ETV Bharat / state

প্ৰায় ২৫ ঘন্টা পাচত ঘৰৰ পৰা ওলাই আহিল মহানগৰবাসী

author img

By

Published : Mar 23, 2020, 11:02 AM IST

Updated : Mar 23, 2020, 11:35 AM IST

প্ৰায় ২৫ ঘন্টা পাচত ঘৰৰ পৰা ওলাই আহিল মহানগৰবাসী। অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ ওলাই আহিল গুৱাহাটীবসী। দেওবাৰে জনতা কাৰ্ফিউ পালন কৰি ঘৰতে আবদ্ধ হৈ আছিল ৰাইজ।

janata curfew
প্ৰায় ২৫ ঘন্টা পিচত ঘৰৰ পৰা ওলাই আহিল মহানগৰবাসী

গুৱাহাটী, 23 মাৰ্চ : সোমবাৰে পুৱা ৮ বজাৰ পিছত ৰাজপথলৈ ওলাই আহিল মহানগৰবাসী । দেওবাৰ পুৱা ৭ বজাৰ পৰা সোমবাৰ পুৱা ৮ বজালৈ ২৫ ঘণ্টা ঘৰতে আবদ্ধ হৈ আছিল মহানগৰবাসী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ দেওবাৰে দেশবাসীক আহ্বান জনাইছিল জনতা কাৰ্ফিউ পালন কৰিবলৈ। সমগ্ৰ দেশৰ ৰাইজৰ লগতে মহানগৰবাসীয়েও প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনায় দেওবাৰ পুৱা ৭ বজাৰ পৰা গৃহবন্দী হৈ আছিল।

প্ৰধানমন্ত্ৰীয়ে দেওবাৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা কাৰ্ফিউ পালন কৰিবলৈ আহ্বান জনাইছিল যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা কাৰ্ফিউৰ সময় সোমবাৰৰ পুৱা ৮ বজালৈ বৃদ্ধি কৰিছিল । ২৫ ঘণ্টা গৃহবন্দী হৈ থকাৰ পাচত সোমবাৰে মহানগৰীৰ বিভিন্ন বজাৰ সমূহলৈ ৰাইজ ওলাই আহি ব্যস্ত হৈ পৰে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাত। দেওবাৰে স্তব্ধ হৈ পৰা ৰাজপথ সমূহতো দেখা পোৱা যায় কিছু লোকৰ সমাগম।

প্ৰায় ২৫ ঘন্টা পাচত ঘৰৰ পৰা ওলাই আহিল মহানগৰবাসী

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে । ভাৰতবর্ষতো প্রায় সংখ্যক ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমিত হৈছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমানলৈকে এজনো ব্যক্তিৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই যদিও ৰাইজে সম্পূৰ্ণ সজাগতা আৰু সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : গ' কৰ'ণা : এটা সন্ধ্যা জৰুৰীকালীন সেৱাত নিয়োজিতসকলৰ নামত.....

Last Updated : Mar 23, 2020, 11:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.