ETV Bharat / state

Paddy procurement in Assam: ন্যূনতম সমৰ্থিত মূল্যত দহ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য ছটা এজেন্সী - দহ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য ছটা এজেন্সী

কৃষকৰ পৰা নূনতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ বাবে ছটা প্ৰতিষ্ঠানক দায়িত্ব । আঢ়ৈ মাহত ছটা প্ৰতিষ্ঠানে ক্ৰয় কৰিছে ১,২১,৭৪২ মেট্ৰিক টন ধান । বৃহৎ প্ৰতিষ্ঠান এফ চি আইৰ ধান ক্ৰয় তুলনামূলকভাৱে আশাব্যঞ্জক নহয় । লক্ষ্যৰ ৪.০৪ লাখ মেট্রিক টন ধানৰ বিপৰীতে এই পর্যন্ত এফ চি আয়ে এতিয়ালৈকে ক্ৰয় কৰিছে ৩৫,৯১৪ মেট্ৰিক টন ধান । এতিয়ালৈকে ৰাজ্যৰ ১৪,৪৪৫ গৰাকী কৃষকে ন্যূনতম সমৰ্থিত মূল্যত ছটা এজেন্সীক ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে ।

Agencies towards procurement of ten lakh metric tonnes of paddy at MSP
ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয় কৰিবলৈ ছটা প্ৰতিষ্ঠানক দায়িত্ব
author img

By

Published : Jan 25, 2023, 1:54 PM IST

গুৱাহাটী, ২৫ জানুৱাৰী: ৰাজ্য চৰকাৰে কৃষকক উচিত দাম লাভ কৰিব পৰাকৈ এই বছৰো ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয় কৰিবলৈ ছটা প্ৰতিষ্ঠানক দায়িত্ব দিছে (Paddy procurement in Assam)। সেই অনুসৰি আৰম্ভ হৈছে কৃষকৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়া । এই বছৰ প্ৰায় ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । বিগত আঢ়ৈ মাহত আশানুৰূপ ধান ক্ৰয় কৰা হৈছে যদিও ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় আশাব্যঞ্জক নহয় ।

বৃহৎ প্ৰতিষ্ঠান ভাৰতীয় খাদ্য নিগমে (এফ চি আই) চলিত বছৰতো যে কৃষকৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ ধান ক্ৰয় নকৰে সেই কথা স্পষ্ট হৈ পৰিছে । ৰাজ্য চৰকাৰে এই বছৰো ১০ লাখ মেট্ৰিক টন ধান কুইণ্টলে প্ৰতি ২০৪০ টকা দামত ক্ৰয় কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে । সেই লক্ষ্যৰ ভিতৰত বিগত আঢ়ৈ মাহত ছটা প্ৰতিষ্ঠানে ক্ৰয় কৰিছে ১,২১,৭৪২ মেট্ৰিক টন ধান । ধান কৃষকৰ পৰা ক্ৰয় কৰিবলৈ নিৰ্দিষ্ট লক্ষ্য প্ৰতিষ্ঠানসমূহক বান্ধি দিয়া হৈছে যদিও ক্ৰয় কেন্দ্ৰ যিমান স্থাপন হ'ব লাগিছিল সিমান ক্ৰয় কেন্দ্ৰ স্থাপন হোৱা নাই ।

Agencies towards procurement of ten lakh metric tonnes of paddy at MSP
ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয় কৰিবলৈ ছটা প্ৰতিষ্ঠানক দায়িত্ব

এফ চি আইক মুঠ ৪.০৪ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছে । কিন্তু দেশৰ সৰ্ববৃহৎ প্ৰতিষ্ঠানটোৱে এই পর্যন্ত বিভিন্ন জিলাত মাত্ৰ ৫৯ টাহে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে । আনহাতে এফ চি আয়ে এতিয়ালৈকে ক্ৰয় কৰিছে ৩৫,৯১৪ মেট্ৰিক টন ধান । এফালে ধান ক্ৰয় কৰি কৃষকক উচিত দাম দিবলৈ চৰকাৰে ঠিক কৰিছে যদিও কৃষকে ভঁৰালৰ ধান বিক্ৰী কৰিবলৈ বিচাৰি পোৱা নাই ক্ৰয় কেন্দ্ৰ ।

বিগত বৰ্ষটো ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য লোৱা হৈছিল যদিও প্ৰায় ৫৬ শতাংশহে ধান ক্ৰয় কৰাত অধিকাংশ কৃষক উপকৃত নহ’ল । সমগ্ৰ ৰাজ্যখনত এতিয়ালৈকে মাত্ৰ ১৯৩ টাহে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে । অসম খাদ্য আৰু অসামৰিক নিগমে এই বছৰ এফ চি আইতকৈ অধিক ধান ক্ৰয়ৰ দায়িত্ব লাভ কৰিছে । ৰাজ্য চৰকাৰৰ অধীনস্থ এই প্ৰতিষ্ঠানটোৱে ৪.১৬ লাখ মেট্ৰিক টন ধান ন্যূনতম সমৰ্থিত দামত ক্ৰয় কৰাৰ দায়িত্ব লাভ কৰিছে ।

ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানটোৱে এফ চি আইতকৈ বেছি অর্থাৎ ৮৫ টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে । আনহাতে অসম খাদ্য আৰু অসামৰিক নিগমে এতিয়ালৈকে ৭১,২০০ মেট্ৰিক টন ধান ক্ৰয় কৰিছে । ইফালে এতিয়ালৈকে ৰাজ্যৰ ১৪,৪৪৫ গৰাকী কৃষকে ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে ।

আনহাতে ন্যূনতম সমৰ্থিত দামত হোজাই জিলাতে সৰ্বাধিক ১.৪৫ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হ’ব । তাৰ পাছতে নগাঁও জিলাত ১.৪২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হ’ব । ইয়াৰ বিপৰীতে উজনি অসমৰ জিলাসমূহৰ পৰা অতি সামান্য পৰিমাণৰ ধানহে প্ৰতিষ্ঠান সমূহে ক্ৰয় কৰিব । ডিব্ৰুগড় জিলাৰ পৰা মাত্ৰ ১৩ হাজাৰ মেট্ৰিক টন, শিৱসাগৰৰ পৰা ১৪ হাজাৰ মেট্ৰিক টন, যোৰহাটৰ পৰা ১৮ হাজাৰ মেট্ৰিক টনহে ধান কিনাৰ লক্ষ্য বান্ধি দিয়া হৈছে প্ৰতিষ্ঠানসমূহক ।

ধান চপোৱাৰ আঢ়ৈ মাহ অতিক্ৰম কৰাৰ সময়ত ন্যূনতম সমৰ্থিত দামত প্ৰতিষ্ঠানসমূহে আশানুৰূপভাৱে ধান ক্ৰয় কৰিছে যদিও আগন্তুক সময়ত লক্ষ্যত উপনীত হ’ব পাৰিব নে নাই সেয়া সময়েহে ক’ব । উল্লেখ্য যে বর্তমান ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধানৰ বিপৰীতে এম এছ পি নিৰ্ধাৰণ কৰিছে ২,০৪০ টকা । বজাৰ মূল্যতকৈ অধিক দৰত ধান বিক্ৰীৰ সুযোগ লাভ কৰিয়েই বিগত বৰ্ষত যোগান বিভাগক ধান বিক্ৰী কৰি লাভৱান হৈছে ৪০,০৪৩ জন কৃষক ।

আনহাতে ধান বিক্ৰীৰ জৰিয়তে এইসংখ্যক কৃষকে লাভ কৰিছে ১,০৯৭,৩৩,৯৬,৬০০ টকা । যোগান বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ২১৫ টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে বিগত বৰ্ষত কৃষকে বিক্ৰী কৰিছে ৫.৬৫ লাখ মেট্ৰিক টন ধান । যোগান বিভাগে বিগত বৰ্ষসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি ২০২১-২২ বৰ্ষত ধান ক্ৰয়েৰে ইতিহাস ৰচনা কৰিছিল । ইয়াৰ ফলত লাভৱান হৈছিল ৰাজ্যৰ কৃষকসকল ।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষত ৰাজ্যৰ ৮৫ শতাংশ ধান খেতি কৰা কৃষকক ধান ক্ৰয়ৰ এই প্ৰক্ৰিয়াত সাঙুৰি লোৱা হৈছে । অৰ্থাৎ ৰাজ্যখনৰ ২৭.৫০ লাখ কৃষকৰ অধিকাংশ কৃষকেই বিগত বৰ্ষত ধান বিক্ৰীৰ জৰিয়তে সৰ্বাধিক লাভৰ সন্মুখীন হৈছে । বিগত বৰ্ষত টাৰ্গেট আছিল ১০,০৩,২০০ মেট্ৰিক টন । ছটা এজেঞ্চিয়ে লক্ষ্যৰ ৫৬.৩৫ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয় ।

ইয়াৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত গৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ( এ এফ চি এছ চি এল) ১০০.৩৭ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে ২০২৬ চনত ২৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । অৱশ্যে চৰকাৰে সেই লক্ষ্যত উপনীত হ’ব পাৰিব নে নাই সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক: Paddy procurement centre : মাকুমত বিধায়ক বলীন চেতিয়াই মুকলি কৰিলে ধান ক্ৰয় কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.