ETV Bharat / state

Silsako Eviction: প্ৰতিবাদ কৰক, কিন্তু কাপোৰ খুলি নহয়; ভৱেশ কলিতা

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:12 PM IST

শিলসাঁকোৰ উচ্ছেদৰ বিৰোধিতাৰে অৰ্ধ-উলংগ হৈ কৰা প্ৰতিবাদে ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷ শুকুৰবাৰে একাংশ মহিলাই উচ্ছেদস্থলিত প্ৰশাসনৰ লোকৰ উপস্থিতি গাৰ বস্ত্ৰ খুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

Silsako Eviction
Silsako Eviction
প্ৰতিবাদ কৰক, কিন্তু কাপোৰ খুলি নহয়; ভৱেশ কলিতা

গুৱাহাটী, ১ ছেপ্টেম্বৰ: শিলসাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে কৰা মহিলাৰ অৰ্ধ-উলংগ প্ৰতিবাদক লৈ ৰাজ্য তোলপাৰ লাগিছে ৷ এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

“আমি বন্ধ নিবিচাৰো । গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে । কিন্তু হিংসুক হ’ব নালাগে । প্ৰতিবাদৰ নামত কাপোৰ খুলি দিব নালাগে ৷ কাৰণ আমি জীৱ শ্ৰেষ্ঠ মানৱ ৷ দেহৰ বস্ত্ৰ দলিয়াই প্ৰতিবাদ কৰাটো কোনো গণতান্ত্ৰিক দেশৰে নাগৰিকৰে কাম্য নহয় ৷ আন্দোলন কৰিব লাগে ৷ কিন্তু উলংগ হৈ নহয় ,” মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷

লগতে, কোনো এগৰাকী নেতাৰ প্ৰৰোচনাতে শিলসাঁকোৰ এই উলংগ প্ৰতিবাদ হোৱাৰ অভিযোগ ভৱেশ কলিতাৰ ৷ এক প্ৰকাৰে অখিল গগৈৰ প্ৰতি অভিযোগৰ আঙুলি তুলিলে তেওঁ । কাৰ প্ৰৰোচনাত এয়া হৈছে সকলোৱে জানে বুলি কৈ অসম সচিবালয়ৰ সন্মুখত আত্মজাহ দিয়া ২০১৪ চনত প্ৰণৱ বড়োৰ প্ৰসংগও উত্থাপন কৰে বিজেপিৰ সভাপতিজনে ৷

শিলসাঁকোৰ উচ্ছেদিত আৰচিচি বিল্ডিং থকাসকলক ১০ লাখ টকা আৰু টিঙৰ চালি ঘৰ থকা সকলক ৫ লাখ টকাকৈ চৰকাৰে সাহাৰ্য দিব বুলিও বশিষ্ঠৰ বাজপেয়ী ভৱনত মন্তব্য ভৱেশ কলিতাৰ ৷ আনহাতে উচ্ছেদিত একাংশক ৰেহাই হাৰত ফ্লেট নিৰ্মাণ কৰি বাস কৰাৰ সুবিধাও চৰকাৰে আগবঢ়াব বুলি কলিতাই মন্তব্য কৰে ৷ লগতে কয় যে জীৱ শ্ৰেষ্ঠ মানৱে প্ৰতিবাদ কৰাৰ ‘ধৰণ’ আছে ৷

উল্লেখ্য যে শিলসাঁকোৰ উচ্ছেদৰ বিৰোধিতাৰে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ কৰাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আন্দোলন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীৰ নিৰ্দেশ দিয়া বুলি নগাঁৱত উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়ক: Silsako Eviction: শিলসাঁকোৰ উচ্ছেদক লৈ আন্দোলন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.