ETV Bharat / state

নিয়াৰ আদালতত হাজিৰ অখিল গগৈ - নিয়া

‘নিয়া’ৰ বিশেষ আদালতত হাজিৰ কৃষক নেতা অখিল গগৈ,মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক,ৰেপিড এক্সন ফ’ৰ্চক অখিল গগৈৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত কৰা হৈছে

মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ
নিয়াৰ আদালতত হাজিৰ অখিল গগৈ
author img

By

Published : Dec 17, 2019, 1:00 PM IST

Updated : Dec 17, 2019, 3:38 PM IST

নিউজ ডেস্ক,17 ডিচেম্বৰঃ কৃষক নেতা অখিল গগৈক মঙলবাৰে গুৱাহাটীত থকা ‘নিয়া’ৰ বিশেষ আদালতত হাজিৰ ৷ নিয়াই ডিব্ৰুগড় আৰক্ষী থানাত গগৈৰ বিপক্ষে 13/2019 নং এক গোচৰ ৰুজু কৰিছিল ৷ বিগত ১১ ডিচেম্বৰৰ পৰা যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল কৃষক মুক্তিৰ নেতাগৰাকী ৷ পুৱাৰ ভাগত ৰাষ্ট্ৰীয় অনুসন্ধানমূলক সংস্থাটোৱে যোৰহাট সত্ৰ ন্যায়াধীশৰ ওচৰত নেতাগৰাকীক হাজিৰ কৰোৱায় ৷ পিছত আকাশীযানেৰে গুৱাহাটীলৈ আনে অখিল গগৈক ৷

নিয়াৰ আদালতত হাজিৰ অখিল গগৈ

আদালতত হাজিৰ কৰা মুহুৰ্তত গগৈয়ে কয়-"মোক অত্যাচাৰ কৰা হৈছে । তদুপৰি পিছফালে হাত বান্ধি যোৰহাটৰ পৰা আনিছে" । ৰেপিড এক্সন ফ’ৰ্চক অখিল গগৈৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত কৰা হৈছে ৷ ইতিমধ্যে আদালত চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ উল্লেখ্য যে, মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক ৷

লগতে চাওকঃশীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে

Intro:Body:

AKHIL ON NIA COURT

Conclusion:
Last Updated : Dec 17, 2019, 3:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.