ETV Bharat / state

নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধী প্ৰাৰ্থীক প্ৰতাৰণা কৰাৰ অভিযোগ

author img

By

Published : Aug 23, 2022, 9:54 PM IST

প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ ৰাজপথ ৷ নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধী প্ৰাৰ্থীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন (Allegations of deprivation of people with disabilities) কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ৷

PSSA Protetst in Guwagati
নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধীক প্ৰতাৰণা কৰাৰ অভিযোগ

গুৱাহাটী, ২৩ আগষ্ট : ‘‘হয় আমাক নিযুক্তি দিয়ক, নহয় আমাক গুলিয়াই মাৰক’’ ধ্বনিৰে উত্তাল গুৱাহাটীৰ ৰাজপথ ৷ সকলো শ্ৰেণীৰ লোকক সম অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধীসকলক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Allegations of deprivation of people with disabilities) ৷

প্ৰতিটো নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধীসকলক এলাগী কৰা বুলি অভিযোগ তুলি মঙলবাৰে দিঘলীপুখুৰীৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে (Disabled Protection Society) ৷ যাৰ ফলত দীৰ্ঘসময় ধৰি ৰাজপথত স্তব্ধ হৈ যাতায়ত ব্যৱস্থা ৷ জিএনবি ৰোডৰ অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ সম্মুখত প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে বেনাৰ আৰি প্ৰতিটো নিযুক্তিত ৪ শতাংশ হাৰত প্ৰতিবন্ধীসকলক নিযুক্তি দিবলৈ দাবী জনায় (PSSA Protetst in Guwagati) ৷

লগতে অসম চৰকাৰৰ ময়মতালী নচলিব, মুখ্যমন্ত্ৰী হায় হায়, পেঞ্চনৰ ধন ১ হাজাৰৰ পৰিৱৰ্তে ৩ হাজাৰলৈ বৃদ্ধি কৰা, আমাৰ দাবী মানি লওক, অসম পুলিচ গ’ বেক, প্ৰতিবন্ধীক প্ৰতাৰণা কৰা চৰকাৰ নিপাত যাওক ইত্যাদি শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয়, ‘‘নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি ৪ শতাংশ হাৰত প্ৰতিবন্ধীসকলে সংৰক্ষণ পাব লাগে ৷ কিন্তু চৰকাৰে এইসমূহৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ফলত হীনমন্যতাত ভুগিছে প্ৰতিবন্ধীসকল’’ ৷

লগতে পঢ়ক : চৰকাৰক পুৰণি পেঞ্চন নীতি বাহালৰ আহ্বান জোনাই মহকুমা এন পি এছ কৰ্মচাৰী সন্থাৰ

লগতে তেওঁ কয়, ২০১৮ চনৰ ৩১ ডিচেম্বৰতে প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ে যোৱা ২৬ এপ্ৰিলত ঘোষণা কৰা চতুৰ্থবৰ্গৰ বিশেষ পৰীক্ষাৰ ফলাফলৰ তালিকাখনৰ আসোঁৱাহসমূহ দূৰ কৰি চৰকাৰৰ হাতত জমা দিবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক নিৰ্দেশ দিয়াৰ বাবে বাৰম্বাৰ লিখিতভাৱে দাবী প্ৰদান কৰাৰ পাচতো কোনো কাৰ্যকৰী ব্যৱস্থা আজিলৈ চৰকাৰখনে গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । গতিকে অহা ২৪ ঘণ্টাৰ ভিতৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আসোঁৱাহমুক্ত তালিকা প্ৰকাশ কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

আনহাতে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ অনুষ্ঠিত কৰা তৃতীয় চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধীসকলে লাভ কৰিবলগীয়া সহায়ক প্ৰদানৰ ক্ষেত্ৰত কিছু কিছু জিলাত খেলিমেলি হোৱা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ প্ৰক্ৰিয়াটো ২৬ হাজাৰ পদৰ বিপৰীতে প্ৰতিবন্ধী আইন ২০১৬ ৰ দফা নং ৩৪ অনুসৰি ৪% হাৰত প্ৰতিবন্ধীসকলে পাবলগীয়া ১০৫৪ টা পদ প্ৰদানৰ কথা চৰকাৰে স্পষ্ট নকৰাতো ৰহস্যজনক ৷

মালাকাৰে অভিযোগ কৰা অনুসৰি নিযুক্তি প্ৰক্ৰিয়াত অনুসূচিত জাতি-জনজাতিৰ প্ৰাৰ্থীসকলক মাচুল ৰেহাই দিয়াৰ বিপৰীতে প্ৰতিবন্ধীসকলৰ বাবে কোনোধৰণৰ মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা নকৰিলে ৷ সেয়েহে অনতি বিলম্বে প্ৰতিবন্ধীসকলৰ পৰা সংগ্ৰহ কৰা মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : অধ্যক্ষ অধ্যাপকক হাৰাশাস্তি কৰাৰ অভিযোগত কাছাৰ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ ধৰ্ণা

তেওঁ লগতে দিব্যাংগ পেঞ্চনৰ ধনৰাশি অৰুণোদয় আঁচনিৰ লগত একাকাৰ কৰাৰ পৰিৱৰ্তে প্ৰতিবন্ধী আইনৰ ২৪ দফা অনুসাৰে প্ৰতিবন্ধী লোকসকলে লাভ কৰি থকা পেঞ্চনৰ মাহেকীয়া ধনৰাশি ১০০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰি প্ৰকৃত প্ৰতিবন্ধী লোকসকলক সুকীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰে ৷

এই প্ৰতিবাদৰ জৰিয়তে প্ৰত্যেকগৰাকী আৰ্থিকভাৱে দুৰ্বল প্ৰতিবন্ধী লোকক আবাসগৃহ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ প্ৰতিবাদস্থলীত উপস্থিত হৈ সামাজিক ন্যায় আৰু সৱলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া উপস্থিত হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰি চৰকাৰৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত কাৰ্যসূচীৰ সামৰণি মাৰে ৷

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত মধ্য অসম প্ৰতিবন্ধী সংস্থাৰ সভাপতি টংকেশ্বৰ বৰা, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰণৱ বেজবৰুৱাকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : গাঁও সমিতি নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাত ৮ শতাধিক জনজাতীয় লোকৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.