ETV Bharat / state

সেৱাব্ৰত বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ অভিজিৎ ভট্টাচাৰ্য, প্ৰস্তুতি পৰাশৰৰ

author img

By

Published : Jan 24, 2021, 9:03 PM IST

প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱা দেহাৱসানে ভ্ৰাম্যমাণৰ জগতখনত এক অপূৰণীয় ক্ষতি কৰিলে ৷ এই মন্তব্য কৰে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, সেৱাব্ৰত বৰুৱাই এচাম দৰ্শকৰ সৃষ্টি কৰাৰ বাবেই আজিৰ নাট্যকাৰ সকলে নাটক লিখিবলৈ সক্ষম হৈছে ৷

As-ghy-sewabrat-baruah-death-vis-as10003
সেৱাব্ৰত বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ অভিজিৎ ভট্টাচাৰ্য, প্ৰস্তুতি পৰাশৰৰ

গুৱাহাটী,24 জানুৱাৰী: দেওবাৰে পুৱা 5:30 বজাত দেহাৱসান ঘটে বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত নাট্যকাৰ হিচাপে সুখ্যাতি অৰ্জন কৰা সেৱাব্ৰত বৰুৱাৰ মৃত্যুৱে নাট্যপ্ৰেমীৰ লগতে সমগ্ৰ ভ্ৰাম্যমান জগততে শোকৰ ছাঁ পেলাইছে ৷ নাট্যকাৰ সেৱাব্ৰত বৰুৱা দেহাৱসানে ভ্ৰাম্যমাণৰ জগতখনত এক অপূৰণীয় ক্ষতি কৰিলে ৷ এই মন্তব্য কৰে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, সেৱাব্ৰত বৰুৱাই তেতিয়াৰ দিনতে নিজৰ লিখনিৰে এচাম দৰ্শকৰ সৃষ্টি কৰাৰ বাবেই আজিৰ নাট্যকাৰ সকলে নাটক লিখিবলৈ সক্ষম হৈছে ৷

ইয়াৰ উপৰিও অভিনেত্ৰী প্ৰস্তুতি পৰাশৰেও সেৱাব্ৰত বৰুৱাৰ বিয়োগত শোক প্ৰকাশ কৰি কয়, সেৱাব্ৰত বৰুৱাৰ নাটকে দৰ্শকৰ মাজত এক বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও প্ৰয়াত নাট্যকাৰ গৰাকী তেওঁৰ ঘৰুৱা সদস্যৰ দৰে থকা বুলিও মন্তব্য কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷

উল্লেখ্য যে, দখল, চৰকাৰ-চকীদাৰ আৰু চোৰ, ৰং কিনিব কোনে, লটকনৰ লটিঘটি, অবুজ দৰা-অচিন কইনা ইত্যাদি নাটকৰ জৰিয়তে দৰ্শকৰ মন জয় কৰা নাট্যকাৰ গৰাকীৰ বিগত বৰ্ষৰ শেষৰফালে মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ উভতি অহাৰ পাচত পুনৰ অসুস্থ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত বৃক্ক বিকল হোৱাৰ তথ্য পোহৰলৈ আহে ৷ তেখেতক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে পুৱা সকলোকে কন্দুৱাই নাট্যকাৰ গৰাকীয়ে পৃথিৱীৰ পৰা বিদায় মাগে ৷

লগতে পঢ়ক-গুৰু দত্তৰ আত্মজীৱনীক লৈ চৰ্চাত আমিৰ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.