ETV Bharat / state

Russia Ukraine conflict: যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু ১৬ গৰাকী শিক্ষাৰ্থী

author img

By

Published : Mar 11, 2022, 1:53 PM IST

ইউক্ৰেইনৰ বিভীষিকাময় পৰিৱেশৰ মাজত আৱদ্ধ অসমৰ শতাধিক শিক্ষাৰ্থীক ইতিমধ্যে উদ্ধাৰ কৰি অনা হৈছে । শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয় অসমত ১৬ গৰাকী শিক্ষাৰ্থী(16 students from Ukraine reached Assam) । তেওঁলোকক অসম ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটীলৈ বিমানযোগে তেওঁলোকক প্ৰেৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে ।

ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু ১৬ গৰাকী শিক্ষাৰ্থী

গুৱাহাটী,১১ মাৰ্চ: ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইন(Russia Ukraine conflict)ত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অভিযান অব্যাহত ৰাখিছে । আজিও বহু সংখ্যক ভাৰতীয় লোকক উদ্ধাৰ কৰি স্বদেশলৈ অনা হয় । ইফালে ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকসকলক উদ্ধাৰ কৰি আনিবৰ বাবে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ সৈতে অসম চৰকাৰে অবিৰতভাৱে যোগাযোগ অব্যাহত ৰাখিছে ।

ইতিমধ্যে অসমৰ শতাধিক শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ কৰি অনা হৈছে । ইউক্ৰেইনত আৱদ্ধ হৈ থকা ১৬ গৰাকী অসমৰ শিক্ষাৰ্থী আন ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে শুকুৰবাৰে উপস্থিত হয় নতুন দিল্লীত (16 students from Ukraine reached Assam) ।

  • We welcome 16 of our students studying at Sumy State University, Ukraine after being evacuated by MEA. They were received at Delhi by Assam Bhawan officials. They will be staying at Assam House, New Delhi till their travel to Guwahati is arranged by us. pic.twitter.com/xZHhhjR0tq

    — Himanta Biswa Sarma (@himantabiswa) March 11, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁলোক হৈছে - খালিদ নাজিম ইছলাম (ডুনমুনিচুক), ফাৰুখ আব্দুল্লা (নগৰবেৰা), চাকিল আহমেদ (বনবাহাৰ), মাচুমা আখটাৰ (বৰপেটা), চাহিল আনোৱাৰ (সুনাৰী), আব্দুল ৰচিদ (জোনাই), মহম্মদ পাৰভেজ আলম (মঙলদৈ), শিৱাংগিনী ভট্টাচাৰ্য (গুৱাহাটী), মানস প্ৰতিম মেধি (গাছবাৰী), ইয়াহা আল মুবাৰক (লংকা), অৰিন্দম ফুকন (মোৰাবাজাৰ), আখটাৰ আলী (ডামপুৰ), ইনজামুল হক চৌধুৰী (মৰিগাঁও), মেহবুব আলম মজুমদাৰ (শিলচৰ), মেহৰুখ নিগাৰ জামান (গুৱাহাটী) আৰু জয়ীতা পাঠক (গুৱাহাটী) ।

লগতে পঢ়ক : Russia Ukraine war: ২১৮ জন ভাৰতীয়ক লৈ দিল্লীত উপস্থিত অপাৰেচন গংগাৰ নৱমখন বিমান

তেওঁলোকক সম্প্ৰতি নতুন দিল্লীৰ অসম ভৱনত ৰখা হৈছে ৷ শিক্ষাৰ্থীসকলক অসমলৈ ঘূৰি অহাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা অসম চৰকাৰৰ ফালৰ পৰা কৰা হ'ব । টুইটাৰযোগে শুকুৰবাৰে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, যুদ্ধজৰ্জৰ ইউক্ৰেইনত এতিয়াও অসমকে ধৰি ভাৰতৰ বহু শিক্ষাৰ্থী আৱদ্ধ হৈ আছে ।

যুদ্ধই বিধ্বস্ত কৰি পেলোৱা ইউক্ৰেইনত অধ্যয়নসূত্ৰে থকা অসমৰ শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি অনাৰ বাবে অসম চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে অব্যাহত আছে ‘অপাৰেচন গংগা’ ।

লগতে পঢ়ক : Russia-Ukraine conflict: ইউক্ৰেইনত আহত ভাৰতীয় ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.