ETV Bharat / state

Lok Sabha Election 2024: গুজৰাট আৰ্হিৰে ’24ৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে বিজেপিয়ে

author img

By

Published : Feb 8, 2023, 8:39 PM IST

গুজৰাটক মডেলক আদৰ্শ হিচাবে লৈ আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনৰ (Lok Sabha Election 2024) বাবে প্ৰস্তুতি চলাইছে অসম বিজেপিয়ে ৷ কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলাৰ পোষকতা কৰিছে বিজেপিয়ে ৷ কাৰণ নিজৰ শক্তিৰ উমান ল’ব বিচাৰিছে শাসকীয় দলটোৱে ৷

Lok Sabha Election 2024
গুজৰাট আৰ্হিৰে ’24ৰ লোকসভা নিৰ্বাচনৰ বাবে টঙালী বান্ধিছে বিজেপিয়ে

গুৱাহাটী, 8 ফেব্ৰুৱাৰী: 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দেশৰ সৰ্বত্ৰে ব্যাপক হাৰত চৰ্চিত এক বিষয় আছিল গুজৰাট মডেল (Gujrat Election Model) ৷ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গুজৰাটৰ উন্নয়নক আৰ্হি ৰূপে লৈ বিজেপিয়ে চলাইছিল নিজৰ প্ৰচাৰ অভিযান ৷ এতিয়া সেই উন্নয়নৰ গুজৰাট মডেল পুৰণি হ’ল । উন্নয়নৰ আৰ্হি পুৰণি হ’লেও এতিয়াও দেশৰ বহু ৰাজ্যৰ বিজেপিৰ বাবে গুজৰাট বিজেপিৰ সাংগঠনিক ভেঁটি আৰু নিৰ্বাচনী ৰণকৌশল আদৰ্শ হৈ পৰিছে ৷

এইক্ষেত্ৰত ব্যতিক্ৰম নহয় অসম ৰাজ্যিক বিজেপিও ৷ লোকসভা নিৰ্বাচনলৈ অসম বিজেপিয়ে গুজৰাট আৰ্হিৰে কঁকালত বান্ধিছে টঙালি ৷ 2024 ৰ লোকসভা নিৰ্বাচনলৈ মাজত প্ৰায় এটা বছৰ বাকী (Lok Sabha Election 2024) ৷ অসমতো সকলো ৰাজনৈতিক দলে ইতিমধ্যেই আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ ৷

Lok Sabha Election 2024
উজনিত ভেটি শক্তিশালী কৰাত ব্যস্ত ৰাজ্যিক বিজেপিৰ সভাপতি

গুজৰাট বিজেপিৰ নিৰ্বাচনী ৰণ কৌশলে মন্ত্ৰমুগ্ধ কৰিছে অসম বিজেপিকো (Assam BJP following Gujrat Model) ৷ অসম বিজেপিয়ে এইবাৰ নিৰ্বাচন খেলিব গুজৰাট বিজেপিৰ আৰ্হিত ৷ এতিয়া সমুখত আহি থকা নিৰ্বাচনক লৈ ৰণক্ষেত্ৰত নামি পৰিছে ৰাজ্যৰ বিজেপি নেতা-কৰ্মী ৷ নিৰ্বাচন-সংগঠন সকলো এতিয়া চলিছে গুজৰাটৰ আৰ্হিত ৷

বিগত 27 বছৰে গুজৰাটক নিজৰ দখলত ৰখা বিজেপিয়ে পুনৰ শেহতীয়া বিধানসভা নিৰ্বাচনত অক্ষত ৰাখিলে পূৰ্বৰ ধাৰা ৷ সেয়ে অসম বিজেপিয়ে এই গুজৰাট নিৰ্বাচনী মডেলক আদৰ্শ হিচাবে লৈছে ৷ গুজৰাটকে আৰ্হিৰূপে লৈ অসম বিজেপিয়ে আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ ৷

সাংগঠনিক কাম-কাজক লৈ উজনি অসমত ব্যস্ত থকা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই প্ৰসংগত মন্তব্য কৰিছ কয় যে, 27 বছৰৰ শাসনৰ পাচতো গুজৰাটত আমি সাংঘাতিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছো ৷ সেয়েহে আমি সেই মডেল গ্ৰহণ কৰিছো । এই বছৰটো আমি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছো (Preparation for Lok Sabha Election 2024) ৷

আগন্তুক লোকসভা নিৰ্বাচন বিজেপিয়ে মিত্ৰ দল অগপৰ লগতে আন আন সৰু ৰাজনৈতিক দলৰ সৈতে খেলিব সেয়া নিশ্চিত ৷ বিপৰীতে পঞ্চায়ত নিৰ্বাচনক লৈ সিদ্ধান্ত বেলেগ বিজেপিৰ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন অকলেই খেলাৰ পোষকতা কৰিছে ৰাজ্যিক বিজেপিয়ে ৷

কাৰণ পঞ্চায়ত নিৰ্বাচন (Assam Panchayat Election) অকলেই খেলি লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ শক্তিৰ উমান লোৱাৰ মন ৰাজ্যিক বিজেপিৰ ৷ লগতে গুজৰাট মডেলৰ সাংগঠনিক আৰ্হি অসমৰ প্ৰেক্ষাপটত কিমান ফলপ্ৰসু হৈছে তাৰ উমান ল’ব বিচাৰিছে ৰাজ্যিক বিজেপিয়ে ৷

লগতে পঢ়ক: Crackdown on Child Marriage: আশাকৰ্মীক প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.