ETV Bharat / state

Assam youth died by heart attack at Karnataka : চলন্ত ৰেলৰ ভিতৰত অসমৰ যুৱকৰ শোকাৱহ মৃত্যু - চলন্ত ৰেলৰ ভিতৰত অসমৰ যুৱকৰ শোকাৱহ মৃত্যু

শিমোগা-য়েশ্বৱন্তপুৰা ইন্টাৰচিটি ৰেলৰ ডবাৰ শৌচাগাৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অসমৰ যুৱকৰ মৃত্যু ৷ যুৱকজনৰ নাম অশোক চৌধাৰী বুলি জানিবলৈ পৰা গৈছে (Assam youth died by heart attack at Karnataka) ৷

youth died by heart attack at Karnataka
চলন্ত ৰেলৰ ভিতৰত অসমৰ যুৱকৰ শোকাৱহ মৃত্যু
author img

By

Published : Mar 26, 2023, 10:45 PM IST

নিউজ ডেস্ক, 26 মাৰ্চ : বহিঃৰাজ্যত পুনৰ শোকাৱহভাৱে মৃত্যুক আকোঁৱালি ল’লে অসমৰ এজন যুৱকে ৷ ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত ডবাৰ শৌচাগাৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যু ঘটে বহিঃৰাজ্যত কৰ্মৰত অসমৰ এজন যুৱকৰ ৷ যুৱকজন কৰ্ণাটকৰ শিমোগাত অৱস্থিত ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল বুলি জানিবলৈ পৰা গৈছে । যুৱকজনৰ নাম অশোক চৌধুৰী বুলি ৰেল বিভাগৰ সূত্ৰত প্ৰকাশ ৷ শনিবাৰৰ দিনটোত যুৱকজনৰ মৃত্যু ঘটে বুলি জানিবলৈ পৰা গৈছে (Assam youth died by heart attack at Karnataka)।

কৰ্মসূত্ৰে কৰ্ণাটকৰ বাসিন্দা হোৱা অশোক চৌধাৰী জন্মসূত্ৰে অসমৰ । অসমলৈ যোৱা তেওঁৰ পত্নী আৰু সন্তান অসমৰ পৰা বাংগালুৰুলৈ আহি আছিল আৰু তেওঁলোকক আনিবলৈ শনিবাৰে পুৱা শিমোগা-য়েশ্বৱন্তপুৰা ইন্টাৰচিটি ৰে’লৰ এচি ডবাত বাংগালুৰুলৈ গৈ আছিল বুলি পৰিয়ালৰ সূত্ৰে জানিবলৈ পোৱা গৈছে । ট্ৰেইনখনৰ শৌচালয়লৈ গৈ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শৌচালয়তে ঢলি পৰে বেংক কৰ্মচাৰী অশোক চৌধুৰী (Assam based bank manager died of a heart attack in railway toilet)।

youth died by heart attack at Karnataka
চলন্ত ৰেলৰ ভিতৰত অসমৰ যুৱকৰ শোকাৱহ মৃত্যু

শনিবাৰৰ পুৱা য়েছাৱন্তপুৰৰ পৰা অহা ৰেলখনে বিয়লি শিমোগা পায় । উক্ত সময়ছোৱাত ৰেলৰ কৰ্মচাৰীসকলে শৌচাগাৰ চাফা কৰিবলৈ যোৱাৰ সময়ত অশোক চৌধুৰী উঠা শীত-তাপ নিয়ন্ত্ৰিত ডবাৰ শৌচাগাৰটো ভিতৰৰ পৰা বন্ধ হৈ আছিল । কৰ্মচাৰীসকলে ঘটনা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি কৰ্মচাৰীসকলে বিষয়টো সন্দৰ্ভত ৰেল আৰক্ষীক অৱগত কৰে । পিছত শৌচালয়ৰ দুৱাৰ ভাঙি অশোক চৌধুৰীক মৃত অৱস্থাত শৌচাগাৰৰ পৰা উদ্ধাৰ কৰা হয় । মৃতদেহটো ৰেলৱে আৰক্ষীয়ে শিৱমোগ্গাৰ মেগন হাস্পতালৰ মৰ্গলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে বুলি জানিবলৈ পৰা গৈছে ।

অশোক চৌধাৰীৰ পত্নীয়ে ৰে’ল মন্ত্ৰীৰ ওচৰত দাখিল কৰে অভিযোগঃ নিৰ্ধাৰিত সময়ত নিৰ্দিষ্ট ৰে’লযোগে অশোক চৌধাৰী বেংগালুৰুত উপস্থিত নোহোৱাত অশোকৰ পত্নীয়ে ৰে’ল মন্ত্ৰীক অভিযোগ দাখিল কৰে । সেই অভিযোগৰ ভিত্তিতেই ৰে’ল মন্ত্ৰীয়ে ৰে’ল আৰক্ষীক অশোক চৌধাৰীক বিচাৰি উলিয়াবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । উল্লেখ কৰা প্ৰয়োজন যে, চৌধাৰীৰ আগতে সামান্য হাৰ্ট এটেক হৈছিল যদিও তেওঁ অসমৰ পৰা অহা পৰিয়ালটোক আনিবলৈ গৈছিল (Complaint from Ashoka Chaudhary’s wife) ।

ইতিমধ্যে ৰে’ল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক : Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.