ETV Bharat / state

চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ - অখিল গগৈ মুক্ত

নিয়া(NIA)ৰ বিশেষ আদালতত হোৱা আজিৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে। চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব। চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে। দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব।

চাবুৱা থানৰ NIA ৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

author img

By

Published : Jun 22, 2021, 12:23 PM IST

গুৱাহাটী, ২২ জুনঃ চাবুৱা থানাৰ 'নিয়া'(NIA)ৰ গোচৰত চার্জ শুনানিৰ অন্তত ৰেহাই পালে অখিল গগৈয়ে । 'নিয়া'ৰ বিশেষ আদালতত হোৱা মঙলবাৰৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে । চাবুৱা থানাৰ গোচৰৰ সকলো অভিযোগৰ পৰা ৰেহাই দিয়া হ'ল তিনিওজনকে । অৱশ্যে চানমাৰি থানাৰ গোচৰটোৰ শুনানী এতিয়াও চলি আছে ।

ইফালে অখিল গগৈক মাতৃক সাক্ষাৎ কৰিবৰ বাবে অনুমতি বিচাৰি আজি অদালতত আবেদন জনোৱা হৈছে । ৫৫ পৃষ্ঠাৰ অৰ্ডাৰ পাছ কৰিছে আদালতে। একেদৰে চাবুৱা থানাৰ গোচৰ সন্দৰ্ভত আন এজন অভিযুক্ত ভাস্কৰজ্যোতি ফুকনে ৰেহাই নাপালে । তেওঁৰ গোচৰৰ শুনানি ডিব্ৰুগড়ৰ আদালতত চলিব ৷ আনহাতে নিয়াই আৰোপ কৰা সকলো অভিযোগৰ পৰা ৰেহাই পালে অখিল গগৈয়ে ।

চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত আছিল অখিল গগৈ । আজি আদালতে অখিল গগৈক সকলো অভিযোগৰ পৰা মুক্ত কৰে । হত্যাৰ চেষ্টাৰ অভিযোগৰ পৰাও মুক্ত হ'ল অখিল গগৈ । আনহাতে চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব । চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে । দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব ।

আজিৰ শুনানি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সবিশেষ ব্যক্ত কৰিলে অধিবক্তা কৃষ্ণ গোঁহায়ে ৷ উল্লেখ্য যে, আজি অৰ্থাৎ মঙলবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক 'নিয়া' ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিয়াৰ আদালতলৈ অনা হয় অখিল গগৈক । চানমাৰি আৰু চাবুৱা থানাৰ নিয়াই তদন্ত কৰি থকা দুটা গোচৰ সন্দৰ্ভত আজি আদালতে চাৰ্জ অৰ্ডাৰ দিয়াৰ সম্ভাৱনা আছিল ।

মন কৰিব লগীয়া যে, ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্ত‍াৰ হোৱা অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বহু কেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে । ইতিমধ্যে বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন লাভ কৰিছে যদিও নিয়াই তদন্ত কৰি থকা চাবুৱা থানাৰ গোচৰত তেওঁ জামিন লাভ কৰা নাছিল । বিগত ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈক বিভিন্ন গোচৰত কেইবাবাৰো কাৰাগাৰতে গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়কঃ NIA ৰ বিশেষ আদালতত অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.