গুৱাহাটী, ১৫ জুলাই : পূৰ্বৰ দৰে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলে লাভ নকৰিব আনন্দৰাম বৰুৱা বঁটা 2022 (Anundoram Borooah Award 2022) লেপটপ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে । মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক লেপটপৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে ‘CUT OFF MARK’ নিৰ্ধাৰণ কৰা হৈছে । ডিষ্টিংশ্যন-ষ্টাৰ নম্বৰ লাভ কৰাসকলহে পাব আনন্দৰাম বৰুৱা বঁটা । পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই লাভ কৰিছিল এই বঁটা । যোগ্য প্ৰাৰ্থীসকলক ছেবাৰ ৱেবছাইটযোগে আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে ।
উল্লেখ্য যে, আনন্দৰাম বৰুৱা বঁটাৰ বাবে মেট্ৰিকত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ ছেবাই বিদ্যালয় পৰিদৰ্শকসকলক নিৰ্দেশ দিছে । আনহাতে, পূৰ্বৰ দৰে লেপটপ প্ৰদানৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে এইবাৰ এই বঁটাৰ অধীনত কৃতী ছাত্ৰ-ছাত্ৰীসকলক ১৬,০০০ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত ইতিমধ্যে কেবিনেটত লৈছে ।
মেট্ৰিক আৰু হাইমাদ্ৰাছাত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে ছেবাই মুকলি কৰা প'ৰ্টেলত পঞ্জীয়ন কৰিব । sebaonline.org ত ছাত্ৰ-ছাত্ৰীসকলে নাম পঞ্জীয়ন কৰিব পাৰিব । এই প'ৰ্টেলটো আজিৰ পৰা ৩১ জুলাইলৈ খোলা থাকিব । আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্যতা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দিষ্ট প'ৰ্টেলটোৰ উক্ত আঁচনিৰ লিংকলৈ গৈ এডমিট কাৰ্ডত উল্লিখিত ৰোল, নম্বৰ, জন্ম তাৰিখ আদি দি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব ।
ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নামত থকা বেংক একাউণ্ট আই এফ চি ক’ডসহ উল্লেখ কৰি লগ ইন কৰিব লাগিব । ইফালে প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰি ছেবাক জমা দিব লাগিব । ছেবাৰ হাতত থকা তথ্য, প'ৰ্টেলৰ পঞ্জীয়ন আৰু বিদ্যালয় পৰিদৰ্শকৰ তালিকা পুনৰীক্ষণৰ পাছত প্ৰদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা আঁচনিৰ জৰিয়তে কৃৰ্তী ছাত্ৰ-ছাত্ৰীক ধন । বেংক একাউণ্টযোগে ছাত্ৰ-ছাত্ৰীসকলে এই বঁটাৰ ধন লাভ কৰিব ।
লগতে পঢ়ক : লেপটপ নিদিয়ে: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত