ETV Bharat / state

সুধাকণ্ঠক দীঘলীপুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি নৱম সংখ্যক মৃত্যু দিৱস ৷ সেই উপলক্ষে বিভিন্ন কার্যসূচীৰ মাজেৰে শদিয়াৰ পৰা ধুবুৰীলৈ অজস্ৰ গুণমুগ্ধই স্মৰণ কৰে প্ৰিয় শিল্পীগৰাকীক ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলেও মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সুধাকণ্ঠক শ্ৰদ্ধা নিবেদন কৰে ৷

author img

By

Published : Nov 5, 2020, 7:06 PM IST

AASU tribute to Bhupen Hazarika guwahati assam etv bharat news
সুধাকণ্ঠক স্মৰণ

গুৱাহাটী,5 নৱেম্বৰ: মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বৃহস্পতিবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে ৷ আছুৰ উপদেষ্টা গৰাকীয়ে ৰাজ্য চৰকাৰে সুধাকণ্ঠক কৰ্মৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱা উচিত বুলি কৈ 6 টাকৈ পৰামৰ্শ আগবঢ়ায় । ভট্টাচাৰ্যই কয়, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ বিষয়ে যুৱ প্ৰজন্মক পৰিচয় কৰাই দিবলৈ হ’লে বিদ্যালয়ৰ পাঠ্যক্ৰমত হাজৰিকাৰ বিষয়ে বিশদভাৱে অন্তৰ্ভূক্ত কৰিব লাগিব ৷ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সৃষ্টি ৰাজি যাতে সমগ্ৰ বিশ্বৰ বোধগম্য হয় তাৰ বাবে এটা গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিব লাগে । উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী ৰে’ল ষ্টেচনটো ড৹ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে ড৹ ভট্টাচাৰ্যই ৷ বিশিষ্ট শিল্পীগৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণ আৰু চিৰ যুগমীয়া কৰিবলৈ হ’লে টাইম কেপচুলৰ ব্যৱস্থা কৰিব লাগিব । ড৹ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰখন অতি আহল-বহলকৈ নিৰ্মাণ কৰাৰো ব্যৱস্থা কৰিব লাগে ৷ লগতে নৱ প্ৰজন্মক হাজৰিকাৰ সৃষ্টিৰাজিৰ প্ৰতি আকৃষ্ট তথা পৰিচয় কৰাই দিবলৈ হ’লে গ্ৰামাঞ্চলত সুধাকণ্ঠৰ নামেৰে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগিব বুলি ড৹ ভট্টাচাৰ্যই ৰাজ্য চৰকাৰক আহ্বান জনায় ।

সুধাকণ্ঠক স্মৰণ

উল্লেখ্য যে, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অংশগ্ৰহণ কৰে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সভাপতি দীপাংক কুমাৰ নাথে ৷ ছাত্ৰ সংগঠনটোৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানৰ সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত ছাত্ৰ-ছাত্ৰী, বিশিষ্ট নাগৰিক তথা ৰাইজে 2000 বন্তি প্ৰজ্বলনেৰে স্মৰণ কৰে সুধাকণ্ঠক ৷

লগতে চাওকঃ সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.