ETV Bharat / state

2024 Lok Sabha elections: বিজেপিৰ ওপৰত নিৰ্ভৰশীল অগপই লোকসভা নিৰ্বাচনত আশা কৰা ধৰণে নাপাব সমষ্টি !

author img

By

Published : Oct 20, 2022, 7:42 PM IST

সম্প্ৰতি আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত (2024 Lok Sabha elections) অগপই মিত্ৰদল বিজেপিৰ পৰা আশাব্যঞ্জকভাৱে লোকসভা সমষ্টি লাভ নকৰাৰ আশংকাত ভুগিছে । নিৰ্বাচনৰ বাবে বিজেপিয়ে চলোৱা কুচ-কাৱাজক লৈ এতিয়া শংকিত হৈ পৰিছে মিত্ৰ দলটো ।

AGP begins 2024 Lok Sabha poll preparations
বিজেপিৰ ওপৰত নিৰ্ভৰশীল অগপই লোকসভা নিৰ্বাচনত আশা কৰা ধৰণে নাপাব সমষ্টি !

গুৱাহাটী, ২০ অক্টোবৰ: সম্প্ৰতি আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত (2024 Lok Sabha elections) অগপই মিত্ৰদল বিজেপিৰ পৰা আশাব্যঞ্জকভাৱে লোকসভা সমষ্টি লাভ নকৰাৰ আশংকাত ভুগিছে । সমাগত লোকসভা নিৰ্বাচনত ৰাজ্যৰ মুঠ ১৪ টা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ আৰু ধুবুৰীক বাদ দি আন ১২ টা লোকসভা সমষ্টিতে পদুম ফুলৰ চিনত দলীয় প্ৰার্থী প্ৰক্ষেপ কৰাৰ বাবে বিজেপিয়ে চলোৱা কুচ-কাৱাজক লৈ এতিয়া শংকিত হৈ পৰিছে মিত্ৰদলটো ।

বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি এৰি দিছিল যদিও আঞ্চলিক দলটোৱে এটাও সমষ্টিত বিজয় সাব্যস্ত কৰিব নোৱাৰিলে । এনে প্ৰেক্ষাপটত এইবাৰ বিজেপিয়ে মিত্ৰদল অগপক কেইখন আসন এৰি দিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । ইফালে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পূৰ্বতকৈ অধিক লোকসভা সমষ্টি দখল কৰাৰ পৰিকল্পনা কৰি নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ প্ৰস্তুতি চলাইছে ।

বিজেপিৰ হাতত কিমান সুৰক্ষিত অগপ !

আনহাতে বিজেপিয়ে এইবাৰ বৰপেটা আৰু কলিয়াবৰ সমষ্টিত নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ প্ৰস্তুতি চলাইছে । ইয়াকে লৈ এতিয়া মিত্ৰদলটোৰ অভ্যন্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত অগপৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই (MLA Ramendra Narayan Kalita) কয় যে বিজেপিয়ে অগপক গ্ৰাস কৰাৰ বাবে বৰ্তমানলৈকে কোনো কুচ-কাৱাজ চলোৱা নাই । অগপই বর্তমান তৃণমূল পর্যায়ত দলটোৰ নিজা সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ বাবে যৎপৰোনাক্তি চেষ্টা চলাই আছে (AGP begins 2024 Lok Sabha poll preparations) ।

দলক সাংগঠনিকভাৱে শক্তিশালী আৰু গ্ৰহণযোগ্য কৰাটোৱেই এতিয়া অগপৰ মূল লক্ষ্য বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । কিন্তু যদিহে ভৱিষ্যতে বিজেপিয়ে অগপক ৰাজনৈতিকভাৱে গ্ৰাস কৰিব বিচাৰে তেন্তে অগপই অন্যধৰণে চিন্তা-চৰ্চা কৰিব (AGP depends on BJP) । তেওঁ লগতে কয় যে লোকসভা নিৰ্বাচনক লৈ বিজেপি আৰু অগপই আলোচনাৰ মাধ্যমেৰে সময়ত সিদ্ধান্ত ল'ব ।

লক্ষণীয় যে লোকসভাৰ ১৪ টা সমষ্টিৰ ভিতৰত ১২ টাতে বিজেপিয়ে নিজে প্ৰতিদ্বন্দিতা কৰি মিত্ৰদললৈ ২খন আসন এৰাৰ ইতিমধ্যে ইংগিত দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (BJP State president Bhabesh Kalita) । এনে প্ৰেক্ষাপটত বিজেপি বিনে গতি নোহোৱা আঞ্চলিক দল অগপই বীগব্ৰাদাৰ বিজেপিৰ মৰম বিচাৰি হাবু-ডুবু খাবলগীয়া হৈছে । সেই কথা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰা মন্তব্যত স্পষ্ট হৈছে ।

বিধায়ক কলিতাই কয় যে অগপক সা-সন্মানেৰে মৰম দি আগবঢ়াই নিয়াৰ দায়িত্ব বিজেপিৰ । অগপই বিচৰা মৰম বিজেপিয়ে দিব লাগিব । বিজেপি অবিহনে অস্তিত্বহীন অগপক বিজেপিয়ে ক্ৰমাৎ সংকোচিত কৰি আনিছে । বীগব্ৰাদাৰ বিজেপিয়ে যি দিয়ে তাতে সন্তুষ্ট হয় অগপ ।

ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ ভৱিষ্যৎ এতিয়া বিজেপিৰ ওপৰতে যে নিৰ্ভৰশীল সেয়া বিধ‍ায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অসহায় স্বীকাৰোক্তিতে প্ৰকাশ পাইছে । ২০১৯ৰ লোকসভা নিৰ্বাচনত অগপক তিনিটা সমষ্টি এৰি দিয়া হৈছিল যদিও এইবাৰ এটা নাইবা দুটা পোৱাৰ সম্ভাৱনা আছে । এটা কথা খাটাং যে বিজেপিয়ে যি দিয়ে তাতেই সন্তুষ্ট হ'ব লাগিব অগপ ।

উল্লেখ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনত ১৪খন আসনৰ ১২খনতে বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰ‍াৰ কথা ইতিমধ্যে স্পষ্ট কৰি দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । আনহাতে বাকী দুখন আসন মিত্ৰদলক দিয়া নিদিয়াৰ কথা সংগঠনৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কলিতাই সদৰি কৰিছে ।

এট‍া কথা স্পষ্ট যে বীগব্ৰাদাৰ বিজেপিয়ে ২০১৯ত অগপক কলিয়াবৰ, বৰপেটা, ধুবুৰী এৰি দিয়াৰ দৰে এইবাৰ তিনিটা সমষ্টি এৰি দিয়াৰ একেবাৰেই সম্ভাৱনা নাই ৷ তেনেস্থলত অগপই আশা কৰি থকা কলিয়াবৰ সমষ্টিটোক লৈও আহি পৰিছে বৃহৎ প্ৰশ্ন । উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত অগপক এৰি দিয়া কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিত এতিয়া বিজেপিয়ে সমাগত নিৰ্বাচনক লৈ ব্যাপক সাংগঠনিক কুচ-কাৱাজ আৰম্ভ কৰিছে ।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰপেটা লোকসভা সমষ্টিৰ বাবে সাংসদ ভুৱনেশ্বৰ কলিতাক পর্যবেক্ষক হিচাপে নিযুক্তি দিছে । দুয়োজনে ইতিমধ্যে লোকসভা সমষ্টি দুটাত বিজেপিৰ 'বুথ সশক্তিকৰণ’ কাৰ্যসূচী (Booth Strengthening Campaign) জোৰদাৰ কৰি তুলিছে । এনে পৰিস্থিতিত সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা সম্মানজনক লোকসভা সমষ্টি লাভ নকৰাৰ আশংকাত ভুগিছে মিত্ৰদল অগপ ।

ইফালে ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টি বিজেপিয়ে মিত্ৰদলক এৰি দিয়াৰ সম্ভাৱনা আছে যদিও অগপই দুয়োটা সমষ্টি পোৱাৰ সম্ভাৱনা নাই । কাৰণ কোকৰাঝাৰ সমষ্টিটো বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিব পাৰে । ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কোকৰাঝাৰ সমষ্টিটো সেইসময়ৰ মিত্ৰদল বি পি এফক এৰি দিছিল । গতিকে এইবাৰ মিত্ৰদল ইউ পি পি এলক দিব পাৰে কোকৰাঝাৰ সমষ্টিটো । তেনেস্থলত অগপৰ ভাগত পৰিব পাৰে একমাত্ৰ ধুবুৰী সমষ্টি । য'ত অগপৰ বাবে জয়ী হোৱাটো সহজ নহ'ব ।

বিজেপিয়ে ধুবুৰীক লৈ বৰ বিশেষ মূৰ ঘমোৱা নাই । দুটাকৈ কাৰ্যকাল শাসনত থকা অগপ এতিয়া আনৰ কৃপাত অস্তিত ৰক্ষা কৰিবলগীয়া হৈছে ৷ এসময়ত ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা আঞ্চলিক দলটোৰ আজিৰ এনে অৱস্থাৰ বাবে কোন জগৰীয়া ? বৰ্তমান সময়ৰ বাবে ই এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক: GU election result 2022: গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.