ETV Bharat / state

Terror of Army worm in Rani:পশ্চিম গুৱাহাটীত শূঁৰ পোকে খহাইছে পকা ধান,হুমুনিয়াহ কৃষকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:54 PM IST

Updated : Nov 13, 2023, 4:36 PM IST

সোণোৱালী ধাননীত শূঁৰ পোকৰ উপদ্ৰৱৰ বাবে হাহাকাৰ কৰিছে কৃষক ৰাইজে ৷ পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পথাৰত শূঁৰ পোকৰ বাবে হুমুনিয়াহ কাঢ়িছে কৃষকসকলে ৷

Terror of Army worm in Assam
পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলত শূঁৰ পোক
পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলত শূঁৰ পোক

মিৰ্জা, ১৩ নৱেম্বৰ: ৰাজ্যৰ আন প্ৰান্তৰ লগতে শালি ধানৰ খেতিৰ বাবে বিখ্যাত পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পথাৰত এতিয়া শূঁৰ পোকৰ ত্ৰাস । নিশাটোৰ ভিতৰতে শ শ বিঘা ধাননি পথাৰ নষ্ট হৈছে । শূঁৰ পোকে কৃষকৰ কাঢ়িছে টোপনি । ফলত হতাশাত ভুগিছে কৃষক ৰাইজ । উল্লেখ্য যে এতিয়া কৃষকে হাড়ভঙা পৰিশ্রম কৰি পথাৰত ৰোপণৰ কৰা শস্যৰ ফল ধৰা বতৰ । সেউজীয়া ধাননি পথাৰে সোণালী ৰূপ লোৱাৰ সময় । এই সময়ত কৃষকৰ মুখত হাঁহি বিৰিঙে । কিন্তু এতিয়া ৰাণীৰ কৃষকৰ চকুত চকুলো ।

একোখন পথাৰ তহিলং কৰি বিস্তৰভাৱে নষ্ট কৰিছে ধান । ৰাণী অঞ্চলৰ পুৰাণ শুকুৰবৰীয়া বিক্ৰমপুৰকে ধৰি একাংশ কৃষকে উল্লেখ কৰা মতে, এই পোকটোৱে দিনতকৈ নিশাহে ধানৰ থোকৰ ওপৰত আক্রমণ চলায় । নিশাৰ ভাগত শূঁৰ পোকে ধানৰ থোক কাটি কৃষকৰ নিদ্ৰাহৰণ কৰিছে । এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে যে বহু কৃষকে ধাননি পথাৰৰ পৰা শস্য চপাই ঘৰলৈ নিয়াৰ সম্ভাৱনা নোহোৱা কৰি পেলাইছে শূঁৰ পোকে ।

পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ কৃষকে এইক্ষেত্ৰত কৃষি বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ দুখীয়া খেতিয়কসকলৰ সীমাহীন ক্ষতিসাধন হোৱাৰ পিছতো কিন্তু কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী তথা গ্ৰামসেৱকে কৃষকৰ খবৰ ল'বলৈ আহৰি পোৱা নাই খেতিয়কসকলৰ । গ্ৰামসেৱকসকলে খেতিয়কৰ কোনো সমস্যা সমাধান নকৰি ঘৰত বহি কেৱল চৰকাৰী ধন লৈ আছে বুলি অভিযোগ কৰে খেতিয়ক সকলে ৷ কৃষকসকলে হুমুনিয়াহ কাঢ়ি কয় যে হাজাৰ হাজাৰ টকা খৰচ কৰি খেতি কৰিলে যদিও ধান চপোৱাৰ সময়তে শূঁৰ পোকে অনিষ্ট কৰি তেওঁলোকৰ সপোণ মষিমূৰ কৰিলে । তেওঁলোকে চৰকাৰক এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:BJP State President Bhabesh Kalita: সাংসদ-বিধায়কেও কংগ্ৰেছ এৰিবলৈ সাজু হৈছে ! কংগ্ৰেছত ধুমুহা, বিজেপিত আনন্দৰ জোৱাৰ

Last Updated : Nov 13, 2023, 4:36 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.