ETV Bharat / state

DGP জি পি সিঙৰ অসমত প্ৰত্যাৱৰ্তনৰ লগে লগেই বৃদ্ধি হৈছিল ভূৱা এনকাউন্টাৰ: অখিল গগৈ - Akhil Gogoi Slams ULFA

Fake Encounter: সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ । এনকাউন্টাৰ আৰু আলফা স্বাধীনৰ প্ৰসংগত সৰৱ হৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক হত্য়াকাৰী চৰকাৰ আখ্যা দিয়ে অখিল গগৈয়ে । ভূৱা এনকাউণ্টাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰি আলফা স্বাধীন আৰু চৰকাৰৰ মাজত শান্তি চুক্তি প্ৰসংগতো মত প্ৰকাশ বিধায়কগৰাকীৰ ।

Akhil Gogoi react on fake Encounter
এনকাউণ্টাৰ প্ৰসংগত অখিল গগৈৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:23 PM IST

এনকাউণ্টাৰ প্ৰসংগত অখিল গগৈৰ সংবাদমেল

গুৱাহাটী,২৬ ডিচেম্বৰ: "হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হত্যাকাৰী চৰকাৰ । হিমন্ত বিশ্ব আৰু জি পি সিঙে ভুৱা এনকাউন্টাৰ কৰি ৮২ জনক হত্যা কৰিলে ।" অখিল গগৈ । মঙলবাৰে নিজ বাসগৃহত সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ । এনকাউন্টাৰ আৰু আলফা স্বাধীনৰ প্ৰসংগত সৰৱ হৈ পৰে বিধায়কগৰাকী ।

শদিয়া, শিৱসাগৰ আৰু ৰঙিয়াত ৫ জন অসমীয়া যুৱকক এনকাউন্টাৰ কৰাৰ দৰে বৰ্বৰ ঘটনাক গৰিহণা দি তেওঁ এনে এনকাউন্টাৰৰ ঘটনা বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে । তেওঁ লগতে উল্লেখ কৰে যে আৰক্ষীৰ এনকাউন্টাৰত ৮২ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১৮৮ জন লোক এনকাউন্টাৰত আহত হৈছে । বিজেপি চৰকাৰে কা আন্দোলনৰ পৰাই ভুৱা এনকাউন্টাৰ আৰম্ভ কৰিছিল বুলি মত প্ৰকাশ কৰি তেওঁ কয় DGP জি পি সিঙৰ অসমত প্ৰত্যাৱৰ্তনৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছিল ভুৱা এনকাউন্টাৰৰ ঘটনা ।

মুঠ ১৮৮ টা ভুৱা এনকাউন্টাৰ অসম আৰক্ষীৰ জিম্মাত হৈছে । আৰক্ষীৰ হাতত এনে ঘটনাত মৃত্যু হৈছে ৮২ জনৰ । শিৱসাগৰৰ, ৰঙিয়া, শদিয়াত এনে ভুৱা এনকাউন্টাৰ হৈছে বুলি মন্তব্য কৰি বিধায়ক গগৈয়ে কয় ৯০ দশকৰ ক'লা অধ্যায় বৰ্তমান পুনৰাবৃত্তি হ'ব সেই প্ৰশ্নই ৰাইজৰ মনত উকমুকনি দিছে । এনে বৰ্বৰ ঘটনা বন্ধৰ বাবে ৰাইজৰ দলৰ হৈ তেওঁ দাবী উত্থাপন কৰে । DGP জি পি সিং আৰু মুখ্যমন্ত্ৰীক এনে ভুৱা এনকাউন্টাৰ বন্ধ কৰাৰ বাবে দাবী জনায় গগৈয়ে ।

সংবাদমেলত জি পি সিং আৰু পৰেশ বৰুৱাকো সমালোচনাৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে । আলফা চুক্তি সন্দৰ্ভত তেওঁ কয় যে আলফাৰ শান্তি চুক্তিৰ একো ফল লাভ নকৰিব । আলফা-চৰকাৰৰে শান্তি চুক্তি স্বাক্ষৰে একো ভাল ফলাফল নানে । শান্তি চুক্তিৰ নামত এনেই আলোচনাৰ পাছত আলোচনা হৈ আছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । আনহাতে মাটিৰ দালাল সম্পৰ্কে উল্লেখ কৰি অখিল গগৈয়ে অসমৰ আটাইতকৈ ডাঙৰ মাটিৰ দালাল হিচাপে চিহ্নিত ছয় গাঁৱৰ পুতু ওৰফে পংকজ জৈন, কনক ডেকা, ফণী তালুকদাৰ, নাৰায়ণ ডেকাৰ নাম মুখ্যমন্ত্ৰীক কৈ থকাৰ পিছতো কিয় এই দালাল কেইটাক ধৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে ।

লগতে তেওঁ কয় উত্তৰ গুৱাহাটীলৈ গ'লেই গম পাব কিমান মাটি দালালে দখল কৰিছে । গুৱাহাটীৰ মাজমজিয়াত যিমান মাটি দখল হয় তাৰ আঁৰত আৰক্ষী আৰু ৰাজনৈতিক নেতা জড়িত থাকে বুলি মন্তব্য কৰে । বিদ্যুতৰ মাচুল বৃদ্ধিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় এ পি ডি চি এল এটা মধ্যভোগী । কোনো নীতি নথকাৰ বাবে মাচুল বৃদ্ধি হৈ আছে ।

ইয়াৰোপৰি বিৰোধী ঐক্য মঞ্চ সম্পৰ্কে কয়, চৰ চাপৰিলৈ যাবৰ বাবে সকলো বিৰোধী ঐক্যক আহ্বান জনোৱা হৈছে । বিৰোধী ঐক্যই কেৱল সভা অনুষ্ঠিত কৰি থাকিলেই নহ'ব । যদি তেনেকুৱাই কৰে বিৰোধী ঐক্যই এইবাৰো পৰাজয় বৰণ কৰিব । যদি এই সিদ্ধান্ত লোৱা হয় তেন্তে ৭০ জন হিমন্ত বিশ্ব শৰ্মা থাকিলেও বিৰোধী ঐক্যৰ জয় নিশ্চিত বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক: প্ৰতিদিনে আৰক্ষীৰ জেৰা আৰু মাৰপিট, অৱশেষত গছত চিপ লৈ হত্যা দীপাংকৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.