ETV Bharat / state

আপৰ বিজয়োৎসৱৰ ধ্বনি গুঞ্জৰিত হ’ল গুৱাহাটীলৈ

author img

By

Published : Feb 12, 2020, 8:42 AM IST

দিল্লীৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত বিজয়োৎসৱ পালন কৰে কৰে আপ সমৰ্থক তথা দলীয় কৰ্মীয়ে ৷ গুৱাহাটীতো আপৰ নেতা কৰ্মী তথা সমৰ্থকে এই বিজয় পালন কৰি ৰাজপথত বাহিৰ কৰে ৰেলী ৷ আপৰ নেতা কৰ্মী তথা দলীয় সমৰ্থকে কয় যে এয়া গণতন্ত্ৰৰ জয় ৷ অৰবিন্দ কেজৰিৱালৰ সন্মূখত সেও মানিবলৈ বাধ্য হ’ল বিজেপি ৷

AAP winning celebretaion in Guwahati
আপৰ বিজয়োৎসৱৰ ধ্বনি গুঞ্জৰিত হ’ল গুৱাহাটীলৈ

গুৱাহাটী, 12 ফেব্ৰুৱাৰীঃ পুনৰ দিল্লী দখল আম আদমী পাৰ্টীৰ ৷ দিল্লী বিধানসভা নিৰ্বাচনৰ 70 খন আসনৰ প্ৰত্যাশিতভাৱে 62 খন আসন দখল কৰিবলৈ সক্ষম হোৱা আপৰ দলীয় কৰ্মী স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ৷ দিল্লীৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত বিজয়োৎসৱ পালন কৰে কৰে আপ সমৰ্থক তথা দলীয় কৰ্মীয়ে ৷ গুৱাহাটীতো আপৰ নেতা কৰ্মী তথা সমৰ্থকে এই বিজয় পালন কৰি ৰাজপথত বাহিৰ কৰে ৰেলী ৷ আপৰ নেতা কৰ্মী তথা দলীয় সমৰ্থকে কয় যে এয়া গণতন্ত্ৰৰ জয় ৷ অৰবিন্দ কেজৰিৱালৰ সন্মূখত সেও মানিবলৈ বাধ্য হ’ল বিজেপি ৷

দিল্লী নিৰ্বাচনত আপৰ আহ্বানক দিল্লীবাসীয়ে গুৰুত্ব দিলে ৷ দিল্লী নিৰ্বাচনৰ জয় গনতন্ত্ৰপ্ৰেমী ৰাইজৰ জয় । এই বিজয়ৰ পিচত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আপৰ অসমৰ বিষয়ববীয়াই এই মন্তব্য কৰে ৷ তেওঁলোকে আৰু কয় যে অসমতো আপৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে কাম-কাজ কৰি থকা হৈছে । লগতে জিলা সমিতি, পৌৰ সমিতি গঠনৰ বাবেও সকলো ব্যৱস্থা হাতত লোৱা হৈছে । বিশেষকৈ অহা বৰ্ষত অসমত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ ভেটি মজবুত কৰিবলৈ ব্যৱস্থা হাতত লৈছে বুলি সংবাদমেলত এই মন্তব্য কৰে । সংসদত অসমৰ আঞ্চলিক দলে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ভোট দিয়াৰ বিপৰীতে আম আদমী পাৰ্টিৰ সদস্যই ইয়াৰ বিৰোধিতা কৰিছে । সেয়ে অসমত বিকল্প ৰাজনৈতিক দল হিচাপে আম আদমী পাৰ্টিয়ে হোৱাৰো সম্ভাৱনাৰ কথা উল্লেখ কৰে অসমৰ নেতৃবৰ্গই ।

আৰু পঢ়কঃজয়ৰ পাচতে কেজৰিৱালক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.