ETV Bharat / state

Gauhati High court Issue: গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ তীব্ৰ বিৰোধিতা ভূপেন বৰাৰ

author img

By

Published : Jun 6, 2023, 9:57 PM IST

গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালতসমূহ স্থানান্তৰ কৰি আমিনগাঁৱত স্থাপন কৰিবলৈ অসম চৰকাৰে লোৱা একপক্ষীয় সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ (APCC President Bhupen Bora reaction)৷

APCC President Bhupen Bora react on Guahati High Courts Issue
গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ তীব্ৰ বিৰোধিতা ভূপেন বৰাৰ

গুৱাহাটী, 6 জুন: অচিৰেই গুৱাহাটী মহানগৰীৰ পৰা নাইকীয়া হ’ব গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালত সমূহ (Gauhati High Court Relocation Issue) ৷ অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালত সমূহ স্থানান্তৰ কৰিব আমিনগাঁৱলৈ (APCC President Bhupen Bora reaction) ৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে কেইবাটাও চৰকাৰী কাৰ্যালয় গুৱাহাটীৰ সমীপৱৰ্তী আমিনগাঁৱলৈ নিয়াৰ যো-জা চলাইছে ৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে সিদ্ধান্তক একপক্ষীয়, টোঘলকী আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ (Bhupen Bora reacts on Gauhati High Court Issue) ৷ ৰাইজলৈ পিঠি দি কেৱল নিজৰ ‘লাভ’ৰ অংকৰ বাবে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত লৈছে বুলি অভিযোগ ভূপেন বৰাৰ ৷ সংশ্লিষ্ট কোনো এটা পক্ষৰ সৈতে আলোচনা নকৰাকৈ সম্পূৰ্ণ একনায়কত্ববাদী কায়দাৰে হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এনে সিদ্ধান্তই মুখ্যমন্ত্ৰীৰ উপৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ নগ্ন মানসিকতা উদঙাই দিছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Bhupen Bora slams Assam CM)।

সম্ভাৱ্য স্থানান্তৰকৰণ সন্দৰ্ভত বৰাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালতসমূহ গুৱাহাটীৰ পৰা আঁতৰাই নিলে শ শ আইনজ্ঞ, অধিবক্তা আৰু সংশ্লিষ্ট আদালতসমূহৰ লগত জড়িত অগণন লোক ভয়ানকভাৱে ক্ষতিগ্রস্ত হ’ব। সর্বোপৰি ন্যায় বিচাৰি অহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হ'ব।

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েচনে বৈঠক আয়োজন কৰি আদালত স্থানান্তৰৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু এছ'চিয়েচনৰ এই সিদ্ধান্তৰ প্ৰতি প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণ সমর্থন আছে বুলি ভূপেন বৰাই সদৰী কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ এই অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে অধিবক্তাসকলে ভৱিষ্যতে গ্ৰহণ কৰা পদক্ষেপলৈ অসম প্রদেশ কংগ্ৰেছে সক্রিয় সহযোগিতা আগবঢ়াই যাব।
কংগ্ৰেছ নেতাগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি যে ৬০-৭০ কোটি টকা ব্যয়ৰে নিৰ্মিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনটোৰ আজি ১০ বছৰো সম্পূৰ্ণ হোৱা নাই। তেনেক্ষেত্ৰত ডিঙিলৈকে ধাৰত পোত যোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ এইদৰে ৰাজহুৱা ধনৰ শৰাধ কৰিবলৈ ওলোৱাৰ আঁৰত কি ৰহস্য আছে সেই কথা সহজেই অনুমান কৰিব পাৰি বুলি কয় ৰাজনীতিবিদজনে।

এটাৰ পিছত আনটো জনস্বার্থ জড়িত সংস্থা, বিভাগৰ কাৰ্যালয় গুৱাহাটী মহানগৰীৰ বুকুৰ পৰা উঠাই আমিনগাঁৱৰ ৰংমহললৈকে কিয় স্থানান্তৰিত কৰি থকা হৈছে সেয়াও ৰাইজে বুজি উঠিছে বুলি কটাক্ষ কৰে ভূপেন বৰাই । সকলো চৰকাৰী কাৰ্যালয়, আদালত আদি আজি এটা এটাকৈ স্থাপন কৰা হৈছে কেৱল মুখ্যমন্ত্ৰীজনৰ সমষ্টিত। ইয়াৰ পৰা কোন কেনেকৈ লাভান্বিত হ’ব সেয়াও স্পষ্ট। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালত আমিনগাঁৱলৈ স্থানান্তৰৰ অবিবেচকী সিদ্ধান্ত তাৎক্ষণিকভাৱে প্রত্যাহাৰ কৰিবলৈ দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

লগতে পঢ়ক: Destruction of trees: পথ সম্প্ৰসাৰণৰ নামত ২৫৫৩ জোপা গছ কটাৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.