গুৱাহাটী ১৭ জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি দলৰ মুখপাত্ৰ সুভাষ দত্তই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত দত্তই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শাসনকালত ৰাজ্যখন দাৰিদ্ৰতাৰ কালগ্ৰাসৰ পৰা মুক্ত হৈছে ।
নীতি আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অসমৰ প্ৰায় ২২.৫ শতাংশ অতি দৰিদ্ৰ লোক দাৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে । ২০১৩-১৪ বিত্তীয় বৰ্ষত অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা আছিল ৩৬.৯৭ শতাংশ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমত দৰিদ্ৰ সীমাৰেখাৰ পৰিমাণ ১৪.৪৭ শতাংশলৈ হ্ৰাস পাইছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ সহযোগিতাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যই ২০১৬ চনৰ পৰাই উন্নয়নৰ মুখ দেখিছে বুলি মন্তব্য কৰে সুভাষ দত্তই ।
তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনিক দক্ষতা, দূৰদৰ্শিতা আৰু বিচক্ষণতাৰ বাবেই ৮০ লাখৰো অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে । মুখ্যমন্ত্ৰীৰ সবল পদক্ষেপত ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে । ৰাজ্যখনৰ জি এছ ডি পি ৫.৫ লাখ কোটি টকা অতিক্ৰম কৰি ৬ লাখ কোটিলৈকে যোৱাৰ অৱস্থাত উপনীত হৈছে ।
লগতে মুখপাত্ৰ গৰাকীয়ে কয়, ‘‘ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনৰ সময়ত অসমত মূলধনী ব্যয়ৰ পৰিমাণ আছিল ৪ হাজাৰ কোটি টকা, এতিয়া বিজেপি শাসনৰ মাত্ৰ চাৰে সাত বছৰত অসমত মূলধনী ব্যয়ৰ পৰিমাণ হৈছে ৩০ হাজাৰ কোটি টকা । কংগ্ৰেছে ইমানদিনে অসমক বহুত অন্যায় কৰিলে ৷’’
এতিয়া ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ ন্যায় পাপ মোচনৰ যাত্ৰা আৰম্ভ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘‘ ৰাহুল গান্ধীয়ে এতিয়া অসমলৈ উন্নয়ন চাবলৈ আহিছে ।’’ আনহাতে সাংসদ অজিত কুমাৰ ভূঞাই ৰাহুল গান্ধীক অসমলৈ নিমন্ত্ৰণ জনোৱাৰ সম্পৰ্কত দত্তই কয়, ‘‘ বাদুলী ফুকনৰ ভূমিকাত অৱতীৰ্ণ হোৱা অজিত ভূঞাই ৰাহুল গান্ধীক আদৰণি নজনাই কাক জনাব ? এ আই ইউ ডি এফৰ ভোটেৰে সাংসদ হোৱা অজিত ভূঞাই এতিয়া চেলেং গামোচা পিন্ধাব নে আগৰ লেখাবোৰৰে ৰাহুল গান্ধীক প্ৰশ্ন কৰিব সেয়াও লক্ষণীয় হ’ব ।’’
অসমৰ ইমানবোৰ সাংসদ কাৰো কেলেংকাৰী হোৱা নাই একমাত্ৰ ভূঞাৰ সাংসদ পুঁজিক বাদ দি বুলিও মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে ৰাহুল গান্ধীয়ে এতিয়া যি বাটেৰে আহিব আৰু য'লৈকে যাব সকলোতে বিজেপিৰ দিনত হোৱা ৰাজপথ, দলং, তৰুণ গগৈৰ দিনত অৱহেলিত স্থানবোৰৰ কিদৰে উন্নয়ন হৈছে সেয়া প্ৰত্যক্ষ কৰিব ।
লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰিব পকামূৰা পথাৰ