ETV Bharat / state

Bhupen Borah: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো চৰকাৰ গঠনৰ সম্পূৰ্ণ সক্ষমতা-সামৰ্থ আছে কংগ্ৰেছৰ; ভূপেন বৰা - Assam constituency delimitation

সমষ্টি পুনৰ নিৰ্বাচনৰ চূড়ান্ত তালিকা প্ৰকাশ পালে ৷ কিন্তু ইয়াকে লৈ অব্যাহত আছে বিতৰ্ক ৷ চূড়ান্ত তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব পৰা ক্ষমতা আছে বুলি মন্তব্য ৷

Bhupen Borah
Bhupen Borah
author img

By

Published : Aug 17, 2023, 7:52 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফায়াৰ্চ কমিটিৰ বৈঠক

গুৱাহাটী, ১৭ আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত কৰিলেও চৰকাৰ গঠন কৰাৰ সক্ষমতা আছে কংগ্ৰেছ দলৰ । এই অংগীক‍াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফায়াৰ্চ কমিটিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱা পাছত বিষয়টো সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । বৈঠকৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলীয় নেতৃত্বৰ সৈতে এখন সংবাদমেল সম্বোধন কৰে ।

তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বহু অভিযোগ আছে । কংগ্ৰেছ দলকে ধৰি বিৰোধীৰ প্ৰৱল অভিযোগ আৰু অসন্তুষ্টিৰ লগতে প্ৰতিবাদৰ পাছতো সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত কৰা হ'ল । উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ পাছতো একনায়কত্ববাদীভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত কৰিলে ।

তাৰ আজিও আমি তীব্ৰ বিৰোধিতা কৰি আহিছো বুলি তেওঁ কয় । সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোতে বহু ভুল আছে । তেওঁ লগতে কয় যে এটা ৰাজনৈতিক দল হিচাপে আজিৰ তাৰিখতো অসমত চৰকাৰ গঠন কৰিবৰ বাবে যিমান বিধায়ক জিকাই অনাৰ সক্ষমতা থ‍াকিব লাগে তাতকৈ বহু বেছি সামৰ্থ্য আৰু সক্ষমতা কংগ্ৰেছ দলৰ আছে ।

বৰ্তমান কংগ্ৰেছৰ তিনিজন সাংসদ আছে বুলি সদৰী কৰি তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰ্তমান পৰিস্থিতিত কংগ্ৰেছৰ তিনিগুণ সাংসদ জয়ী কৰি অনাৰ সক্ষমতা আছে । আনহাতে আজিৰ বৈঠকত লোৱা সিদ্ধান্তৰ প্ৰসংগত তেওঁ কয় যে ৰাজ্যত বৰ্তমান ২৮,২০৫ টা পুলিং ষ্টেচনত থকা বুথ কমিটিসমূহক লৈ গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত অক্টোবৰ মাহত বিশাল বু্থ সন্মিলন অনুষ্ঠিত কৰা হ'ব ।

সেইদৰে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বিজেপিত নাৰীৰ সুৰক্ষা সন্দৰ্ভত কংগ্ৰেছৰ চাৰিগৰাকী নেত্ৰীক কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে দায়িত্ব দিয়া হৈছে । তেওঁ লগতে কয় যে ২৭ আগষ্টৰ পৰা ২৪ ছেপ্টেম্বৰলৈ তিনিচুকীয়া জিলাৰ পৰা লখিমপুৰ জিলালৈ 'বাগানে-বস্তিয়ে কংগ্ৰেছ' কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।

সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, বিধায়িকা নন্দিতা দাসকে ধৰি ভালেসংখ্যক নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: Indrani Tahbildar Death: ইন্দ্ৰাণী কাণ্ডত বিজেপি দল আৰু চৰকাৰত জোকাৰণি; মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতেই তৃষ্ণা শৰ্মাক বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.