বাৰা কৃতজ্ঞতা নামৰ এটা প’ৰ্টেল ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে ৷

14.পৰিবহন বিভাগত 488.74 কোটি টকাৰ ধায্য ৷

15.জনস্বাস্থ্য কাৰিকৰী বিভাগত 1204.36 কোটি টকাৰ ধাৰ্য ৷

লগতে পঢ়ক: মাইকী গৰু-ম'হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.