ETV Bharat / state

9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : May 3, 2022, 2:26 PM IST

Updated : May 3, 2022, 5:09 PM IST

কেইবাটাও কাৰ্যসূচীৰে 9 মে’ত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah to be visit Assam on 9th May) ৷ মঙলবাৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰ অসম ভ্ৰমণৰ বিষয়ে সদৰি কৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী(Amit Shah's two days Assam visit)য়ে কেইবাটাও অনুষ্ঠানত অংশ লোৱাৰ কথা ৷

amit-shah-to-be-visit-assam-on-9th-may-2022
অমিত শ্বাহ

গুৱাহাটী, 3 মে’ : 9 মে’ত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah to be visit Assam on 9th May) ৷ শ্বাহৰ দুদিনীয়া অসম ভ্ৰমণ(Amit Shah's two days Assam visit) ৰ বিষয়ে মঙলবাৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সুকলমে পাৰ কৰিলে এটা বছৰ ৷ ৰাজ্য চৰকাৰৰ বৰ্ষপুতিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী অনুসৰি, 9 মে’ত অসমত উপস্থিত হোৱাৰ পিছতে অংশগ্ৰহণ কৰিব বিএছএফৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ৷ একেদিনাই সন্ধিয়া উদ্বোধন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন ৷

9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

লগতে চাওক: বিজেপিত মেয়ৰ কেন্দ্ৰিক সংঘাত, দল এৰিলে শশাংকই

আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে 10 মে'ত অমিত শ্বাহে ৰাষ্ট্ৰপতিৰ হৈ অসম আৰক্ষীক প্ৰদান কৰিব "ৰাষ্ট্ৰপতিৰ কালাৰ" সন্মান ৷ পৰৱৰ্তী সময়ত দিনৰ 1.30 বজাত মন্ত্ৰীগৰাকীয়ে এখন দলীয় সমাৱেশত অংশগ্ৰহণ কৰিব ৷ তদুপৰি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’বলগীয়া কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷

উল্লেখ্য যে, সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা(Names of GMC mayor and deputy mayor has announced) কৰে ৰাজ্যিক বিজেপিয়ে ৷ এই ঘোষণাৰ পূৰ্বে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিষয়ে সদৰি কৰে ৷

লগতে চাওক: পুনৰ গুৱাহাটীৰ মেয়ৰ হ’ল মৃগেন শৰণীয়া

Last Updated : May 3, 2022, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.