ETV Bharat / state

আমিনগাঁও বায়টেক পাৰ্কত অসম জৈৱ প্ৰযুক্তি সন্মিলন - Technology Incubation Centre

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ (Technology Incubation Centre)ৰ ৷ অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২(Assam Biotech Conclave 2022) ৰো মুকলি কৰা হয় । উক্ত অনুষ্ঠানতে তিনিগৰাকী যুৱ উদ্ভাৱকক যুৱ উদ্ভাৱনী উদ্যোগী বঁটা প্ৰদান কৰাৰ উপৰি ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান কৰা হয় ।

Technology Incubation Centre
আমিনগাঁও বায়টেক পাৰ্কত অসম জৈৱ প্ৰযুক্তি সন্মিলন
author img

By

Published : May 20, 2022, 10:03 PM IST

গুৱাহাটী, 20 মে’: কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ তথ্য উদ্যমিতা দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আমিনগাঁওস্থিত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ (Technology Incubation Centre) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । লগতে অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২(Assam Biotech Conclave 2022) মুকলি কৰে ।

উক্ত অনুষ্ঠানতে তিনিগৰাকী যুৱ উদ্ভাৱকক যুৱ উদ্ভাৱনী উদ্যোগী বঁটা প্ৰদান কৰাৰ উপৰি ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান কৰা হয় । ২০২০ বৰ্ষৰ এই বঁটা লাভ কৰিছে ক্ৰমে ড৹ জয়ন্তী চুতীয়া (জীৱনজোৰা সাফল্য বঁটা), ড৹ হেমেন কুমাৰ কলিতা (যুৱ বিজ্ঞানী বঁটা), ইনষ্টিটিউট অৱ এডভানচ্ চায়েন্স এণ্ড টেকন’ল’জি (প্ৰতিষ্ঠানিক বঁটা)য়ে ।

আমিনগাঁও বায়টেক পাৰ্কত অসম জৈৱ প্ৰযুক্তি সন্মিলন

আনহাতে ২০২১ বৰ্ষৰ অসম ৰাজ্যিক বিজ্ঞান বঁটা লাভ কৰে ক্ৰমে অধ্যাপক স্বৰ্গীয় ধীৰাজ বৰা (জীৱনজোৰা সাফল্যৰ বঁটা) আৰু ড৹ ৰূপম গোস্বামী (যুৱ বিজ্ঞানী বঁটা)য়ে । এই অনুষ্ঠানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে আৰু মুখ্যমন্ত্ৰীয়ে “ষ্টাৰ্ট আপ যাত্ৰা অসম”ৰ ফ্লেগ অফ্ কৰাৰ উপৰি “শ্যামলীমা কামৰূপ” শীৰ্ষক কামৰূপ জিলাৰ এক বৃহৎ বৃক্ষৰোপন কাৰ্য্যসূচীৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

উল্লেখ্য যে, উক্ত প্ৰকল্পৰ জৰিয়তে কামৰূপ জিলাত ৩০ লাখ গছপুলি ৰোপণৰ পদক্ষেপ লোৱা হ’ব । অনুষ্ঠানতে ৭ টা প্ৰতিষ্ঠানৰ সৈতে ষ্টাৰ্ট আপৰ এক উপযুক্ত পাৰিপাৰ্শ্বিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বুজাবুজিৰ চুক্তিৰো হস্তান্তৰ কৰা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় শিক্ষা, দক্ষতা উন্নয়ন তথা উদ্যমিতা দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজিৰ দিনটোক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্ব পূৰ্ণ দিন বুলি অভিহিত কৰে ।

কিয়নো আজিৰ দিনটোতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চল গৱেষণা সন্মিলন অনুষ্ঠিত হোৱাৰ উপৰি গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত অসম জৈৱ প্ৰযুক্তি সন্মিলন অনুষ্ঠিত হৈছে । জৈৱ প্ৰযুক্তি তথা জৈৱিক কৃষিৰ দিশত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ৰূপান্তৰৰ যাত্ৰা সূচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ জৈৱ প্ৰযুক্তি উদ্যানৰ সপোন আজি প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ উদ্ধোধনৰ জৰিয়তে বাস্তৱায়িত হোৱা বুলি উল্লেখ কৰে । তেওঁ ইয়াৰ জৰিয়তে অসমে জৈৱ প্ৰযুক্তিৰ ৰূপান্তৰৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে । তদুপৰি কামৰূপত শুকুৰবাৰে শুভাৰম্ভ কৰা শ্যামলীমা কামৰূপৰ সফলতাৰে বৃক্ষ ৰোপণৰ এই কাৰ্য্যসূচী ৰাজ্যখনৰ অন্যান্য অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ’ব বুলি তেওঁ কয় ।

তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া গৃহ চৌহদত বাণিজ্যিক চাহিদা থকাৰ গছ পুলি ৰোপণৰ পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ কয় । কামৰূপ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ মুখ্য কাৰ্যবাহী বিষয়া কৈলাশ কাৰ্তিক এনে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিজ্ঞান, প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, এছ’ছিয়েশ্যন অব্ বায়’টেকনোল’জি লিড্ এন্টাৰপ্ৰাইজৰ অধ্যক্ষ জি.এচ. কৃষ্ণনেও বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক: আই আই টি গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.