গুৱাহাটী, 16 জুন: ঐতিহাসিক অসম চুক্তিৰ দফাসমূহৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া উপ-সমিতিৰ আজি চতুৰ্থখন বৈঠক অনুষ্ঠিত হয় (Fourth meeting of Assam accord implementation committee)। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ পৌৰহিত্যত জনতা ভৱনত অনুষ্ঠিত বৈঠকত উপ-সমিতিৰ সদস্যসকলে অংশ গ্ৰহণ কৰে (Minister Atul Bora) । চুক্তিখনৰ অন্যতম গুৰুত্বপূৰ্ণ 6 নং দফা সন্দৰ্ভত আজিৰ বৈঠকত পুনৰ বিস্তৃতভাৱে আলোচনা কৰা হয় (Assam accord Implementation Sub Committee meeting at Janata Bhavan)।

লগতে চুক্তিখনৰ আন দফাসমূহৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক সময় নিৰ্ধাৰিত কৰ্মসূচী প্ৰস্তুত কৰাৰ সন্দৰ্ভতো বৈঠকত পৰ্যালোচনা কৰা হয় । মন্ত্ৰী অতুল বৰাই চুক্তিখনৰ দফাসমূহৰ ফলপ্ৰসূ কাৰ্যকৰীকৰণৰ ৰূপৰেখা প্ৰস্তুতৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে অধিক বিস্তৃত আলোচনাৰ পোষকতা কৰে । লগতে বৈঠকত শীঘ্ৰে এই সন্দৰ্ভত পুনৰ আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত লোৱা হয় ।

আজিৰ আলোচনাত মন্ত্ৰী ডাঃ ৰণোজ পেগু, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত-সচিব দিগন্ত বৰা, অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব দেৱজ্যোতি দত্ত, আৰক্ষী মহাপৰিদৰ্শক (সীমান্ত) ভায়োলেট বৰুৱা, সমবায় বিভাগৰ সচিব ৰিতুৰাজ বৰা, সীমান্ত উন্নয়ন আৰু সুৰক্ষা বিভাগৰ সচিব প্ৰভাতী থাউচেন, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (Chief advisor of AASU Samujjal Kumar Bhattacharya), সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত আছিল ।
লগতে পঢ়ক: কাজিৰঙাৰ গঁড়ৰ গণনাৰ নামত কোনে খালে ১৬ লক্ষাধিক টকা !