ETV Bharat / state

গুৱাহাটী বায়ু সেনা চাউনীৰ কামাণ্ডিং বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ এয়াৰ কম'ড'ৰ ভিটি মাৰেৰ - DSSC

বিগত 6 মে তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগে গুৱাহাটী বায়ুসেনা চাউনীৰ মুখ্য কামাণ্ডিং বিষয়া হিচাপে দায়িত্বভাৰ অৰ্পণ কৰে এয়াৰ কম'ড'ৰ ভেংকট টি মাৰেক ৷ বুধবাৰে গুৱাহাটী বায়ুসেনা চাউনীত উপস্থিত হৈ আনুষ্ঠানিকভাৱে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে জ্যেষ্ঠ তথা অভিজ্ঞ বায়ুসেনা বিষয়াগৰাকীয়ে ৷

এয়াৰ কম'ড'ৰ ভিটি মাৰে
author img

By

Published : May 8, 2019, 9:16 PM IST

গুৱাহাটী, 8 মেঃ গুৱাহাটী বায়ুসেনা চাউনীৰ কামাণ্ডিং বিষয়া হিচাপে আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰিলে বায়ুসেনাৰ জ্যেষ্ঠ তথা অভিজ্ঞ বিষয়া এয়াৰ কম'ড'ৰ ভেংকট টি মাৰে ৷ বৰঝাৰস্থিত বায়ুসেনা চাউনীৰ বিদায়ী কামাণ্ডিং বিষয়া এয়াৰ কম'ড'ৰ শশাংক মিশ্ৰৰ ঠাইত স্থলাভিষিক্ত হয় এয়াৰ কম'ড'ৰ ভেংকট টি মাৰে ৷ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতেই আজি বৰঝাৰস্থিত বায়ুসেনা চাউনীত উপস্থিত হয় বিষয়াগৰাকী ৷ বায়ু সেনাৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰি নিজৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে এয়াৰ কম'ড'ৰগৰাকীয়ে ৷

এয়াৰ কম'ড'ৰ ভিটি মাৰে

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অকাডেমি চমুকৈ এন ডি এ স্নাতক এয়াৰ কম'ড'ৰ ভেংকট টি মাৰে 1990 চনৰ 16 জুনত এগৰাকী হেলিকপ্টাৰ পাইলট হিচাপে বায়ুসেনাত যোগদান কৰিছিল ৷ প্ৰায় 6000 ঘন্টাৰ উৰণ অভিজ্ঞতা থকা বিষয়াগৰাকী উত্তৰ-পূব আৰু জম্মু কাশ্মীৰত হেলিকপ্টাৰ চালনাৰ বিশেষ অভিজ্ঞতাৰে পুষ্ট ৷ বৰঝাৰ বায়ুসেনা চাউনীৰ কামাণ্ডিং বিষয়া হিচাপে যোগদান কৰাৰ পূৰ্বে উত্তৰ-পূবৰ এটি হেলিকপ্টাৰ ইউনিট আৰু আন্দামান নিকোবৰ দীপপুঞ্জস্থিত বায়ুসেনা চাউনীৰ কামাণ্ডিং বিষয়া হিচাপে দায়িত্বৰত আছিল এয়াৰ কম'ড'ৰগৰাকী ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ অধীনত কংগো দেশটো সেৱা আগবঢ়াইছে এইগৰাকী অভিজ্ঞ বায়ুসেনা বিষয়াই ৷ ডিফেন্স চাৰ্ভিছেজ ষ্টাফ কলেজ,ৱেলিংটন আৰু আৰ্মী ৱাৰ কলেজ,এমহাওত হায়াৰ কামাণ্ড কৰ্ছৰ স্নাতক বিষয়াগৰাকী বুধবাৰে গুৱাহাটীত উপস্থিত হৈ নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে৷

Slug:-As_kam_8may_venkat_t_mare_take_over_811-812_vis+photo_as10020

(Assamese Script Also Send)

AIR COMMODORE VENKAT T MARE TAKES OVER AS AIR OFFICER COMMANDING OF AIR FORCE STATION GUWAHATI

Air Commodore Venkat T Mare took over the charge of Air Force Station Borjhar, Guwahati from Air Commodore Shashank Misra VM on 06 May 20129. The Air Commodore is an aluminus of National Defence  Academy, Khadakwasla. He was Commission in the Flying Branch of Indian Air Force as Helicopter Pilot on 16 June 1990. The Officer is an experienced Helicopter Pilot with 6000 flying hours and has extensively flown in North East as well as Jammu & Kashmir sector in various operational roles. He has undergone Staff Course at Defence Service Staff College, Wellington and Higher Command Course at Army War College, Mhow.
  Air Commodore Mare has previously Commanded an Operational Helicopter Unit in Northeast and an Air Force Station in Andaman & Nicobar Island. The officer has also served in UN Mission in Democratic Republic of Congo.

Ajay Das, South Kamrup/Azara,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.