ETV Bharat / state

মুখ্যমন্ত্ৰী কোন: ৰেণুপমাৰ চিঠিয়ে জোকাৰিছে অগপ

author img

By

Published : May 6, 2021, 6:03 PM IST

অগপৰ ভিতৰচ'ৰাত জোকাৰণি তুলিছে এখন পত্ৰই । দলটোৰ বিধায়ক ৰেণুপমা ৰাজখোৱাই সভাপতি অতুল বৰাৰ হাতত অৰ্পণ কৰিছে এখন চিঠি । চিঠিত ৰেণুপমা ৰাজখোৱাই উল্লেখ কৰিছে যে আগন্তুক পাঁচ বছৰৰ বাবে অসমৰ সৰ্বাংগীণ বিকাশ আৰু অগ্ৰগতিৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাকেই অগপ বিধায়িনী দলে সমৰ্থন জনাব লাগে ।

MLA AGP
ৰেণুপমাৰ চিঠিয়ে জোকাৰিছে অগপ

গুৱাহাটী,৬ মে': বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে ? সৰ্বানন্দ সোণোৱাল নে ডঃ হিমন্ত বিশ্ব শৰ্মা ? বিগত চাৰিদিনে এই প্ৰসংগত কৌশলীভাৱে মৌনতা অৱলম্বন কৰি আহিছে মিত্ৰ দলটোৱে । যিসময়ত বিজেপিৰ আনটো মিত্ৰদল ইউপিপিএলে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাকে সমৰ্থন জনাব বুলি মুকলিকৈ প্ৰকাশ কৰিছে । তেনে সময়ত কিন্তু অগপই এই পৰ্যন্ত এৰাই চলিছে বিষয়টো ।

MLA AGP
ৰেণুপমাৰ চিঠিয়ে জোকাৰিছে অগপ

তাৰ মাজতে অগপৰ ভিতৰচ'ৰাত জোকাৰণি তুলিছে এখন পত্ৰই । দলটোৰ বিধায়ক ৰেণুপমা ৰাজখোৱাই সভাপতি অতুল বৰাৰ হাতত অৰ্পণ কৰিছে এখন চিঠি । সেই চিঠিত ৰেণুপমা ৰাজখোৱাই উল্লেখ কৰিছে যে পৰৱৰ্তী পাঁচ বছৰৰ বাবে অসমৰ সৰ্বাংগীণ বিকাশ আৰু অগ্ৰগতিৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাকেই অগপ বিধায়িনী দলে সমৰ্থন জনাব লাগে । স্বাভাৱিকতে ৰেণুপমা ৰাজখোৱাৰ এই পত্ৰই এতিয়া জোকাৰিছে অগপৰ আভ্যন্তৰ ।

বিষয়টো সন্দৰ্ভত বিশেষ কোনো ধৰণে মন্তব্য কৰিব খোজা নাই অগপৰ সভাপতি অতুল বৰাই । এই সন্দৰ্ভত ইটিভি ভাৰতে অতুল বৰাৰ সৈতে যোগাযোগ কৰাত সভাপতিগৰাকীয়ে কয় যে এদিন পূৰ্বে ৰেণুপমা ৰাজখোৱাই অগপৰ বিধায়িনী দলৰ বৈঠকত তেওঁক বন্ধ খামত চিঠি এখন দিছিল । কিন্তু এই পৰ্যন্ত অতুল বৰাই চিঠিখন পঢ়ি চাব পৰা নাই বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: ষ্টেট বেংকৰ চৰাইবাহী শাখাক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.