ETV Bharat / state

অজন্তা নেওগৰ বিজেপি গমনৰ বাৰ্তাই জোকাৰিছে কংগ্ৰেছক

author img

By

Published : Dec 18, 2020, 7:56 PM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে এজনৰ পিছত আনজন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰা কাৰ্যই বিমোৰত পেলাইছে দলটোক । ভয় দেখুৱাই আন দলৰ মানুহক নিজৰ দললৈ নিয়াটো‌ বিজেপিৰ পুৰণি কৌশল বুলি গেৰুৱা দলটোক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ । চলিত মাহতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে বিজেপি দলৰ সদস্যতা গ্ৰহণৰ সম্ভাৱনা ।

অজন্তা নেওগৰ বিজেপি গমনৰ বাৰ্তাই জোকাৰিছে কংগ্ৰেছক
অজন্তা নেওগৰ বিজেপি গমনৰ বাৰ্তাই জোকাৰিছে কংগ্ৰেছক

গুৱাহাটী, ১৮ ডিচেম্বৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগ দিবলৈ সাজু হোৱা খবৰে বাৰুকৈয়ে জোকাৰণি তুলিছে প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰত । উল্লেখ্য যে,অহা ২৫ ডিচেম্বৰৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । তেওঁৰ উপস্থিতিতে অজন্তা নেওগে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে । ইপিনে,অজন্তা নেওগৰ বিজেপি গমনৰ বাৰ্তাই কংগ্ৰেছ দলক একপ্ৰকাৰ বিমোৰত পেলাইছে ।

সম্প্ৰতি কাৰ্বি আংলং ভ্ৰমণত ব্যস্ত থকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিভিন্ন ধৰণৰ ভয়-ভাবুকিৰে আন দলৰ মানুহক নিজৰ দললৈ নিয়াটো‌ বিজেপিৰ পুৰণি কৌশল বুলি মন্তব্য কৰিছে । একেদৰে এই প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে,কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বৰ ওপৰত আস্থা আৰু বিশ্বাস নাই বাবেই বহুতে কংগ্ৰেছ এৰি আন দললৈ ঢাপলি মেলিছে ।

বৃহস্পতিবাৰে সন্ধিয়া অজন্তা নেওগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে । আনহাতে,২০২১ৰ নিৰ্বাচনৰ পূৰ্বে আন ৰাজনৈতিক দলে নিজ নিজ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত হৈ থকাৰ বিপৰীতে কংগ্ৰেছ দলত দল একাংশ নেতাই দল ত্যাগ কৰাহে দেখা গৈছে ।

লগতে পঢ়ক:চিৰাঙত চাওঁতাল ছাত্ৰ সন্থাৰ বিজয় উৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.