গুৱাহাটী,7 জানুৱাৰী: পুনৰ মুকলি আকাশৰ তললৈ অহাৰ স্বপ্ন ভংগ অখিল গগৈৰ ৷ বৃহস্পতিবাৰে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে অখিল গগৈৰ জামিন আবেদন ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA) ৰ 13/2019 নম্বৰৰ গোচৰত জামিন নাকচ উচ্চ ন্যায়ালয়ৰ ৷ দীঘলীয়া শুনানীৰ অন্তত ৰায়দান কৰিলে খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ কে আৰ চূড়ানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰেৰে গঠিত খণ্ড বিচাৰপীঠে ৷ উল্লেখ্য যে,সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজ্যজুৰি হোৱা গণ আন্দোলনৰ সময়ত 2019 বৰ্ষৰ 17 ডিচেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক ৷ ইয়াৰ পাছতে ভাৰতীয় দণ্ডবিধিৰ 120 (খ)/124(ক)/153(ক) আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ 18/39 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৷ ইয়াৰ লগতে গগৈৰ বিৰুদ্ধে আৰক্ষীৰ উপ-পৰিদৰ্শক মনোৰঞ্জন মজুমদাৰেও চানমাৰি থানাত এজাহাৰ দাখিল কৰি চানমাৰি থানাত নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ ৷ চানমাৰি থানাত সতীৰ্থসহ গগৈৰ বিৰুদ্ধে 1688/2019 নম্বৰত গোচৰ ৰুজু কৰিছিল চানমাৰি আৰক্ষীয়ে ৷

2019 বৰ্ষৰ 14 ডিচেম্বৰত ৰুজু হোৱা এই গোচৰটো পৰৱৰ্তী সময়ত NIA লৈ হস্তান্তৰ কৰিছিল কেন্দ্ৰই ৷ অৱশ্যে অখিল গগৈৰ উপৰিও আন পাঁচজনৰ নাম উল্লেখ আছিল এজাহাৰত ৷ উক্ত গোচৰত গ্ৰেপ্তাৰ হৈছিল কৃষক মুক্তিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ ৷ লগতে গ্ৰেপ্তাৰ হৈছিল বিতু সোনোৱাল,মানস কোঁৱৰো ৷ পৰৱৰ্তী সময়ত আটাইকেইজনে জামিন লাভ কৰে যদিও তাৎপৰ্যপূৰ্ণ ভাৱে সেই একে গোচৰত গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ জামিন আৱেদন নাকচ কৰে উচ্চ ন্যায়ালয়ে ৷ সকলোৱে আশা কৰিছিল নিৰ্বাচনৰ আগেয়ে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ব অখিল ৷ কিন্তু বৃহস্পতিবাৰে হাজাৰ হাজৰ সমৰ্থকৰ সেই আশা পুনৰ বাৰ ভংগ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

ইফালে বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অধিৱেশন ৷ দলীয় কৰ্মীসকলে পৰম উৎসাহেৰে বাট চাই আছিল অখিল গগৈয়ে মুক্তি লাভ কৰি দলৰ নেতৃত্ব বহন কৰিব৷ কিন্তু সকলোৰে চিন্তাত আউল লগাই উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে পুনৰ নাকচ কৰিলে অখিলৰ জামিন আৱেদন ৷ যাৰ বাবে আশাহত হৈ পৰিল কৃষক মুক্তি সংগ্ৰাম সমিতি অথবা ৰাইজৰ দল ৷ অখিলৰ জামিন আবেদনৰ শুনানিৰ পাছতেই সেয়েহে ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হ’ল অখিলৰ সমৰ্থক সকল ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানত হতাশ হৈ উচ্চ ন্যায়ালয়ৰ চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ সমৰ্থকে ৷ লগতে ক্ষোভ উজাৰিলে শাসনযন্ত্ৰৰ প্ৰতি ৷ আনহাতে প্ৰতিবাদ স্থলীৰ পৰাই হুংকাৰ প্ৰদান কৰিলে শাসকীয় বিজেপি দলক-“অখিলে জেলত থাকিয়েই নিৰ্বাচন খেলিব ৷ 21 ৰ নিৰ্বাচনত বিজেপিক শাসনৰ পৰা উফৰাই জাতীয়তাবাদৰ চৰকাৰ গঠন কৰিব ৰাইজৰ দলে ৷” অৱশ্যে অখিলৰ মুক্তিৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদত প্ৰতিবাদ কৰি আটক হ’ব লগা হ’ল আম আদমী পাৰ্টিৰ দুজন সমৰ্থক ৷ উল্লেখ্য যে,সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈয়ে মৰাণত অনুষ্ঠিত হৈ থকা অধিৱেশনৰ পূৰ্বে জামিন লাভ নকৰা ঘটনাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়কঃ কান্দোনত ভাগি পৰিল অখিলৰ ৰোগীয়া মাতৃ