গুৱাহাটী,১৬ আগষ্ট: এটা ভয়ংকৰ বোমা বিস্ফোৰণ মুহুৰ্তৰ ভিতৰতে সকলো শেষ হৈ গৈছিল ৷ এটা ভুল সিদ্ধান্তৰ বাবেই সকলো শেষ হৈ গৈছিল নে পৰিকল্পিত ভাৱে সকলো ঘটনা সংঘটিত হৈছিল সেয়া যিয়েই নহওক ১৫ বছৰ পূৰ্বে ধেমাজিত সংঘটিত হোৱা ঘটনা কোনেও পাহৰিব নোৱাৰে৷ স্বাধীনতা দিৱস উদযাপন থলীত ২০০৪ চনত আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ ৷ সেই দিন ধৰি বিগত 14 বছৰে 15 আগষ্ট দিনটো পালন কৰি অহা হৈছে "শোক দিৱস" হিচাপে । সন্ত্ৰাসবাদী সংগঠন আলফাই সংঘটিত কৰা এই বিস্ফোৰণত প্ৰাণ গৈছিল ১৮ জনকৈ লোকৰ ৷ ইয়াৰ ভিতৰত দহটি ফুলকুমলীয়া শিশুও আছিল ৷
কি ক'লে অনুপ চেতিয়াই? সেই বিস্ফোৰণৰ বহু সময় পিছলৈকে আলফাই ইয়াৰ দায়িত্ব লবলৈ অস্বীকাৰ কৰি আহিছিল । কিন্তু কিয় ? বিস্ফোৰণৰ পাচ বছৰ পিছতহে পৰেশ বৰুৱাই সেই ঘটনা আলফাৰ দ্বাৰাই সংঘটিত হৈছিল আৰু ইয়াৰ বাবে আলফা অনুতপ্ত বুলি স্বীকাৰ কৰিছিল । সত্যক স্বীকাৰ কৰি ল'বলৈ পৰেশ বৰুৱাক পাচ বছৰ সময় লাগিছিল কিয়? অনুপ চেতিয়াৰ মতে বিপ্লৱ কৰিলে ভুল স্বীকাৰ কৰি লবলৈ সৎসাহসো থাকিব লাগে । চাওক এই বিশেষ সাক্ষাৎকাৰ ।