গুৱাহাটী, 19 মে’ : অসমৰ চৰকাৰী চাকৰিত, বিশেষকৈ প্ৰাথমিক শিক্ষকৰ পদত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সপক্ষত মন্তব্য কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক উভতি ধৰিছে অসম জাতীয় পৰিষদে (AJP reacts on education minister comments )।
শুকুৰবাৰে গুৱাহাটীত অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ সম্পাদক অমৃত খাটনীয়াৰে সংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ হিন্দী আৰু বাংলা মাধ্যমৰ বিদ্যালয়ৰ বাবে বহিঃৰাজ্যৰ প্ৰাৰ্থী কিয় আনিব লগা হ’ল ? অসমৰ হিন্দী ভাষী আৰু বাংলা ভাষী স্থানীয় নিবনুৱাক নিযুক্তি দিয়াটোত কিয় প্ৰাধান্য দিয়া নহ’ল ? শিক্ষামন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ দিয়া উচিত (AJP reacts on recruitment of foreign candidates in Assam govt jobs) ৷
উল্লেখযোগ্য যে, বহিৰাগত প্ৰাৰ্থীক অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি দিয়াৰ পক্ষত যুক্তি দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে বৃহস্পতিবাৰে কৈছিল যে, বিহাৰ বা পশ্চিম বংগৰ পৰা অহা উক্ত প্ৰাৰ্থীসকলক ৰাজ্যৰ হিন্দী বা বাংলা ভাষাৰ বিদ্যালয়তহে নিযুক্তি দিয়া হ'ব ৷ মন্ত্ৰীগৰাকীয়ে লগতে এইবুলিও কৈছিল যে, ভাৰতৰ নাগৰিক হ'লে এখন ৰাজ্যৰ নাগৰিকে আন এখন ৰাজ্যত চাকৰি কৰাত একো সাংবিধানিক বাধা নাই ৷
শিক্ষামন্ত্ৰীগৰাকীৰ উক্ত বক্তব্যক দায়িত্বহীন আখ্যা দি জাতীয় পৰিষদৰ সম্পাদকে কয়, "এখন ৰাজ্যৰ মানুহে আন এখন ৰাজ্যত চাকৰি কৰিব পাৰে ৷ কিয় নোৱাৰিব ৷ কিন্তু অসমৰ নিবনুৱাসকলৰ স্বাৰ্থত ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত বা ৰাজ্য চৰকাৰৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদসমূহত স্থানীয় নিবনুৱাৰ নিযুক্তিত অগ্ৰাধিকাৰ দিয়াটো অসম চৰকাৰৰ দায়িত্ব ৷ কাৰণ অসম ৰাজ্যই ভয়াৱহ নিবনুৱা সমস্যাৰ বোজা বহন কৰিব পৰা নাই ৷ অথচ আমাৰ ৰাজ্যত সংস্থাপনৰ পৰ্যাপ্ত সুবিধাও নাই’’ ৷
যি যৎসামান্য চৰকাৰী চাকৰি ওলায়, তাতো যদি বহিৰাগতই দখল দিয়ে, তেতিয়া হ'লে অসমৰ স্থানীয় নিবনুৱাসকল ক'ত যাব বুলি তেওঁ প্ৰশ্ন কৰে ।
লগতে পঢ়ক : Rs 2000 currency circulation : বন্ধ হ’ব 2000 টকীয়া নোটৰ প্ৰচলন