ETV Bharat / state

KAAC election 2022 : নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ ভূপেন বৰাৰ - আগন্তুক লোকসভা নিৰ্বাচন

‘‘কংগ্ৰেছে কেতিয়াও পৰিষদ গঠন কৰিব বুলি কোৱা নাই । কংগ্ৰেছে কেৱল বিৰোধীৰ ভূমিকা পালন কৰি আহিছে’’ । দেওবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সংবাদমেল আয়োজন কৰি এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে (APCC president reacts on KAAC election 2022) ৷

KAAC election 2022
কাৰ্বি আংলঙৰ ৰাইজে দিয়া সিদ্ধান্ত কংগ্ৰেছে মানি ল'ব : ভূপেন বৰা
author img

By

Published : Jun 12, 2022, 8:22 PM IST

গুৱাহাটী, ১২ জুন : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনতো (KAAC election 2022) মুখথেকেচা খালে কংগ্ৰেছে । ফলাফল ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ভোট গণনা চলি থকাৰ মাজতে সভাপতি বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (APCC president reaction of regarding KAAC election 2022) ৷

তেওঁ কয় যে, কাৰ্বি আংলঙত আৰম্ভণিৰ পৰাই কংগ্ৰেছ দলে বৰ বেছি আশা কৰা নাছিল । আঠটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘কাৰ্বি আংলঙৰ ৰাইজে দিয়া সিদ্ধান্ত কংগ্ৰেছে মানি ল'ব । আমি নিজকে শান্তনা দিব বিচৰা নাই তথা হত‍াশ হোৱাৰো কথা নাই’’ ।

তেওঁ লগতে কয় যে, কংগ্ৰেছে কেতিয়াও কোৱা নাই যে পৰিষদ গঠন কৰিব বুলি । কংগ্ৰেছে বিৰোধীৰ ভূমিকা পালন কৰি আহিছে । আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বিগত ছটা বছৰৰ ৰাজনীতি চালে কংগ্ৰেছে এটাৰ পাচত আনটো নিৰ্বাচনত ধ‍াৰাবাহিকভাৱে পৰাজিত হোৱাটো সত্য কথা ।

কাৰ্বি আংলঙৰ ৰাইজে দিয়া সিদ্ধান্ত কংগ্ৰেছে মানি ল'ব : ভূপেন বৰা

কিন্তু কংগ্ৰেছে যেতিয়া ১৫ বছৰ শাসনত আছিল ৷ তেতিয়া কতো বিজেপি নাইবা অগপ জিকা নাছিল । তেতিয়া কাৰ্বি আংলঙত অগপ-বিজেপি নাছিলেই বুলি তেওঁ সদৰি কৰে । এতিয়া ৰাইজে বিচাৰিছে বাবে হৈছে । কংগ্ৰেছৰ মানুহখিনিকলৈয়ে বিজেপিয়ে তাত শাসন কৰি আছে বুলি সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

তেওঁ আৰু কয়, অসমৰ হওক বা কাৰ্বি আংলঙৰ হওক সকলোতে প্ৰাক্তন কংগ্ৰেছীয়ে চলাই আছে । দলৰ পৰা কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা আঁতৰি থকা সন্দৰ্ভত তেওঁ কয় যে, বহুতৰ পৰিয়ালবোৰ এতিয়া দুভাগত বিভক্ত হৈছে । কোনোবা পৰিয়ালৰ এজন সদস্য বিজেপিৰ লগত আছে, আনজন সদস্য কংগ্ৰেছৰ লগত আছে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক : ৰাজনীতিকৰ পৰামৰ্শ অনুসৰি ভাল শিক্ষক বাচনি কৰা হয় : মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.