ETV Bharat / state

Assam Assembly Budget Session : 10 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ অসম বিধানসভাৰ বাজেট অধিৱেশন - বাল্যবিবাহৰিৰোধী অভিযান

10 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনৰ কৰ্মদিন হ’ব মুঠ 21 দিন ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব 2023-24 বিত্তীয় বৰ্ষৰ বাজেট (Assam Budget 2023-24)৷

Assam Assembly Budget Session
অসম বিধান সভাৰ বাজেট অধিৱেশন
author img

By

Published : Feb 4, 2023, 6:45 PM IST

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : 10 মাৰ্চত আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ 10 মাৰ্চৰ পৰা 5 এপ্ৰিললৈকে চলিব এই বাজেট অধিৱেশন ৷ প্ৰায় এমাহজোৰা এই বাজেট অধিৱেশনৰ কৰ্মদিন হ’ব মুঠ 21 দিন ৷ ই টিভি ভাৰতক আজি এই কথা জানিবলৈ দিয়ে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে ৷

বহু প্ৰতিক্ষিত বাজেট অধিৱেশনলৈ মাজত আছে প্ৰায় এমাহ ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে ( Finance minister Ajanta Neog ) দাখিল কৰিব 2023-24 বিত্তীয় বৰ্ষৰ বাজেট ( Assam Budget 2023-24 ) ৷ এই বাজেটৰ প্ৰতি দৃষ্টি নিক্ষেপ হৈ আছে ৰাজ্যৰ সাধাৰণ জনতাৰ লগতে বিৰোধীৰ ৷ ইতিমধ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2023-24 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট ( Union Budget 2023-24 )৷ স্বাভাৱিকতেই কেন্দ্ৰীয় বাজেটৰ প্ৰভাৱ পৰিব অজন্তা নেওগৰ বাজেটত ৷

উল্লেখ্য যে, নিৰ্মলা সীতৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটক ভিন্ন মহলে নিৰ্বাচনমুখী বাজেট হিচাবে অভিহিত কৰিছে ৷ 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ ৰাইজক আকৰ্ষণ কৰাৰ বাবে 2023-24 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা বুলি প্ৰতিক্ৰিয়া আগবঢ়াইছে বিৰোধীয়ে ৷

10 মাৰ্চৰ পৰা চলিবলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনো নিৰ্বাচনমুখী হ’ব বুলি ধাৰণা কৰা হৈছে ৷ উক্ত বাজেটতো থাকিব চমক সৃষ্টিকাৰী কেতবোৰ আঁচনি ৷ সম্ভৱতঃ এইবাৰৰ বাজেট অধিৱেশনত বিৰোধীৰ তীব্ৰ প্ৰশ্নৰ সন্মুখীন হ’ব শাসকপক্ষ ৷

আনহাতে ৰাজ্যত শেহতীয়াকৈ আৰম্ভ হোৱা বাল্যবিবাহৰিৰোধী অভিযানৰ ( Assam Drive Against Child Marriage ) প্ৰসংগয়ো বাজেট অধিৱেশনত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বাল্যবিবাহ ৰোধ কৰিবলৈ গৈ চৰকাৰে আগ-পিছ নুগুনি হাজাৰ হাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰি পৰিয়ালসমূহক বিপদত পেলোৱা বুলি ইতিমধ্যে বিৰোধীয়ে মত ব্যক্ত কৰিছে ৷ স্বাভাৱিকতেই এই প্ৰসংগটোৰ সন্দৰ্ভত বিৰোধীয়ে শাসকপক্ষক বাজেট অধিৱেশনকালত আক্ৰমণ কৰাৰ সম্ভাৱনা দেখা গৈছে ৷

সমান্তৰালকৈ ৰাজ্যত অব্যাহত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক দামবৃদ্ধিৰ প্ৰসংগটোও উত্থাপন হ’ব বাজেট অধিৱেশনত ৷ সন্মুখত লোকসভা নিৰ্বাচনৰ লগতে ৰাজ্যত দেখা দিয়া এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এইবেলিৰ বাজেট অধিৱেশন অতি লক্ষ্যণীয় হ’ব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক: Assam Drive Against Child Marriage : পৰিয়ালসমূহ ধ্বংস নকৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.