গুৱাহাটী, ১৬ জুন : বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে(congress) শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পিছৰে পৰা প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰত এক ধৰণৰ নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ উদ্ভৱ হৈছে । কেইবাজনো বৰ্তমানৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ আদিয়ে ইতিমধ্যে মুকলিকৈ সংবাদ মাধ্যমৰ আগত দলীয় নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰাই নহয়, অতি কটু সমালোচনাও কৰিছে ।
বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি ৰিপুণ বৰাক উক্ত পদৰ পৰা আঁতৰাই এগৰাকী নতুন সভাপতি নিযুক্তি দিবলৈও ইতিমধ্যে কেইবাজনো প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়কে পত্ৰ প্ৰেৰণ কৰিছে ছোনিয়া গান্ধীলৈ । আনকি অনুৰূপ পত্ৰ হাই কমাণ্ডলৈ পঠিয়াইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
এনে পৰিস্থিতিত খুব সূক্ষ্মভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ(APCC) সমস্ত ঘটনাক্ৰম পৰ্যবেক্ষণ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটি(AICC) য়ে । এআইচিচিৰ অন্যতম সম্পাদক(AICC general secretary) ভূপেন কুমাৰ বৰাই(Bhupen kumar Bora) বুধবাৰে ইটিভি ভাৰত(etv bharat)ক কয় যে, নিৰ্বাচনত জয় বা পৰাজয় ডাঙৰ কথা নহয় । ডাঙৰ কথা হৈছে দলটোৰ প্ৰতি থকা দায়বদ্ধতা আৰু আনুগত্যহে ।
"দলৰ আজিৰ বেয়া অৱস্থাত আমাৰে একাংশ নেতাই সংবাদ মাধ্যমৰ আগত দলৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰাটো পৰিলক্ষিত হৈছে, যিটো উচিত নহয় । তেওঁলোকক তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ মই আহ্বান জনাইছো"-এইদৰে মন্তব্য কৰি অসম প্ৰদেশ কংগ্ৰেছত ঘটি থকা এই সকলো ঘটনাক্ৰম ইতিমধ্যে হাই কমাণ্ডক অৱগত কৰিছে বুলিও জনায় ভূপেন কুমাৰ বৰাই ।
এআইচিচিৰ এগৰাকী সম্পাদক হিচাপে তেওঁ আজি কৰা এনে মন্তব্য তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে । ইপিনে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা উভয়ৰে নাম চৰ্চিত হৈ থকা সময়তে বৰাই কয় যে, যোৱা সময়চোৱাত দলে তেওঁক যি দায়িত্ব অৰ্পণ কৰিছে সেই সকলো দায়িত্ব তেওঁ কান্ধ পাতি নিষ্ঠাৰে পালন কৰিছে । গতিকে দলে যদি তেওঁক এনে এক সংকটকালত সভাপতিৰ দায়িত্বও অৰ্পণ কৰে, তেন্তে সেই দায়িত্ব পালন কৰিবলৈও তেওঁ সাজু ।
লগতে পঢ়ক : দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী