ETV Bharat / state

Ek Asom Yatra: বিজেপি দলে অসমখন এক হোৱাটো নিবিচাৰে নেকি; প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:41 PM IST

অষ্টম দিনা গুৱাহাটীত অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা' । শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰা অভিযানৰ অষ্টম দিনা গুৱাহাটীত উপস্থিত হৈ এজেপিৰ নেতৃবৃন্দই জালুকবাৰীৰ পৰা যাত্রা আৰম্ভ কৰি খানাপাৰাত সমাপ্তি ঘটায় । জালুকবাৰীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন । শ্ৰদ্ধা নিবেদন বীৰ লাচিত বৰফুকন প্ৰতিমূৰ্তিত । সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা যাত্রা খানাপাৰালৈ ।

Ek Asom Yatra
Ek Asom Yatra
অষ্টম দিনা গুৱাহাটীত অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা'

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে 'এক অসম যাত্ৰা'ৰ বাৰ্তা লৈ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰে । শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰা এই অভিযানৰ আজি অষ্টম দিনা গুৱাহাটীত উপস্থিত হৈ এজেপিৰ নেতৃবৃন্দই জালুকবাৰীৰ পৰা যাত্রা আৰম্ভ কৰি খানাপাৰাত সমাপ্তি ঘটায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

আৰম্ভণিতে জালুকবাৰীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বীৰ লাচিত বৰফুকন প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় এজেপিৰ নেতৃত্বই । ইয়াৰ পাছত সোণাৰাম হাইস্কুল খেলপথাৰত উপস্থিত হৈ ‘এক অসম যাত্ৰা’ৰ দলটো খানাপাৰা অভিমুখে ৰাওনা হয় ।

বিশাল সমদল লৈ পদযাত্রা কৰা দলটোৰ নেতৃত্ব দিয়ে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি ভালেসংখ্যক নেতাই । অষ্টম দিনাৰ কাৰ্যসূচী খানাপাৰাত সমাপ্ত কৰা হয় ।

ৰাইজক উদ্দেশ্যি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে অসমৰ ভাল ভৱিষ্যতৰ বাবে আমি আগুৱাই যাবই লাগিব। সাম্প্ৰদায়িকতা নাইকিয়া কৰি সমন্বয়ৰ বৰভেঁটি তথা একতা আৰু ভাতৃত্ববোধ অসম ভূমিত প্ৰতিষ্ঠা কৰাৰ বাবে এই যাত্রা আৰম্ভ কৰা হৈছে ।

লক্ষ্য এক অসম আৰু ঐক্যবদ্ধ অসম বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ মানুহৰ স্বাভিমান ঘূৰাই আনিবৰ বাবে তথা ভাষা-কলা-কৃষ্টি সুৰক্ষিত কৰিবৰ বাবে এই যাত্রা অব্যাহত থাকিব । আনহাতে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ৰাইজেও সমাজৰ পৰা ঘৃণা-সাম্প্ৰদায়িকতা নোহোৱা হোৱাটো বিচাৰে । আমিও সেই লক্ষ্যৰেই আগবাঢ়িছো ।

এইক্ষেত্রত তেওঁলোকে ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা বুলি সদৰী কৰে । আনহাতে নামনিৰ দৰে উজনিটো তেওঁলোকে ব্যাপক সঁহাৰি লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

ইফালে, এই যাত্রাকলৈ শাসকীয় দল বিজেপিয়ে কৰা সমালোচনা সন্দৰ্ভত তেওঁ প্ৰশ্ন কৰি কয় যে বিজেপি দলে অসমখন এক হোৱাটো নিবিচাৰে নেকি । সমন্বয় কৰাটো যদি বিজেপিয়ে বেয়া পাই তেন্তে ক'বলগীয়া একো নাই বুলি তেওঁ কয় । উল্লেখ্য যে শুকুৰবাৰে নৱম দিনা এজেপিৰ 'এক অসম যাত্ৰা'ই মৰিগাঁৱত প্ৰৱেশ কৰিব ।

লগতে পঢ়ক: Assam BJP: লুৰীণজ্যোতি গগৈৰ পৰা সাম্প্ৰদায়িকতাৰ সংজ্ঞা লাগে ৰাজ্যিক বিজেপিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.