ETV Bharat / state

নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ - Enquiry against cm violation of code of conduct

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(Guwahati Municipal Election 2022) ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ যাৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে(ASEC orders probe against Assam CM) ৷

eci-orders-probe-against-assam-cm-for-violating-election-code-of-conduct
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ
author img

By

Published : Apr 19, 2022, 7:34 AM IST

গুৱাহাটী, 19 এপ্ৰিল : নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ সময়ত বিভিন্ন বিতৰ্কৰ সৃষ্টি কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ৰ বিৰুদ্ধে এইবাৰো গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি(ASEC orders probe against Assam CM) কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৷

eci-orders-probe-against-assam-cm-for-violating-election-code-of-conduct
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অসম জাতীয় পৰিষদৰ মহানগৰ জিলা কমিটীৰ সভাপতি সঞ্জীৱ বৰাৰ অভিযোগৰ ভিত্তিত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে ৷ উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ মহানগৰ জিলা কমিটীৰ সভাপতি সঞ্জীৱ বৰাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰি অসম ৰাজ্যিক নিৰ্বাচন আয়োগক লিখিত অভিযোগ দিছিল ৷

eci-orders-probe-against-assam-cm-for-violating-election-code-of-conduct
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ

সঞ্জীৱ বৰাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা অভিযোগ মতে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ অধীনত পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডত নতুনকৈ ১০০০ মানুহক সহায় কৰা আৰু পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে প্ৰতিটো ৱাৰ্ডক ১০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

এয়া নিৰ্বাচন আচৰণ বিধি সম্পূৰ্ণভাৱে উলংঘা কৰা বুলি অসম জাতীয় পৰিষদ(AJP) ৰ মহানগৰ জিলা কমিটীৰ সভাপতি সঞ্জীৱ বৰাই অভিযোগ পত্ৰত উল্লেখ কৰিছে ৷ এই অভিযোগৰ ভিত্তিত ঘটনাৰ তদন্ত কৰাৰ বাবে অসম নিৰ্বাচন আয়োগে কামৰূপ(ম) জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াক সোমবাৰে নিৰ্দেশ দিছে ৷

লগতে চাওক: GMC Election 2022: বিজেপিয়ে নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.